পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়লৈ NMC ৰ স্বীকৃতিঃ ২৬ অক্টোবৰত উদযাপন কৰিব এই সফলতাক... 
উত্তৰ-পূব

পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়লৈ NMC ৰ স্বীকৃতিঃ ২৬ অক্টোবৰত উদযাপন কৰিব এই সফলতাক...

ইউ এছ টি এমৰ চৌহদত অনুষ্ঠিত হ'ব এই সফলতা উদযাপনৰ কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেঘালয়ৰ ৰিভয় জিলাত ইউনিভাৰ্ছিটি অফ চাইন্স এণ্ড টেকনলজী, মেঘালয় চমুকৈ ইউ এছ টি এমৰ কাষতে নিৰ্মাণ কৰা পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় কলেজে লাভ কৰিছে নেচনেল মেডিকেল কমিচন চমুকৈ এন এম চিৰ স্বীকৃতি।

এন এম চিয়ে চিকিৎসা মহাবিদ্যালয়খনত ২০২৪-২৫ শিক্ষা বৰ্ষত ১৫০ খন আসনত এম বি বি এছ পাঠ্যক্ৰমৰ অনুমতি প্ৰদান কৰিছে। সেয়ে অহা ২৬ অক্টোবৰ শনিবাৰে ইউ এছ টি এমৰ চৌহদত নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ এই সফলতাক উদযাপন কৰাৰ ব্যৱস্থা লোৱা হৈছে।

মেঘালয়ৰ লগতে চুবুৰীয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডক এক নতুন গতি দিয়াৰ উদ্দেশ্য নিৰ্মিয়মান এই চিকিৎসা মহাবিদ্যালয়খনৰ এই সফলতাৰ বাবে অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা পি এ চাংমাৰ সুযোগ্য সন্তান কনৰাড চাংমাও উপস্থিত থাকিব।

ইউ এছ টি এমৰ ফালৰ পৰা জনোৱা অনুসৰি দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।