নাগালেণ্ড লোকসভা আসনৰ বাবে NDPP ৰ প্ৰাৰ্থী নাম ঘোষণা... 
উত্তৰ-পূব

নাগালেণ্ড লোকসভা আসনৰ বাবে NDPP ৰ প্ৰাৰ্থী নাম ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ আগন্তুক লোকসভা নিৰ্বাচনত নাগালেণ্ডৰ একমাত্ৰ আসনৰ বাবে এন ডি পি পি,বিজেপি, পি ডি এৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ড০ চুম্বেন মুৰীৰ নাম শনিবাৰে ৰাষ্ট্ৰীয়তাবাদী গণতান্ত্ৰিক প্ৰগতিশীল পাৰ্টি চমুকৈ এন ডি পি পিয়ে এক প্ৰেছ বিবৃতিযোগে ঘোষণা কৰে। ড০ চুম্বেন মুৰী নাগালেণ্ড বিধানসভাৰ প্ৰাক্তন সদস্য।

মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ চৰকাৰৰ আইন আৰু ন্যায়ৰ প্ৰাক্তন উপদেষ্টা মুৰীয়ে যোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল। বৰ্তমান তেওঁ মুখ্যমন্ত্ৰীৰ উপদেষ্টা।

শনিবাৰে কোহিমাস্থিত এন ডি পি পিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এন ডি পি পিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত লোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ব’ৰ্ডে সৰ্বসন্মতিক্ৰমে নাগালেণ্ডৰ একমাত্ৰ সংসদীয় আসনখনৰ নিৰ্বাচনৰ বাবে ড০ চুম্বেন মুৰীক পাৰ্টিৰ টিকট প্ৰদান কৰাৰ সিদ্ধান্ত লয়।