নাগালেণ্ডৰ টিজিত NSCN (IM)ৰ স্বয়ম্ভূ মন্ত্ৰীক গুলীয়াই হত্যা... 
উত্তৰ-পূব

নাগালেণ্ডৰ টিজিত NSCN (IM)ৰ স্বয়ম্ভূ মন্ত্ৰীক গুলীয়াই হত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ মন জিলাৰ টিজিটত বুধবাৰে নিশা প্রায় ৯:৩০ বজাত খাম্পেই ওপেইহুম কন্যাক নামৰ এন এছ চি এন (আই এম)ৰ এজন স্বয়ম্ভূ কিলোনচাৰ অৰ্থাৎ মন্ত্ৰীক অচিনাক্ত বন্দুকধাৰীয়ে নিজৰ ঘৰতে গুলীয়াই হত্যা কৰে। প্ৰাপ্ত খবৰ অনুসৰি, নিশা ৬ জন অস্ত্ৰধাৰী লোকে কন্যাকৰ ঘৰত সোমাই গুলীচালনা কৰে।

ঘটনাৰ সময়ত তেওঁৰ পত্নী, তিনিটা সন্তান আৰু পৰিয়ালৰ আন এজন সদস্য ঘৰত আছিল। যদিও হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও অজ্ঞাত। উল্লেখযোগ্য যে, ২০২৩ চনত এন এছ চি এন (আই এম)ত যোগদান কৰা কন্যাকে ইয়ং আং নেতৃত্বাধীন এন এছ চি এনৰ কন্যাক অঞ্চলৰ প্রাক্তন অধ্যক্ষ আছিল বুলি জানিব পৰা গৈছে।

সূত্রসমূহে জনোৱা মতে, আক্রমণকাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰ পিছত কন্যাকৰ মৃতদেহটো ঘৰৰ পৰা টানি উলিয়াই পলায়ন কৰে। সূত্ৰই লগতে জনোৱা মতে, গুলীবিদ্ধ কন্যাকক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়। অৱশ্যে আৰক্ষীয়ে আক্ৰমণকাৰীৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই। ইফালে টিজিত আৰক্ষীৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।