উত্তৰ-পূব

শ্ৰীশ্ৰী মধুপুৰ সত্ৰত গুৰু জয়ন্তীৰ ব্যাপক আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫তম জন্ম জয়ন্তী অহা ২৪ ছেপ্টেম্বৰ দেওবাৰে দিনজোৰা বিস্তৃত আৰু বৰ্ণিল কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, গুৰু জয়ন্তীৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ৭ বজাত সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ নেতৃত্বত ভাগৱৎ শোভাযাত্ৰাৰে কাৰ্য্যসূচীৰ পাতনি মেলা হ'ব।

ৰাতিপুৱা ৯ বজাত নাম-প্ৰসংগ, ৰাতিপুৱা ১০ বজাত গুৰুজনাৰ কৰ্মৰাজিৰ ওপৰত কোচবিহাৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ১২ বজাত আয়তিসকলৰ নাম অনুষ্ঠিত হোৱাৰ লগতে আবেলি ৩ বজাত কোচবিহাৰ জিলাৰ বিভিন্ন অঞ্চলৰ গুৰুজনাই প্ৰৱৰ্তন কৰা একশৰণ নাম ধৰ্ম গ্ৰহণ কৰা লোকসকলৰ উপস্থিতিত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনেৰে জন্ম জয়ন্তীৰ কাৰ্য্যসূচীৰ সামৰণি মৰা হ'ব।

উল্লেখযোগ্য যে, কোচবিহাৰৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গুৰু জয়ন্তী উপলক্ষে "মধুপুৰ ধাম আৰু কোচবিহাৰ" বিষয়বস্তুৰ ওপৰত এখন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।