উত্তৰ-পূব

২৪ ঘন্টাৰ ভিতৰত মেইটেই সকলক মিজোৰাম ত্যাগৰ শেষ সকীয়নি প্রাক্তন MNFৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেইটেই সকলক মিজোৰাম ত্যাগৰ শেষ সকীয়নি। প্রাক্তন MNF-য়ে দিলে এই সকীয়নি। ২৪ ঘণ্টাৰ ভিতৰত মিজোৰাম ত্যাগৰ নিৰ্দেশ সংগঠনটোৰ।

কুকি মহিলাক নগ্ন কৰাৰ প্রত্যুত্তৰ মিজোৰাম সংগঠনটোৰ। কুকি আৰু মিজোসকল একে পৰিয়ালৰ বুলি মন্তব্য। কুকি-মেইটেই সংঘৰ্ষ মিজোৰামলৈ বিয়পাৰ আশংকা কৰা হৈছে।

এই সন্দৰ্ভত তেওঁলোকে এখন প্ৰেছ বিবৃতিও প্ৰকাশ কৰিছে। বিবৃতিটো পিছ একৰ্ড এমএনএফ ৰিটাৰ্ণছ এছোচিয়েশ্যনৰ তৰফৰ পৰা দিয়া হৈছে।

উল্লেখ্য যে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী কৰিছে একাংশই। কিন্তু খবৰ অনুসৰি এন বীৰেন সিঙক ক্ষমতাৰ পৰা আঁতৰাব বিচৰা নাই বিজেপিৰ শীৰ্ষ নেতৃত্বই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন বীৰেন সিঙক মুখ্যমন্ত্ৰী হিচাপে ৰাখিয়েই কুকিসহ পাহাৰীয়া জনজাতিয় লোকসকলৰ আস্থা অৰ্জনৰহে চেষ্টা আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে।

লগতে উল্লেখ কৰিব লাগিব যে, কুকিসকলে পৃথক ৰাজ্যৰো দাবী উত্থাপন কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে এই দাবীত ইন্ধন যোগান ধৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহযোগী দল মিজো নেশ্যনেল ফ্ৰণ্টৰ মুৰব্বী জোৰামথাঙ্গাই।