উত্তৰ-পূব

ত্ৰিপুৰাত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

Asomiya Pratidin
  • ত্ৰিপুৰাত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ। 

  • উত্তৰ ত্ৰিপুৰা জিলাৰ পুৰণা ৰাজবাৰী থানাৰ  অন্তৰ্গত বাৰদজ লেক এলেকাৰ পৰা জব্দ ১ কুইন্টল ১৮ কেজি গাঞ্জা।

  • গোপন তথ্যৰ ভিত্তিত  পি আৰ বাৰী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে দুপৰীয়া বাৰদজ লেক এলেকাত অভিযান চলায়।

  • অভিযানকালত শতাধিক গাঞ্জাৰ পেকেট জব্দ কৰে।

  • পেকেট কেইটাৰ পৰা মুঠ ১১৮ কেজি গাঞ্জা জব্দ। 

  • অৱশ্যে উক্ত অভিযানত কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে।

  • জব্দকৃত গাঞ্জাখিনি থানালৈ আনি চি আৰ পি চিৰ ১০২ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ আৰক্ষীৰ।