আজিৰে পৰা ৪ দিনীয়াকৈ BSF আৰু BGBৰ মাজত আইজি পৰ্যায়ৰ সমন্বয় সন্মিলন... 
উত্তৰ-পূব

আজিৰে পৰা ৪ দিনীয়াকৈ BSF আৰু BGBৰ মাজত আইজি পৰ্যায়ৰ সমন্বয় সন্মিলন...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ আজিৰে পৰা চাৰি দিনীয়াকৈ শ্বিলঙত আৰম্ভ হৈছে বিএছএফৰ আই জি আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশ চমুকৈ বিজিবিৰ আঞ্চলিক কমাণ্ডাৰ পৰ্যায়ৰ সমন্বয় সন্মিলন। শ্বিলঙৰ আম্পলিঙত আয়োজিত দ্বি বাৰ্ষিক এই গুৰুত্বপূৰ্ণ সন্মিলনখনত ভাৰত আৰু বাংলাদেশৰ সীমান্ত সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব।

বিশেষকৈ, সীমান্ত অতিক্ৰম কৰা অপৰাধৰ বিৰুদ্ধে যৌথ প্ৰচেষ্টা, ভাৰত- বাংলাদেশ সীমান্ত অঞ্চলৰ বাকী থকা উন্নয়নমূলক কাম-কাজ আৰু অবৈধ সীমা অতিক্ৰম ৰোধৰ ব্যৱস্থাকে ধৰি ফলপ্ৰসূ সীমান্ত ব্যৱস্থাপনাৰ বাবে পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব। সোমবাৰে বাংলাদেশৰ পৰা অহা ১৩ জনীয়া প্ৰতিনিধি দলটোক মেঘালয়ৰ ডাউকী সীমান্তত উষ্ম আদৰণি জনায় বিএছএফৰ জ্যেষ্ঠ বিষয়া সকলে।

শ্বিলঙত অনুষ্ঠিত এই সমন্বয় সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ বাংলাদেশৰ ১৩ জনীয়া বিজিবিৰ দল এটা শ্বিলঙত উপস্হিত হৈছে। বিজিবিৰ এই প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে চট্টগ্ৰামৰ দক্ষিণ-পূব অঞ্চলৰ ৰিজ'ন কমাণ্ডাৰ তথা অতিৰিক্ত সঞ্চালক প্ৰধান ম: ছাজেদুৰ ৰহমানে।

আনহাতে, বিএছএফৰ হৈ ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে বিএছএফ' ৰ ত্ৰিপুৰা সীমান্তৰ মহা পৰিদৰ্শক (আই জি) পেটেল পীযুষ পুৰুষোত্তম দাসে। ভাৰতীয় প্ৰতিনিধি দলটোত বি এছ এফৰ মেঘালয়, শিলচৰ আৰু ত্ৰিপুৰা সীমান্তৰ আন ১২ জন সদস্যও উপস্হিত থাকিব।

তদুপৰি, এম এইছ এ, এম ই এ আৰু এন চি বিৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব। ৪ জুলাইত দুয়োখন দেশৰ প্ৰতিনিধি দলৰ নেতৃবৰ্গই যৌথ আলোচনাৰ অভিলেখ (জইন্ট ৰেকৰ্ড অফ ডিচকাছন) স্বাক্ষৰ কৰি সন্মিলনৰ শিখৰত উপনীত হ’ব।