অশান্ত জৰ্জৰ মণিপুৰত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ... 
উত্তৰ-পূব

অশান্ত জৰ্জৰ মণিপুৰত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ‌ বিৰুদ্ধে অভিযান‌ অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।‌ অশান্ত ৰাজ্যখনৰ কাংপকপি জিলাৰ লৈছিং ৰিডজ এলেকাত অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ।

জানিব পৰা মতে এই অভিযানত এটা ইম্প্ৰ'ভাইজড ৭.৬২ এম এম এছ এল আৰ, এটা ইম্প্ৰ'ভাইজড ৯ এম এম চি এম জি, এটা ১২ ব'ৰ ছিংগল বেৰেল ৰাইফল, দুটা ম'ৰ্টাৰ, যথেষ্ট সংখ্যক সক্ৰীয় গুলী আৰু অনান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। নিৰাপত্তাবাহীনিয়ে জব্দ কৰা এই অস্ত্ৰশস্ত্ৰ সমূহ পিচত আৰক্ষীক গতাই দিয়া হয়।