উত্তৰ-পূব

ধৰ্ষণৰ বলি হোৱা মহিলাক যৌন নিৰ্যাতন ন্যায়াধীশৰ!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এগৰাকী ধৰ্ষণ পিড়ীতাই অভিযোগ উত্থাপন কৰি কয় যে এগৰাকী ন্যায়াধীশে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছে। ন্যায়াধীশগৰাকীয়ে আদালতৰ চেম্বাৰতে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।

এগৰাকী জ্যেষ্ঠ অধিবক্তাই কয় যে ধলাই জিলা আৰু সত্ৰ ন্যায়াধীশ গৌতম সৰকাৰৰ নেতৃত্বত তিনিজনীয়া সমিতিয়ে ভুক্তভোগীগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত আৰম্ভ কৰিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁ ধৰ্ষণৰ সন্দৰ্ভত বক্তব্য লিপিবদ্ধ কৰিবলৈ ১৬ ফেব্ৰুৱাৰীত কমলপুৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ চেম্বাৰলৈ গৈছিল। যেতিয়া তেওঁ বিবৃতি দিব লৈছিল তেতিয়া ন্যায়াধীশগৰাকীয়ে তেওঁক উৎপীড়ন চলায়। লগে লগে তেওঁৰ চেম্বাৰৰ পৰা ওলাই আহিছিল।

এই ঘটনাৰ বিষয়ে মহিলাগৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিতৰত তদন্ত চলি আছে। গোচৰৰ পাছতেই জিলা আৰু সত্ৰ ন্যায়াধীশৰ নেতৃত্বত গঠিত তিনিজনীয়া সমিতিখনে আদালত চৌহদত কমলপুৰ বাৰ এছ'চিয়েশ্যনৰ সদস্যসকলকো সাক্ষাৎ কৰে।

ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক জেনেৰেল ভি পাণ্ডেয়ে কয়, আমি এতিয়ালৈকে এই বিষয়টো সন্দৰ্ভত কোনো আনুষ্ঠানিক অভিযোগ পোৱা নাই। ছচিয়েল মিডিয়াৰ জৰিয়তেহে এই কথা জানিব পাৰিছো। আমি আনুষ্ঠানিকভাৱে গোচৰ লাভ কৰাৰ পাছত তদন্ত কৰিম।