উত্তৰ-পূব

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত ৰাজনাথ সিং

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তেজপুৰৰ শ'লমাৰাস্থিত সেনা ছাউনীত সেনাজোৱান সকলৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দেশ সেৱাত নিয়োজিত সেনা জোৱানৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যৰেই এই কাৰ্যসূচী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।

মঙলবাৰে টাৱাঙলৈ ৰাওনা হ'ব ৰাজনাথ সিং। টাৱাঙত সেনা জোৱানসকলৰ সৈতে বিজয়া দশমী আৰু দশেৰাৰ অনুষ্ঠানত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

হামাছ আৰু ইজৰাইলৰ যুদ্ধ সন্দৰ্ভতো তেজপুৰত ভাৰতৰ স্থিতি স্পষ্ট সম্পৰ্কত মন্তব্য আগবঢ়াই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধীতা কৰিছে আৰু ভৱিষ্যতেও কৰিব বুলি উল্লেখ কৰি সমগ্ৰ বিশ্বই একগোট হৈ সন্ত্ৰাসবাদৰ বিৰোধীতা কৰিব লাগে মন্তব্য আগবঢ়াই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।