উত্তৰ-পূব

মণিপুৰৰ হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে মিজোৰামত বিশাল সংহতি সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজান : গোষ্ঠীগত সংঘাতেৰে জৰ্জৰিত মণিপুৰত কুকি -জো জনগোষ্ঠীৰ সৈতে সংহতি প্ৰকাশৰ বাবে মিজোৰামত বিশাল সংহতি সমদল বাহিৰ কৰে। মঙলবাৰে ৰাজ্যখনৰ ৰাজধানী আইজলত সমগ্ৰ মিজোৰাম নাগৰিক সমাজৰ সংগঠনসমূহে বিশাল সংহতি সমদল উলিয়াই।

মিজোসকলে মণিপুৰৰ কুকি, বাংলাদেশৰ চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ কুকি-চিন আৰু ম্যানমাৰৰ চীনসকলৰ সৈতে জাতিগতভাৱে সিঁচৰতি হৈ থকা জনগোষ্ঠীৰ প্ৰতি সংহতি প্ৰদৰ্শন কৰে। চেণ্ট্ৰেল ইয়ং মিজো এছ’চিয়েচন (চি ৱাই এম এ) আৰু মিজো জিৰলাই পাউল (এম জে ডি পি)কে ধৰি ৫টা প্ৰধান নাগৰিক সমাজৰ সংগঠন এন জি অ ক’-অৰ্ডিনেচন কমিটীয়ে ৰাজ্যৰ ৰাজধানী আইজলকে ধৰি মিজোৰামৰ বিভিন্ন প্ৰান্তত বিশাল সদমদল আয়োজন কৰে।

চুবুৰীয়া ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিক ধিক্কাৰ দি প্লেকাৰ্ড আৰু পোষ্টাৰ লৈ সহস্ৰাধিক লোকে এই সমাৱেশত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীক সমৰ্থন আগবঢ়াবলৈ শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ কাৰ্যালয় বন্ধ কৰি দিয়া হয়।

এই সমাৱেশত এম এন এফৰ কৰ্মীসকলেও অংশগ্ৰহণ কৰে। এম এন এফৰ উপৰি বিৰোধী বিজেপি, কংগ্ৰেছ আৰু জোৰাম পিপলছ মুভমেণ্টেও সংহতি সমাৱেশৰ সমৰ্থনত কাৰ্যালয় বন্ধ ৰাখিছিল। বিক্ষোভৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে নিৰাপত্তা অধিক শক্তিশালী কৰা হয়।

উল্লেখযোগ্য় যে কোনো ধৰণৰ অশুভ পৰিঘটনা ৰোধ কৰিবলৈ সকলো জিলাতে বিশেষকৈ দুৰ্বল অঞ্চলত আৰক্ষী নিয়োগ, টহল দিয়া, আৰু কঠোৰ সতৰ্কতা নিশ্চিত কৰা হৈছিল। ৩ মে’ত মণিপুৰত জাতিগত হিংসা সংঘটিত হোৱাৰ পিছত ১৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু শতাধিক লোক আহত হৈছে ।

মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰা হৈছিল। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই আৰু বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে।

আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে ৪০ শতাংশ আৰু বেছিভাগেই পাহাৰীয়া জিলাত বাস কৰে। এই কুকিসকলৰ প্ৰতি কৰা অত্যাচাৰ বন্ধ কৰিবলৈ মঙলবাৰে এনেদৰে আইজলত বিশাল সমদল উলিওৱা হয়।