উত্তৰ-পূব

এনএছচিএন ইশ্বাক – মুইভা গোটৰ সৈতে হোৱা নগা শান্তি আলোচনা অগ্ৰিম স্তৰত : কেন্দ্ৰীয় গৃহ সচিব

asomiyapratidin

ডিজিটেল সংবাদ,ৱাখা : সাত দশক পুৰণি নগা ৰাজনৈতিক সমস্যাটোৰ সমাধানৰ বাবে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক- মুইভা গোটৰ সৈতে চলি থকা ভাৰতৰ চৰকাৰৰ নগা শান্তি আলোচনা সম্প্ৰতি অগ্ৰিম স্তৰত থকা বুলি অতি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই ।

শুকুৰবাৰে নেচনেল ডিফেন্স অকাডেমি অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ উপলক্ষে আয়োজিত এক ৱেবিনাৰ ভাগ লৈ কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে । ভাল্লাই লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ সৈতে যুজঁ দিবলৈ সকলো ৰাজ্য চৰকাৰক কেন্দ্ৰই পৰ্যাপ্ত সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ।

গৃহ সচিব অজয় কুমাৰ ভাল্লাই লগতে কয় যে চীনে উত্তৰ পূৰ্বৰ বিদ্ৰোহী গোটৰ নেতাসকলক সাম্ভাব্য ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই আলফাকে ধৰি প্ৰায়বিলাক সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । চীনে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীক ব্যৱহাৰ কৰিব পাৰে যদিও বৰ্তমান বিদ্ৰোহী গোটসমূহে ৰাইজ তথা স্থানীয় জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছে । আলফা নেতৃত্বত সেয়ে ইতিমধ্যে অসমলৈ উভতি আহি চৰকাৰৰ সৈতে আলোচনাত বহিছে । একেদৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটেও যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰি দিল্লীত ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত সমাধান বাবে আলোচনা অব্যাহত ৰাখিছে ।

কেন্দ্ৰীয় গৃহ সচিব গৰাকীয়ে আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণাধীন আৰু কেন্দ্ৰই বিদ্ৰোহী সৈতে যুজঁবলৈ ৰাজ্য চৰকাৰক সকলোধৰণৰ সহায় আগবঢ়াইছে । আনহাতে সমান্তৰালভাৱে একাংশ বিদ্ৰোহীৰ সৈতে আলোচনাও চলাই গৈছে । তেওঁ কয় এন এছ চি এনৰ সৈতে দীঘলীয়া সংঘাতৰ অন্তত নগা সমস্যা সমাধান বাবে ভাৰত চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে । বৰ্তমান নগা ৰাজনৈতিক সমস্যাৰ সমাধান বাবে যি আলোচনা চলি আছে সেয়া এডভান্স ষ্টেজত অৰ্থাৎ অগ্ৰণীয় পৰ্যায়ত আছে । উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষা পৰিস্থিতি উন্নতি বাবে সশস্ত্ৰ বাহিনী বিশেষাধিকাৰ আইন অৰ্থাৎ আস্ফা আইন অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত আংশিক ভাৱে বলৱৎ হৈ আছে যদিও মেঘালয়ৰ পৰা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰা হৈছে । বৰ্তমান ত্ৰিপুৰা হিংসা শূন্য হৈছে ।

গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা উন্নত হলেও কিন্তু ছাইবাৰ অপৰাধ আৰু মাদক দ্ৰব্য সৰবৰাহ ঘটনা এতিয়া উদ্বেগজনক । উল্লেখ যে কিছু দিনৰ পূৰ্বে চীনৰ কমিউনিষ্ট পাৰ্টিৰ নিয়ন্ত্ৰণাধীন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'গ্লবেল টাইমছত ' ছেংডু ইনষ্টিটিউট অৱ ৱৰ্ল্ড এফিৰ্য়েছৰ চেয়াৰমেন লঙ জিংচুনে এই বুলি লিখিছিল যে যদি ভাৰতে টাইৱানৰ সৈতে ভাৰতে বাণিজ্য সম্পৰ্ক গঢ়ি তুলি টাইৱানক লগতে সমৰ্থন আগবঢ়াই তেনেহলে চীনে ও ভাৰতৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত বিচ্ছিন্নতাবাদী কাৰ্ড খেলিব পাৰে আৰু এন এছ চি এন খাপলাঙকে ধৰি বিদ্ৰোহী গোটসমূহক সমৰ্থন আগবঢ়াব পাৰে ।

ভাৰতৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী বিৰুদ্ধে চীনৰ এই কুক কৌশলৰ প্ৰতি লক্ষ্য ৰাখি নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ সৈতে নতুন দিল্লীত মুৰব্বী থুইংগালেঙ মুইভাক দূৰৈত ৰাখি এন এছ চি এনৰ ১৫ জনীয়া সামূহিক নেতৃত্বত সৈতে কেন্দ্ৰীয় চোৰাংচোৱা বিষয়াসকলে অনানুষ্ঠানিক আলোচনাৰ জৰিয়তে চূড়ান্ত সমাধানৰ গতিৰোধ দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । জানিব পৰামতে চীনৰ বৰ্ধিত আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি কেন্দ্ৰই সুকীয়া পতাকা আৰু সংবিধান বিষয় দুটা আলোচনা কৰিবলৈ পুনৰ বিবেচনা কৰা বুলি জানিব পৰা গৈছে ।