মণিপুৰত প্ৰতিবাদী ছাত্ৰ-নিৰাপত্তাৰক্ষীৰ মাজত সংঘাতঃ ৮০ জন আহত... 
উত্তৰ-পূব

মণিপুৰত প্ৰতিবাদী ছাত্ৰ-নিৰাপত্তাৰক্ষীৰ মাজত সংঘাতঃ ৮০ জন আহত...

মণিপুৰক নিজৰ ভাগ্য নিজেই নিৰ্ণয় কৰাৰ অনুমতিৰ দাবী শিক্ষাৰ্থীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনৰ ৰাজপথত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদত লিপ্ত হোৱাৰ মাজতেই নিৰাপত্তাবাহিনীৰ সৈতে মুখামুখি সংঘৰ্ষৰো সৃষ্টি হৈছে। এই সংঘৰ্ষত কেইবাজনো শিক্ষাৰ্থী আহত হৈছে।

উল্লেখ্য যে, প্ৰতিবাদকাৰী এই শিক্ষাৰ্থীসকলে ইমা কিথেলত এটা নিশা অৱস্থান কৰি চাৰকাৰ তথা প্ৰশাসনক মণিপুৰৰ শান্তি ঘূৰাই অনাৰ লগতে বৰ্তমানৰ পৰিস্থিতিক নিয়ন্ত্ৰণ তথা মণিপুৰৰ স্বাভিৱক অৱস্থা ঘূৰাই অনাৰ বাবে ২৪ ঘণ্টাৰ চূড়ান্ত সময় নিৰ্ধাৰণ কৰি দিছিল।

এই ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছতে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকল ৰাজপথলৈ পুনৰ ওলাই আহিছে।মঙ্গলবাৰে বিয়লি তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া ২৪ ঘণ্টা সময় উকলি যোৱাৰ লগে লগে তেওঁলোক পুনৰ ৰাজপথলৈ ওলাই আহে আৰু পুনৰ প্ৰতিবাদ আৰম্ভ কৰে। তেওঁলোকক সহযোগ কৰে ইমা কিথেলৰ ব্যৱসায়ীসকলে।

ইফালে প্ৰতিবাদকাৰী এই শিক্ষাৰ্থীসকলক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ বিপৰীতে প্ৰতিবাদকাৰীসকলেও নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে হাতত শিল আৰু অন্যান্য সামগ্ৰী তুলি লয় আৰু সেই সমূহৰে আক্ৰমণ কৰে।

আন্দোলনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ এনে সংঘৰ্ষত ৮০ জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। আহত এই আটাইকেইগৰাকীকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ইয়াৰে বেছিভাগেই ভৰ্তি হৈ আছে আৰ আই এম এছত।  

ইফালে এই ঘটনাত এজন ছাত্ৰ নিহত হোৱা বুলি এক খবৰ বিয়পি পৰিছে যদিও দৰাচলতে তেনে কোনো ঘটনা সংঘটিত হোৱা নাই। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত কেৱল হতাহতি হে হৈছে, কোনেও মৃত্যুবৰণ কৰা নাই।

শিক্ষাৰ্থীসকলৰ এনে প্ৰতিবাদৰ মাজতে আকৌ নিৰাপত্তাৰক্ষীৰে হোৱা আলোচনাৰ মাজত কেইজনমান ছাত্ৰ প্ৰতিনিধিয়ে ৰাজ্যপালকো সাক্ষাৎ কৰিছে। জানিব পৰা মতে ৰাজ্যপালগৰাকীয়ে তেওঁলোকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই এইসমূহ পালন কৰাৰ প্ৰতিশ্ৰুতি দিছে।

উল্লেখ্য যে, এই শিক্ষাৰ্থীসকলে ইমা কিথেলত প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বেও ৰাজ্যপালক সাক্ষাৎ কৰিছিল। তেওঁলোকে ৰাজ্যপালক এক দীঘলীয়া দাবী পত্ৰ দি ২৪ ঘণ্টাৰ ভিতৰত এই দাবীসমূহ কাৰ্যত ৰূপায়ণ কৰিবলৈ দাবী জনাইছিল। ৰাজ্যপালগৰাকীয়েও এই দাবীসমূহ মানি লোৱাৰ আশ্বাস দিছিল।

তেওঁলোকৰ এই দাবীসমূহৰ ভিতৰত আছিল ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণ কৰা, চি এ পি এফ প্ৰত্যাহাৰ, ৫০ জন বিধায়কৰ চূড়ান্ত স্থিতি ঘোষণা বা তেওঁলোকৰ পদত্যাগ, মেইটেই সম্প্ৰদায়ৰ বিৰুদ্ধে কেন্দ্ৰীয় প্ৰক্সি যুদ্ধ বুলি কোৱা সমাপ্তি বা মণিপুৰক নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ অনুমতি দিয়া আদি।