উত্তৰ-পূব

মিজোৰামত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন হেৰ'ইন, জিলেটিন আৰু ডিটনেটৰ জব্দ কৰা হৈছে। মিজো আৰক্ষী আৰু অসম ৰাইফলছৰ দুটা পৃথক যুটীয়া অভিযানত চাম্পাই জিলাৰ পৰা জব্দ কৰা হয় হেৰ'ইন আৰু বিস্ফোৰক সামগ্ৰীখিনি।

মিজো আৰক্ষীয়ে সদৰি কৰা মতে, গোপন তথ্যৰ ভিত্তিত ম্যানমাৰৰ পৰা চাম্পাই জোখোৱাথৰ অভিমুখী এখন টাটা পিকআপ বাহনত তালাচী চলাই জব্দ কৰা হয় ১৯৮টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচকেইটাৰ পৰা মুঠ ২.৩৯৩ কেজি হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য ৭১,৭৯,০০০ টকা। এই সংক্ৰান্তত বাহনখনৰ চালক লুংলেই চানমাৰিৰ বি.লিয়ানছাংগা, আৰু সহ চালক আৰ. মালছাম থাৰাক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে চলোৱা আন এক অভিযানত ১৪. ০৮৪ কেজি ওজনৰ ১১০ ডাল জিলেটিন ষ্ট্ৰিক আৰু ১১০ডাল ডিটেনেটৰ জব্দ কৰা হয়। জব্দ কৰা বিস্ফোৰকখিনি মিজোৰামৰ পৰা এখন স্কুটীৰে ম্যানমাৰলৈ নিয়াৰ সময়ত জব্দ কৰা হয়। বিষ্ফোৰক সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ম্যানমাৰৰ এহাল দম্পতিক গ্ৰেপ্তাৰ কৰে। ধৃত স্বামী-স্ত্ৰীৰ নাম ক্ৰমে বিয়াক্ৰেমা আৰু ৰামথা জুৱালি। দুয়োৰে ঘৰ ম্যানমাৰৰ চিন ৰাজ্যৰ টিয়াউ খোৱামাৱি গাঁৱত বুলি সদৰী কৰে মিজো আৰক্ষীয়ে।