উত্তৰ-পূব

মিজোৰামত ৬ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ : ম্যানমাৰৰ ২ নাগৰিকক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ : সম্প্ৰতি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে চুবুৰীয়া ৰাজ্য মিজোৰাম। ম্যানমাৰ সীমান্তৱৰ্তী মিজোৰামৰ চাম্পাই জিলাৰ মাজেৰে প্ৰায় প্ৰতিদিনেই ভাৰতলৈ কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আহিছে এই আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই।

এইদৰে ড্ৰাগছ সৰবৰাহৰ সময়ত মিজোৰামৰ ৰাজধানী আইজলত চি আই ডিয়ে অভিযান চলাই দুজন‌ ম্যানমাৰৰ নাগৰিকসহ বুজণ পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় মেথামফেটামাইন জব্দ কৰিছে । আইজলৰ  হুয়ালংগোহমুন আৰু মূয়ান্না ভেঙত তিনিখন বাহনত তালাচী চলাই চি আই ডিৰ দলটোৱে মুঠ ৪০.০৩৪ কিলোগ্ৰাম সন্দেহযুক্ত মেথামফেটামাইন আৰু ৩.০৯৮ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে।

জব্দ কৰা মেথামফেটামাইনৰ মূল্য ৫ কোটি ২০ লাখ ৪৪ হাজাৰ ২০০ টকাৰ বিপৰীতে হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৯২ লাখ, ৯৪ হাজাৰ টকা বুলি আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰিছে। বুজণ পৰিমাণৰ এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত তদন্তকাৰী দলটোৱে দুজন ম্যানমাৰৰ নাগৰিকসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ম্যানমাৰৰ ধৃত‌ নাগৰিক দুজন লালথান চিয়ামা (২৬) আৰু জোৰেম মাইৱিয়া (২৩) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আনহাতে  তৃতীয়গৰাকী সৰবৰাহকাৰী হৈছে চাম্পাই জিলাৰ জোখোৱাথাৰৰ ডেভিদ । সূত্ৰটোৰ মতে, গোপন তথ্যৰ ভিত্তিত প্ৰথমে আইজলৰ হুয়ালংগোহমুনত তালাচী চলাই এম জেড ০১ এন-৩৬৪২‌ নম্বৰৰ এখন ৰেন’ল্ট কুইড বাহনৰ গোপন চেম্বাৰত লুকুৱাই অনা ৩২ বাণ্ডিলৰ পৰা  ৩২.০১৩ কিলোগ্ৰাম  সন্দেহযুক্ত মেথামফেটামাইন জব্দ কৰা হয়।

যাৰ মূল্য প্ৰায় ৪ কোটি ১৪ লাখ, ১৬ হাজাৰ ৯০০ টকা। একেখন বাহনৰ পৰা ২১টা  পেকেটত ২৪৯ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনো জব্দ কৰা হয় । জব্দ কৰা হেৰ'ইনৰ মূল্য ৭ লাখ ৪৭ হাজাৰ টকা।

আনহাতে, এম জেড ০২ এ-৯০৫৩ নম্বৰৰ বিলাসী ডাটছুন ৰেডিগ’ বাহনখনত তালাচী চলাই ৮ বাণ্ডিলৰ পৰা  ৮.০২১ কেজি মেথামফেটামাইন আৰু ৪৭ পেকেটৰ পৰা ৫৬৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা মেথামফেটামাইনৰ মূল্য ১ কোটি ৪ লাখ২৭ হাজাৰ ৩০০ টকাৰ বিপৰীতে হেৰ’ইনৰ মূল্য  ১৬ লাখ ৯৫ হাজাৰ টকা বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে।

এই সামগ্ৰীসমূহৰ লগতে বাহনখনৰ চালক তথা ম্যানমাৰৰ নাগৰিক জোৰেম মাইৱিয়া (২৩) ক গ্ৰেপ্তাৰ কৰা হয়। এই দুজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আইজলৰ মূয়ান্না ভেঙত অভিযান চলাই এম জেড ০১জি- ৫৬৭২নম্বৰৰ আই টেন বাহনখনৰ পৰা ২. ২৮৪ কেজি (১৯৬ পেকেট) সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে।  হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৬৮ লাখ, ৫২,হাজাৰ টকা।

হেৰ'ইন সৰবৰাহৰ অভিযোগত বাহনখনৰ চালক জোখোৱাথাৰৰ বাসিন্দা ডেভিদক গ্ৰেপ্তাৰ কৰে। লগতে এগৰাকী সহচালকৰূপী নাবালকক আটক কৰে আৰক্ষীয়ে। পিচত ধৃত তিনিওজন লোকৰ বিৰুদ্ধে এন ডি এণ্ড পি এছ  আৰু বিদেশী আইনৰ অধীনত আইজলৰ বিশেষ নাৰ্কোটিক থানাত গোচৰ ৰুজু কৰা হৈছে।