মণিপুৰৰ হিংসাত নিহত ৬৪ জনৰ মৃতদেহ চমজাই দিয়া হ'ল পৰিয়ালক 
উত্তৰ-পূব

মণিপুৰৰ হিংসাত নিহত ৬৪ জনৰ মৃতদেহ চমজাই দিয়া হ'ল পৰিয়ালক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত প্ৰাণ যোৱা ৬৪ জন লোকৰ মৃতদেহ তেওঁলোকৰ পৰিয়াল গটাই দিয়া হয়। কঠোৰ নিৰাপত্তাৰ মাজেৰে এই মৃতদেহসমূহ পৰিয়ালক দিয়ে।

হিংসাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত সমিতিৰ এক প্ৰতিবেদন অনুসৰি, মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষত ১৭৫ জন লোকৰ মৃত্যু হৈছিল যাৰ ভিতৰত ১৬৯টা মৃতদেহ চিনাক্ত কৰা হৈছিল। ইয়াৰে মাত্ৰ ৮১ টা মানহে মৃতদেহ পৰিয়ালক গটোৱা হৈছে।

এই মৃতদেহসমূহ ইমানদিনে চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছিল। কিন্তু মণিপুৰৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি পৰিয়ালে চমজি লব পৰা নাছিল মৃতদেহ।

মে' মাহতে আৰম্ভ হৈছিল মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ। বৰ্তমান পৰিস্থিতিৰ কিছু শাম কাটিছে যদিও এতিয়াও ৰাজ্যখনত বন্ধ আছে ইন্টাৰনেট সেৱা। বিশেষকৈ মেইটেই আৰু কুকী সম্প্ৰদায়ৰ মাজত হৈছিল এই সংঘৰ্ষ।