উত্তৰ-পূব

নগা সমস্যাৰ সমাধানৰ বাবে চৰকাৰে গঠনৰ কৰিব ৰাজনৈতিক পৰিক্ৰমা সমিতি

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ বিগত ৫বছৰ ধৰি স্থবিৰ হৈ পৰা ৭দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে চলিত বিধানসভা অধিবেশনত নেইফিঅ ৰিঅ চৰকাৰে গঠন কৰিব সৰ্বদলীয় এখন ৰাজনৈতিক পৰিক্ৰমা সমিতি (পিএচি)। ৰাজধানী ক'হিমাত ৯ মে’ত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বৈঠকত চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সকলো ৰাজনৈতিক দলৰ মন্ত্ৰী পৰিষদ আৰু বিধানসভাৰ নেতাসকলক লৈ এখন ৰাজনৈতিক পৰিক্ৰমা সমিতি(পিএচি) গঠন কৰাৰ সিদ্ধান্ত লৈছে।

যাতে নাগালেণ্ড বিধানসভাই দীৰ্ঘদিনীয়া ভাৰত-নগা ৰাজনৈতিক বিষয়টোৰ সমাধান বিচাৰি উলিয়াব পৰা যায়। মঙলবাৰে এই কথা প্ৰকাশ  কৰি নাগালেণ্ড চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কে জি কেনিয়ে বিধানসভাৰ সকলো দলৰ নেতাক নিৰ্দেশ দিয়ে যে তেওঁলোকে নিজ নিজ দলীয় সংগঠনৰ সৈতে আলোচনা কৰি ৰাজনৈতিক পৰামৰ্শদাতা সমিতি (পিচিচি) গঠনৰ কাম আৰম্ভ কৰে।

যাতে নাগা সমস্যাৰ সমাধানৰ  বিষয়সমূহ মোকাবিলা কৰিব পাৰে। কেনিয়ে কয় যে নগা ৰাজনৈতিক সমস্যা আগতীয়া আৰু সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ বাবে সহমতৰ সন্ধানত সৰ্বদলীয় বিৰোধীবিহীন চৰকাৰে আগুৱাই নিয়াৰ বাবে পুনৰবাৰ এই কাম আৰম্ভ কৰা হৈছে।

পিচিচিসমূহ গঠন কৰা সন্দৰ্ভত কেনিয়ে কয় যে ই হ’ব ১০ জন আৰু তাতকৈ অধিক বিধায়কৰ বাবে সাতজনীয়া কমিটি। পাঁচজন আৰু তাৰ ওপৰৰ বাবে পাঁচজনীয়া কমিটি। এজন বিধায়ক আৰু তাৰ ওপৰৰ বাবে তিনিজনীয়া কমিটী আৰু নিৰ্দলীয় বিধায়কৰ বাবে আহ্বায়ক আৰু সহ আহ্বায়ক হ’ব।

বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত চোৱাচিতা কৰা আৰু ৰাজনৈতিক পৰামৰ্শদাতা সমিতিৰ তালিকাখন অতি সোনকালে সংসদীয় পৰিক্ৰমা মন্ত্ৰীক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বাজেট ভাষণত নগা ৰাজনৈতিক সমস্যাৰ সমাধান নিশ্চিত কৰাৰ বাবে তেওঁৰ চৰকাৰে পুনৰ প্ৰচেষ্টা চলাব দৃঢ়তাৰে আশ্বাস দিছিল। 

৯ মে’ত বৈঠকত ৰিঅৱে কয় যে ২০১৫ চনৰ ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট আৰু ২০১৭ চনৰ ১৭ নৱেম্বৰত এন এন পি জিৰ সৈতে চুক্তিবদ্ধ স্থিতি স্বাক্ষৰিত হোৱাৰ লগে লগে জনসাধাৰণৰ মাজত অতি সোনকালে শান্তি চুক্তি হ’ব বুলি আশাৰ সৃষ্টি হৈছে৷ কিন্তু এন এছ চি এন আই এমে নাগালিমৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবীত অটল হৈ ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজত চলি থকাত নগা শান্তি আলোচনা স্থবিৰ হৈ পৰে‌।

এই সন্দৰ্ভত তেওঁ ভাৰত চৰকাৰ আৰু নগা ৰাজনৈতিক গোটকে ধৰি জড়িত সকলো পক্ষকে, অতি সোনকালে সন্মানজনক, গ্ৰহণযোগ্য আৰু  সমাধানত উপনীত হ’বলৈ আহ্বান জনায়।