উত্তৰ-পূব

দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত কিছামা নগা ঐতিহ্য গাঁও

Asomiya Pratidin

ডিজিটেল সংবাদ,কিছামা : নাগালেণ্ডৰ কিছামা নগা ঐতিহ্য গাঁৱত হৈ থকা হৰ্নবিল উৎসৱত চতুৰ্থ দিনাও মন্ত্ৰ মুগ্ধ কৰা জনগোষ্ঠীৰ লোক নৃত্যৰে জীপাল হৈ পৰে । মঙলবাৰে হৰ্নবিল উৎসৱৰ নাগালেণ্ড চৰকাৰৰ বৈচিত্ৰময় সংস্কৃতি আৰু চহকী ঐতিহ্যৰ লোককৃষ্টিৰে উজলি উঠে ।

নগা ঐতিহ্য গাঁও কিচামাত অনুষ্ঠিত হৈ থকা হৰ্নবিল মহোৎসৱৰ আটাইকেইটা দিনেই লোকে লোকাৰণ্য হৈ আছে। দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হোৱা মহোৎসৱত ফ্ৰান্স, জাৰ্মান, জাপান, ইণ্ডোনেছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বলিভিয়া, কলম্বিয়া, পোলেণ্ড, দক্ষিণ কোৰিয়াকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰ পৰ্যটকে ভিৰ কৰিছেহি।

নগালেণ্ডৰ ১৬ টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোক-কৃষ্টিৰ নৃত্য-গীত একেসময়তে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আছে। নগা জনগোষ্ঠীৰ নৃত্যৰ তালে- তালে বিদেশী পৰ্যটক আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা পৰ্যটকে হাতে হাত ধৰি নাচিছে। তেওঁলোকৰ খাদ্যাভ্যাসৰ জুতি বিশ্বৰ নাগৰিকে লৈছে।

উল্লেখযোগ্য যে এই হৰ্নবিল মহোৎসৱত থাইলেণ্ড আৰু নিউজিলেণ্ডৰ পৰ্যটকে অসমীয়াৰ গামোচা লৈ ঘূৰি ফুৰা দেখা গৈছে। থাইলেণ্ডৰ পৰা অহা পৰ্যটকৰ দলটোক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত অসমীয়া মানুহে পিন্ধোৱা গামোচাকে লৈ অহা বুলি জানিবলৈ দিয়ে।

আনহাতে, গাত গামোচা লৈ থকা নিউজিলেণ্ডৰ দুগৰাকী ৮০ ৰ ঊৰ্ধ্বৰ পৰ্যটকে জনায় যে, তেওঁলোকে তিনি সপ্তাহ ধৰি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰত অৱস্থাত আছে আৰু অসমলৈ যাওঁতে অসমীয়া মানুহে মৰমতে দিয়া গামোচাখন গাত লৈ হৰ্নবিলত আছে। পৰ্যটককেইজনে অসম এখন ধুনীয়া ৰাজ্য বুলি উল্লেখ কৰি কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ বৈচিত্ৰ্যই তেওঁলোকক মুগ্ধ কৰিছে।

ইফালে হৰ্নবিল উৎসৱৰ চতুৰ্থ দিনাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কে.জি. কেনীয়ে। বিধায়ক ড° নেইছাতুও মেৰো, ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আৰু ফুটবল খেলুৱৈ বৈচুং ভুটিয়া।

ইফালে হৰ্নবিল উৎসৱৰ মুখ্য আকৰ্ষণ আছিল নগা পৰম্পৰাগত মল্লযুঁজ প্ৰতিযোগিতা। নাগালেণ্ডৰ মল্লযুঁজৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বেল্ট মল্লযুঁজত কিৰ্গিস্তানৰ দহবাৰৰ চেম্পিয়ন কাদিৰ কেলচিনবেকভে চূড়ান্ত মেচত চাখেছাং জনগোষ্ঠীৰ মল্লযুঁজাৰু হুলুই ডি ভাদেঅ’ক পৰাস্ত কৰি ১৬ সংখ্যক হৰ্ণবিল ইণ্টাৰনেচনেলৰ চেম্পিয়নৰ খিতাপ দখল কৰে।

চিয়েচামা এম্ফিথিয়েটাৰত নগা মল্লযুঁজ চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। চূড়ান্ত প্ৰতিযোগিতাত কিৰ্গিস্তানৰ পৰা ৫.৮ ফুট ওখ কাদিৰ কেলচিনবেকোভ এক লাখ বিশ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ ভাদেওৱে ৮০ টকা লাভ কৰে।

ইফালে কিছামাৰ নগা হেৰিটেজ ভিলেজত অনুষ্ঠিত হৰ্ণবিল উৎসৱৰ ২৪ সংখ্যক সংস্কৰণত আজি মেঠন প্ৰদৰ্শনী প্ৰদৰ্শিত হৈছে। মেঠনৰ ওপৰত আইচিএআৰ-ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰৰ উদ্যোগত এই প্ৰদৰ্শনীখন স্থাপন কৰা হয়। মেঠন প্ৰদৰ্শনৰ লক্ষ্য হৈছে অৰ্ধ-পোহনীয়া মেঠনৰ বহু উপযোগিতাৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰা।

আজি ডিমাপুৰ জিলাৰ গ্ৰীণ পাৰ্কত ‘ৰাণ ফৰ হৰ্ণবিল: এগেইনষ্ট টাইম’ৰ ফ্লেগ অফ কৰি চি এল জোহে ৰাইজক হৰ্ণবিল আৰু ইয়াৰ বাসস্থান সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে আহ্বান জনায়।