উত্তৰ-পূব

Meghalaya Assembly Election Live Update : মেঘালয় বিধানসভা নিৰ্বাচন

Asomiya Pratidin

ইতিহাস সৃষ্টি হ'ল মেঘালয়ত

বিয়লি ৩ বজালৈ ৬৩.৫৭ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ কৰি ইতিহাস সৃষ্টি কৰিলে মেঘালয়ে

এন পি পিৰ যুঁজ বিজেপিৰ বিৰুদ্ধে, ক্ষমতাত থকাৰ আশাত বন্দী কনৰাড চাংমা

দিনৰ ১ বজালৈ মেঘালয়ত সম্পূৰ্ণ হ'ল ৪৪.৭৩ শতাংশ ভোটগ্ৰহণ । শাসনাধিষ্ঠ এন পি পি চৰকাৰৰ মূল যুঁজ হ'ব বিজেপিৰ বিৰুদ্ধে । আনহাতে, তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এক পৰিৱৰ্তন আনিবলৈ চেষ্টা চলোৱা দেখা গৈছে এই নিৰ্বাচনৰ জৰিয়তে...

মেঘালয়ত সংঘটিত হ'ল ভুৱা ভোটদানৰ দৰে ঘটনা

মেঘালয়ৰ নংথিম্মাই সমষ্টিত বিক্ৰম কুমাৰ ৰায় নামৰ ব্যক্তিগৰাকীয়ে তেখেতৰ নামত পূৰ্বতেই ভোটদান সম্পন্ন কৰিছে আন কোনো ব্যক্তিয়েই । ইতিমধ্যে নিৰ্বাচনী বিষয়াৰ দৃষ্টিগোচৰ কৰা হৈছে সমগ্ৰ বিষয়টো ।

নাগালেণ্ডৰ দৰেই ইতিহাস ৰছিলে মেঘালয়েও । ৩৬.৯৬ শতাংশ ভোটদান সম্পূৰ্ণ হ'ল ৰাজ্যখনত । ভোটদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা সহ ভগ্নীয়ে । দক্ষিণ তুৰাত অন্য ভোটদাতাৰ সৈতে শাৰীত থিয় হৈ থকা অৱস্থাত দেখা গ'ল মুখ্যমন্ত্ৰী গৰাকীক...

শান্তিপূৰ্ণভাৱে আগবাঢ়িছে মেঘালয় বিধানসভাৰ নিৰ্বাচন

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দুই এক বিক্ষিপ্ত ঘটনাই ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ সময়তেই কিন্তু শান্তিপূৰ্ণভাৱে আগবাঢ়িছে মেঘালয়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া । ভোটাৰ সকলেও সকলো নিয়ম কানুন মানি চলাৰ সৈতেই আৰক্ষীয়েও কোনো বাধা লাভ কৰা নাই এতিয়ালৈ...

মেঘালয়ত অব্যাহত আছে নিৰ্বাচন

দিনৰ ১১ বজালৈ ২৬ শতাংশ লোকৰ ভোটদান সম্পূৰ্ণ মেঘালয়ত...

ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথম দুটা ঘন্টাতেই ১০ শতাংশ ভোটদান সম্পূৰ্ণ

অব্যাহত আছে মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । ৮ বজাত আৰম্ভ হোৱা ভোটদানৰ প্ৰথম দুটা ঘন্টাতেই ১০.৫৫ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ...

মেঘালয়ত পৰিলক্ষিত হ'ল এক অনন্য পদক্ষেপ

ৰাতিপুৱাই ভোটদানৰ বাবে অহা ভোটাৰ সকলক মেডেল আৰু চাৰ্টিফিকেট প্ৰদান  ভোটদান কেন্দ্ৰত...

আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

২১.৬ লাখ ভোটাৰেৰে সৰ্বমুঠ ৫৯ খন আসনৰ বাবে সাজু হৈ উঠিছে মেঘালয় । এই ২১.৬ ল‍াখ ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬৯ জন প্ৰাৰ্থী তথা সমগ্ৰ মেঘালয়ৰ ভৱিষ্যত । শাসনাধিষ্ঠ নেশ্বনেল পিপলছ পাৰ্টীৰ লক্ষ্য ক্ষমতা উভতাই অনাৰ, ঠিক একে সময়তেই বিজেপি আৰু ত্ৰিণমূল কংগ্ৰেছৰ লক্ষ্য মেঘালয়ত নিজ নিজ দলৰ ক্ষমতা প্ৰতিষ্ঠা কৰাৰ...

কি হ'ব মেঘালয়ৰ ভৱিষ্যত ?