উত্তৰ-পূব

নাগালেণ্ডৰ পাঁচখন জিলাত 'ৰাজহুৱা জৰুৰীকালীন অৱস্থা' ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ ভাৰত চৰকাৰে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী’ সৃষ্টিৰ প্ৰস্তাৱ নিষ্পত্তি কৰাত পলম কৰাৰ পৰিপ্ৰেক্ষিতত ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমগ্ৰ ইষ্টাৰ্ণ নাগালেণ্ডৰ পাঁচখন জিলাত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । বুধবাৰে ডিমাপুৰত জনজাতীয় সংস্থা আৰু ফ্ৰন্টাল সংগঠনৰ সৈতে অনুষ্ঠিত হোৱা যৌথ বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 

ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ সভাপতি আৰু সাধাৰণ সম্পাদক আৰু চাং খুলেই চেটছাং, খিয়ামনিউংগান জনজাতি পৰিষদ, কন্যাক ইউনিয়ন, ফ’মৰ সভাপতিসকলে স্বাক্ষৰিত এক যৌথ বিবৃতিত এই কথা প্ৰকাশ কৰিছে। পিপলছ কাউন্সিল, ইউনাইটেড চাংটাম লিখুম পুমজি, য়িমখিউং ট্ৰাইবেল কাউন্সিল, ইষ্টাৰ্ণ চুমি হোহো, ইষ্টাৰ্ণ নাগালেণ্ড মহিলা সংগঠন আৰু ইষ্টাৰ্ণ নাগা ছাত্ৰ ফেডাৰেচন চেনমোহোৰ প্ৰস্তাৱ গ্ৰহণ কৰি ভাৰত চৰকাৰে ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী সৃষ্টিৰ প্ৰস্তাৱ নিষ্পত্তি কৰাত পলম হোৱাত ইষ্টাৰ্ণ নাগালেণ্ডত হ'বলগা কোনো কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনত অংশগ্ৰহণ নকৰিবলৈ আহবান জনাই এনপিঅ’ই কঠোৰভাৱে কাৰ্যকৰী কৰিব বুলি  ঘোষণা কৰে।

আনহাতে সদনে এইটোও সংকল্প লয় যে, পৰৱৰ্তী পৰ্যায়ৰ ৰাজহুৱা প্ৰতিবাদ হিচাপে, ২০২৪ চনৰ ৮ মাৰ্চত সমগ্ৰ পূৱ নাগালেণ্ডত পুৱাৰ পৰা সন্ধিয়ালৈ ইষ্টাৰ্ণ নাগালেণ্ড বন্ধ হ’ব। ইয়াৰ পিছত তীব্ৰ ধাৰাবাহিক প্ৰতিবাদ হ’ব। সংগঠন কেইটাই লগতে ঘোষণা কৰে যে ৰাজহুৱা জৰুৰীকালীন সময়ছোৱাত পূৱ নাগালেণ্ডৰ ভিতৰত কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিয়া নহ'ব। 

উল্লেখ্য যে যোৱা  ৯ ফেব্ৰুৱাৰীত পূৱ নাগালেণ্ডৰ ৭খন জিলা আৰু এডিচিৰ মুখ্য কাৰ্যালয়ত গণ ৰাজহুৱা সমাৱেশ অনুষ্ঠিত হৈছিল। সেই সমাৱেশত ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী’ দাবী প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি ঘোষণা কৰে, তেন্তে এই অঞ্চলত হ’ব পৰা কোনো অশুভ পৰিস্থিতিৰ বাবে পূবৰ জনসাধাৰণ দায়ী নহ’ব বুলি স্মাৰকপত্ৰৰ জৰিয়তে ৰাজ্যপালক যোগেদি প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিবলৈও আহ্বান জনায়। ইপিনে সদস্যসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কেইবাবাৰো আশ্বাস দিয়াৰ পিছতো ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰী’ চূড়ান্ত খচৰা এতিয়াও লাভ নকৰাত হতাশা প্ৰকাশ কৰে।