বৃহৎ পৰিমাণৰ অস্ত্ৰসহ ৮ অপহৰণকাৰীক গ্ৰেপ্তাৰঃ উদ্ধাৰ অপহৃত... 
উত্তৰ-পূব

বৃহৎ পৰিমাণৰ অস্ত্ৰসহ ৮ অপহৰণকাৰীক গ্ৰেপ্তাৰঃ উদ্ধাৰ অপহৃত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংঘৰ্ষ জৰ্জৰ মণিপুৰত আৰক্ষীৰ সফলতা। এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰিছে ৮ জনকৈ অপহৰণকাৰীক।

উল্লেখ্য যে, ইম্ফল আৰক্ষী থানাত এজন লোক অপহৰণ হোৱাৰ গোচৰ ৰুজু হৈছিল। অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল ধন।

ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ইম্ফল পশ্চিমৰ পৰা কে চি পিৰ ৮ জনকৈ সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে লগতে অপহৃতক উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে এটা ঘটক ৰাইফলৰ সৈতে এটা মেগজীন, এটা একে-৪৭, এটা .৩২ পিষ্টল বহু পৰিমাণৰ গোলা, বাৰুদ আৰু ১৩ টা মোবাইল ফোন, এখন তৰোৱাল আৰু ২ খন বাহন।