ৰক্ষা নাপালে আৰক্ষী অধীক্ষকেওঃ মণিপুৰত আন বাহনৰ লগত জ্বলাই দিলে এছ পিৰ বাহনো... 
উত্তৰ-পূব

ৰক্ষা নাপালে আৰক্ষী অধীক্ষকেওঃ মণিপুৰত আন বাহনৰ লগত জ্বলাই দিলে এছ পিৰ বাহনো...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তেজনা হ্ৰাস হোৱা নাই মণিপুৰত। ৰাজ্যখনত অব্যাহত আছে সংঘৰ্ষ। যোৱা ৩ মে'ৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ আজিও অব্যাহত আছে চুবুৰীয়া ৰাজ্যখনত।

শেহতীয়াকৈ যোৱা সোমবাৰে মণিপুৰত নিৰাপত্তা বাহিনী আৰু জনতাৰ মাজত পুনৰ এক ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। জনতাই আৰক্ষীৰ বাহনত অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হয়।

ইয়াৰ বিপৰীতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। এনে পৰিস্থিতিত কেইবাজনো আৰক্ষী আৰু প্ৰতিবাদকাৰী আহত হৈছে। উল্লেখ্য যে, মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ত্ৰং লাউবিত অনুষ্ঠিত হৈছিল এখন প্ৰতিবাদী সভা।

এই সভাৰ পৰা কাকছিং অভিমুখে ঘূৰি অহা এদল লোকক আৰক্ষীয়ে কাকছিং বজাৰত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে। আৰু তাৰ পাছতেই এই সংঘৰ্ষৰ সূত্ৰপাত হয়। এই ঘটনাত প্ৰতিবাদকাৰীয়ে আৰক্ষী অধীক্ষকৰ বাহনখনো জ্বলাই দিয়ে।