অৰুণাচলৰ ভূমিৰ পৰা চীনক কঠোৰ সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ 
উত্তৰ-পূব

অৰুণাচলৰ ভূমিৰ পৰা চীনক কঠোৰ সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চুবুৰীয়া অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ গভীৰ অভিসন্ধিৰে প্ৰতিবেশী চীনে অৰুণাচলৰ ১২ টাকৈ পাহাৰৰ সৈতে মুঠ ৩০ টা স্থানৰ নিজাকৈ নাম দিয়াক লৈ আজি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচলৰ ভূমিৰ পৰাই চীনক তীক্ষ্ণ সমালোচনা কৰে। তেওঁ চীনৰ এই কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰি কয় যে, ভাৰতে যদি অনুৰূপ ধৰণে চীনৰ প্ৰদেশৰ নিজাকৈ নতুন নাম দিয়ে তেন্তে চুবুৰীয়া দেশখনৰ সেই অঞ্চলবোৰ ভাৰতৰ হৈ যাব নেকি?

অৰুণাচল পূৱ লোকসভা সমষ্টিৰ অন্তৰ্গত নামচাইত আজি এক নিৰ্বাচনী সভা সম্বোধন কৰিবলৈ আহি ৰাজনাথ সিঙে কয়, চীনে উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যখনৰ ৩০ টা স্থানৰ নাম সলনি কৰিলেই প্ৰকৃত সত্য সলনি হৈ নযায়। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ।

তেওঁ কয়, মই চীনক সুধিব বিচাৰোঁ, যদি আমি চুবুৰীয়া দেশখনৰ বিভিন্ন প্ৰদেশৰ নাম সলনি কৰোঁ তেন্তে সেই প্ৰদেশসমূহ আমাৰ দেশৰ অংশ হৈ পৰিব নেকি? এনে কাৰ্যকলাপৰ বাবেই ভাৰত আৰু চীনৰ সম্পৰ্কৰ অৱনতি ঘটিছে। আমি চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বিচাৰোঁ। কিন্তু যদি কোনোবাই আমাৰ আত্মসন্মানত আঘাত কৰিবলৈ চেষ্টা কৰে তেন্তে তাৰ যথোচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰতৰ সক্ষমতা আছে বুলিও কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, কিছু দিন পূৰ্বে চীনে অৰুণাচল প্ৰদেশক জাংনান বুলি উল্লেখেৰে এই প্ৰদেশৰ ১১ আবাসিক এলেকা, ১২ পাহাৰ, ৪ খন নদী, এটা হ্ৰদ, এটা গিৰিপথ আৰু এক ভূখণ্ডক নিজাকৈ নামকৰণ কৰিছিল। চীনৰ এনে কাৰ্য এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ২০১৭, ২০২১ আৰু ২০২৩ ত চীনে অনুৰূপ কাৰ্য সংঘটিত কৰিছিল।