মিজোৰামৰ চাম্পাইত ৩১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য জব্দঃ মহিলাসহ গ্ৰেপ্তাৰ দুই 
উত্তৰ-পূব

মিজোৰামৰ চাম্পাইত ৩১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য জব্দঃ মহিলাসহ গ্ৰেপ্তাৰ দুই

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে মিজো আৰক্ষীয়ে।‌ গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ চি আই ডি আৰু চাম্পাই আৰক্ষীয়ে যৌথ অভিযান চলাই মঙলবাৰে চাম্পাইৰ পৰা জব্দ কৰে ১০.৩৮৫ কিলোগ্ৰাম ওজনৰ মেথাম ফেটামাইন টেবলেট।‌

দহটা পেকেটত লুকুৱাই সৰবৰাহৰ সময়ত জব্দ কৰা হয় এই ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩১ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাসহ দুজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত দ্বয় লেংপুইৰ মালছাম জুয়ালি (৩৮) আৰু লালচন্দামা (১৯)। এই সংক্ৰান্তত চাম্পাই জিলাৰ জোখোৱাথাৰ থানাত NDPS আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।