উত্তৰ-পূব

মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মণিপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।‌ অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই থৌবাল জিলাৰ ফৌওঐবি এলেকাৰ পৰা জব্দ কৰে মাৰণাস্ত্ৰসমূহ।

উক্ত অভিযান কালত ম্যানমাৰত নিৰ্মিত ১টা MA-3 Aslt Rifle, ১টা  RPG Shell, ২টা 81mm Mortar Shell,৩টা Detonator, ৩টা 36 HE  Hand Grenade, ১টা IED, ৪টা tear smoke shell‌সহ বুজন পৰিমাণৰ সতেজ গুলি আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে।