মোডীৰ অষ্টলক্ষ্মীৰ দুৰ্দশাঃ মণিপুৰৰ ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড... 
উত্তৰ-পূব

মোডীৰ অষ্টলক্ষ্মীৰ দুৰ্দশাঃ মণিপুৰৰ ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংগ মগলু কুঁৱৰী কুৰংগনয়নীৰ পিতৃ ৰাজ্যত এতিয়া যেন পদে পদে চলিছে মৃত্যুৰ বিভীষিকা। তাৰ মাজতে সমানে চলিছে নাৰীৰ ওপৰত জঘণ্য অত্যাচাৰ।

মণিপুৰৰ ৰাজপথত উলংগ কৰি মহিলাক লৈ সমদল কৰি একাংশ মানৱৰূপী দানৱে চলাইছে পাশৱীক নিৰ্যাতন। দলৱদ্ধ ধৰ্ষণৰ বলি হৈছে অষ্টলক্ষ্মীৰ অংগ মণিপুৰৰ জীয়ৰী, বোৱাৰী।

শেহতীয়াকৈ পোহৰলৈ অহা এটা ভিডিঅ'ই মণিপুৰৰ পৰিৱেশ কিমান ভয়াৱহ, কিমান পাশৱিক সেই কথাক প্ৰমাণ কৰিছে। এদল লোকে দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে সমদল কৰি কোনো এটা বিশেষ স্থানলৈ লৈ যোৱা এই ভিডিঅ' সামাজিক মাধ্যমত যিয়েই দেখিছে তেওঁৰেই গাৰ নোম শিয়ৰি উঠিছে।

যোৱা ৪ মে'তে সংঘটিত হোৱা এই ঘটনা পোহৰলৈ আনিছে এটা কুকি সংগঠনে। কুকি সংগঠন ইণ্ডিজেনাছ ট্ৰাইবেল লীডাৰ্ছ ফ'ৰামে পোহৰলৈ অনা এই ভিডিঅ'টোৰ প্ৰসংগত কৈছে, ৪ মে'ৰ দিনা কাংপকপি জিলাত এই দুষ্কাৰ্য সংঘটিত হৈছিল।

কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ এদিনৰ পিচতে এই গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। কিন্তু ৰাজ্যখনত ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে ঘটনাটো পোহৰলৈ অহা নাছিল।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই দৃশ্যত দেখা গৈছে এদল মেইটেই সম্প্ৰদায়ৰ লোকৰ দলে সম্পূৰ্ণ নগ্ন কৰি দুগৰাকী মহিলাক অট্টহাস্যৰ মাজত ৰাজপথত পেৰেড কৰাইছে। মানৱৰূপী এই দানৱৰ মাজত পৰি দুয়োগৰাকী মহিলাই মৰণকাতৰ আৰ্তনাদ কৰিছে।

সংগঠনটোৰ মতে এই দুয়ো মহিলা কুকি জ' সম্প্ৰদায়ৰ। ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ নিলগত সংঘটিত এই লোমহর্ষক ঘটনাত জড়িতৰ বিৰুদ্ধে এইপর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মণিপুৰ চৰকাৰে। সমান্তৰালকৈ মণিপুৰক লৈ এষাৰ মাত দিবলৈও আহৰি হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

ইফালে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয়মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, মণিপুৰৰ ২ গৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ভয়ানক ভিডিঅ’টো নিন্দনীয় আৰু সম্পূৰ্ণ অমানৱীয়। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিলো । তেওঁ মোক জনাইছে যে বৰ্তমান তদন্ত চলি আছে।