হঠাতে অশান্ত! শান্তিৰে ভোটগ্ৰহণ চলি থকা মণিপুৰৰ দুই ভোটকেন্দ্ৰত গুলীচালনাৰ ঘটনা... 
উত্তৰ-পূব

হঠাতে অশান্ত! শান্তিৰে ভোটগ্ৰহণ চলি থকা মণিপুৰৰ দুই ভোটকেন্দ্ৰত গুলীচালনাৰ ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অশান্তজৰ্জৰ মণিপুৰত দুটাকৈ গুলী চালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। পুৱাৰে পৰা মণিপুৰৰ দুটা লোকসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱেই চলি আছিল যদিও দুপৰীয়াভাগত ইম্ফলৰ খংমান জিলাত দুৰ্বৃত্তই হঠাতে গুলীয়াগুলি আৰম্ভ কৰি জনতাৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। ইম্ফলৰ খংমান জিলাৰ এটা ভোটকেন্দ্ৰত এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হোৱাৰ লগতে ভোটকেন্দ্ৰটোও লণ্ড-ভণ্ড কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে।

ইফালে, মণিপুৰৰ মইৰাং বিধানসভা খণ্ডৰ থামানপোকপিৰ এটা ভোটকেন্দ্ৰৰ সমীপতো দুৰ্বৃত্তৰ এটা দলে কেইবা ৰাউণ্ড গুলী চালনা কৰিছিল। অৱশ্যে কোনো লোক এই গুলীয়াগুলিত হতাহত হোৱা নাই। এই গুলীচালনাৰ ফলত ভোট দিবলৈ শাৰী পাতি থকা ভোটাৰসকলৰ মাজত আতংকৰ সৃষ্টি হয় আৰু সেই স্থান ত্যাগ কৰে।

বৰ্তমান এই দুয়োটা অঞ্চলতে সেনা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দুয়োটা ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।