উত্তৰ-পূব

মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃচুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে অসম ৰাইফলছে। আইজলত গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছে এখন TATA YODHA বাহনত তালাচী চলাই জব্দ কৰে ১৬,৫ ০০ ডাল ডিটেনেটৰ।

১৬৫ টা পেকেটৰ পৰা জব্দ কৰা হয় ডিটেনেটৰসমূহ। প্ৰতিটো পেকেটত ১০০ ডাল কৈ আছে ডিটেনেটৰ। লগতে ৯৯৩ ছেমি চেফটি ফিউজো জব্দ কৰা হয়। এই বিষ্ফোৰক সামগ্ৰী সৰবৰাহৰ অভিযোগত অসম ৰাইফলছে লালৰুনা মাইয়া নামৰআইজলৰ এজন সৰবৰাহকাৰীক আটক কৰিছে।