কিছামাৰ নগা হেৰিটেজ ভিলেজত জীপাল হৰ্ণবিল মহোৎসৱঃ মুগ্ধ হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটক... 
উত্তৰ-পূব

কিছামাৰ নগা হেৰিটেজ ভিলেজত জীপাল হৰ্ণবিল মহোৎসৱঃ মুগ্ধ হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটক...

Asomiya Pratidin

ডিজিটেল সংবাদ ডিমাপুৰঃ নগা ঐতিহ্য গাঁও কিছামাৰ বাকৰিত দহদিনীয়া কৈ অনুষ্ঠিত হৈ থকা হৰ্নবিল উৎসৱৰ আজি তৃতীয় দিনা নগাসকলৰ পুৰাতন বৰ্ণয়ম লোক নৃত্য- গীতত উদ্ভাসিত হৈ পৰে । আংগামীসকলৰ পুৰাতন ভূমি কিছামাৰ শীতৰ মায়াময় পৰিবেশত নগাসকলৰ লোকনৃত্য আৰু সংগীত, থলুৱা খেলৰ আয়োজন কৰা হয়।

লোকনৃত্য, লোকগীত, নগা খাদ্য, নগা হস্তশিল্প আৰু অন্যান্য পৰম্পৰাগত কাম-কাজৰ জৰিয়তে নগা জনগোষ্ঠীৰ চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা হয়। আও নগাৰ যুদ্ধ নৃত্যত আৰু লোক নৃত্যত মুগ্ধ হৈ পৰে বিশ্ব বিভিন্ন দেশৰ পৰ্যটকসকল।

আনহাতে কিছামাৰ জনজাতীয় গাঁৱত নিৰ্মাণ কৰা প্ৰতিটো নগা জনগোষ্ঠীৰ মুৰং ঘৰত প্ৰদৰ্শিত ৰঙীন পোছাকৰ লোককৃষ্টিৰ ছন্দময় নৃত্য উপভোগ আৰু পৰম্পৰাগত ৰাইচ বীয়েৰ, জনজাতীয় খাদ্যৰ সোৱাদ ল'বলৈ পৰম্পৰাগত খাদ্যৰ বিপনীত হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে । পথৰ দুয়োকাষে শাৰী শাৰীকৈ গঢ়ি তোলা বেম্বো হাটত বিপননৰ বাবে ৰখা হৈছে বিভিন্ন জনগোষ্ঠীৰ হস্তশিল্প, পৰম্পৰাগত ৰঙীণ পোছাক, আৰু চিত্ৰ ।

আজি হৰ লেফটেনেণ্ট জেনেৰেল পি চি নাইৰে মুখ্য অতিথি হিচাপে শোভা বঢ়ায়। আনহাতে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ শ্বাৰিংগাইন লংকুমাৰ আৰু কৃষিৰ উপদেষ্টা ম্হাথুং ইয়ান্থনে ক্ৰমে আয়োজক আৰু সহ-আয়োজক হিচাপে উপস্থিত থাকে।

ভাষণত লেফটেনেণ্ট জেনেৰেল নাইৰে নাগালেণ্ডৰ পৰম্পৰাৰ সজীৱতাক প্ৰশংসা কৰে। লগতে নাগালেণ্ডৰ শান্তি আৰু সমৃদ্ধি বজাই ৰখাৰ বাবে অসম ৰাইফলছৰ দায়বদ্ধতাৰ আশ্বাস দিয়ে।

লেফটেনেণ্ট জেনেৰেল নাইৰে অসম ৰাইফলছে ৰাজ্যখনৰ বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে, য’ত দূৰৱৰ্তী অঞ্চলৰ পৰা অহা ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসা আৰু অভিযান্ত্ৰিক বিষয়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া এক উদাৰ প্ৰকল্পকে ধৰি এক উদাৰ প্ৰকল্পৰ ওপৰত আলোকপাত কৰে।

আজি সাংস্কৃতিক উৎসৱত আংগামী, চাং, গাৰো, আও, টিখিৰ, চাখেছাং, কুকি, কনিয়াক আৰু খিয়ামনুংগান জনজাতিক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক দলৰ পৰম্পৰাগত নৃত্য আৰু গীতৰ প্ৰদৰ্শন কৰা হয়। বিয়লিৰ অধিৱেশনত মুখ্য অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অংশগ্ৰহণ কৰে।

জনস্বাস্থ্য অভিযান্ত্ৰিক আৰু সহযোগিতা মন্ত্ৰী জেকব জিমোমি আয়োজক আৰু প্ৰিন্টিং আৰু ষ্টেচনাৰীৰ উপদেষ্টা, ক্ৰ’পল ভিটছু সহ-আয়োজক আছিল। এই অধিবেশনত লোথা, ফোম, পচুৰি, ৰেংমা, চাংটাম, চুমি, কছাৰী, য়িমখিউং আৰু জেলিয়াং জনজাতিৰ সাংস্কৃতিক গীত আৰু নৃত্য প্ৰদৰ্শন কৰা হয়।।

ইফালে শনিবাৰে ক'হিমাৰ কেপিটেল কালচাৰেল হলত অনুষ্ঠিত মিছ হৰ্ণবিল ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালেত মেঘালয়ৰ ৰেচেল ৰিমেইয়াকা জ্যৰৱাক মিছ হৰ্ণবিল ইণ্টাৰনেশ্যনেল ২০২৩ হিচাপে বিজয়ী হয়।

মিছ ইণ্টাৰনেচনেল হৰ্ণবিল প্ৰাপক জ্যৰৱাই উপহাৰৰ হেম্পাৰৰ লগতে ২ লাখ টকা লাভ কৰে। অৰুণাচল প্ৰদেশৰ তনুছা গগৈয়ে প্ৰথম ৰানাৰ্ছ আপৰ স্থান দখল কৰে। নাগালেণ্ডৰ ভেজোটোলু শ্বিজোহক দ্বিতীয় ৰানাৰ্ছ আপ ঘোষণা কৰা হয়।

ৰানাৰ্ছ আপক ক্ৰমে ১.৫০ লাখ আৰু ১ লাখ টকা প্ৰদান কৰা হয়। গ্ৰেণ্ড ফিনালেত বিশেষ অতিথি হিচাপে উপস্থিত থাকে পৰ্যটন আৰু উচ্চ শিক্ষা মন্ত্ৰী টেমজেন ইমনা আলঙে।