উত্তৰ-পূব

মিজোৰামলৈ ৰাহুল গান্ধী, এইবাৰ লক্ষ্য উত্তৰ-পূব

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ সফল সমাপ্তিৰ পাছত এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ লক্ষ্য উত্তৰ-পূব। আগন্তুক লোকসভা নিৰ্বাচন,২০২৪ তথা মিজোৰামৰ বিধানসভা নিৰ্বাচন,২০২৩ৰ সৈতে সংগতি ৰাখি অহা ১৬ অক্টোবৰত মিজোৰামত এক পদযাত্ৰাত অংশগ্ৰহণ কৰিব নেতা গৰাকীয়ে ।

মিজোৰামত উপস্থিত অসমীয়া প্ৰতিদিনৰ এক বিশেষ সূত্ৰ‌ই দিয়া বাতৰি অনুসৰি, প্ৰায় ২ কিলোমিটাৰ জোৰা পদযাত্ৰাত অংশ লʼব ৰাহুল গান্ধীয়ে । পদযাত্ৰাৰ সময়ছোৱাত সাধাৰণ জনতাৰ সৈতেও কথোপকথন কৰিব নেতা গৰাকীয়ে ।

উল্লেখ্য যে, আগন্তুক নৱেম্বৰ মাহত মিজোৰামত অনুষ্ঠিত হʼব বিধানসভা নিৰ্বাচন । ইতিমধ্যেই নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হোৱা ৰাজ্যখনত প্ৰতিটো দলেই নিজা নিজা পৰিকল্পনাৰে আগবঢ়াই নিছে নিৰ্বাচনী প্ৰচাৰ । তেনেস্থলত, ৰাহুল গান্ধীৰ উপস্থিতিয়ে মিজোৰামৰ কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিব যে সেইয়া খাটাং ।

আনহাতে, অসমীয়া প্ৰতিদিনৰ দলটিয়ে দিয়া বাতৰি অনুসৰি, ১৪ অক্টোবৰতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আন এখন নিৰ্বাচনী সভাৰ আয়োজন কৰিছে । পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ মিজোৰাম ভ্ৰমণৰ অধিক তথ্য প্ৰকাশ কৰা হʼব অসমীয়া প্ৰতিদিনত ।