উত্তৰ-পূব

মণিপুৰত ৪উগ্ৰপন্থী গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ আসন্ন লোকসভা নিৰ্বাচনৰ পুৰ্বে চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান আৰক্ষীৰ। অভিযানত চাৰিজন কৈ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে।

বুধবাৰে বিষ্ণুপুৰ জিলাৰ আইভি ৰোডত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউ এন এল এফৰ চাৰিজন উগ্ৰপন্থীক। ধৃত উগ্ৰপন্থী কেইজন চালাম ৰমেশ্বৰ সিং (৪৮), টংব্ৰম জ্ঞানজিৎ সিং উৰফে চিংলেন ছানা (৩৯), পুখৰেম ইংগোচা সিং (৪০) আৰু থকচোম টেম্বা ওৰফে ৱাখেইবা (৫০ ) ।

উগ্ৰপন্থী কেইজনৰ পৰা - ৩ টা এছ এল আৰ ৰাইফল, ৪ টা খালী মেগজিন, ২০ ৰাউণ্ড সতেজ গুলি, ৭ টা মোবাইল ফোন, ১ টা ৱাকি টকি চেট, ২খন বাহন সহ অন্যান্য সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। বিষ্ণুপুৰ জিলাৰ মইৰাং থোয়াৰ পৰা ট্ৰংলাওবিলৈ গৈ থকা সময়ত গ্ৰেপ্তাৰ কৰা হয় উগ্ৰপন্থী চাৰিজনক।