উত্তৰ-পূব

ক্ৰমাৎ সুস্থিৰ হোৱাৰ দিশে মণিপুৰঃ বুধবাৰৰ পৰা খোল খাব বিদ্যালয়সমূহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰমাৎ সুস্থিৰ পৰিৱেশ ঘূৰি আহিছে মণিপুৰলৈ । বুধবাৰৰ পৰা পুনৰ বিদ্যালয়লৈ যাব ৰাজ্যখনৰ শিক্ষাৰ্থীসকল । ৫ জুলাইৰ পৰা পুনৰ আৰম্ভ হ'ব বিদ্যালয়সমূহৰ পাঠদান । সোমবাৰে মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে সংবাদমেলযোগে ঘোষণা কৰিছিল প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব ৰাজ্যখনৰ বিদ্যালয়সমূহত ।

উল্লেখ্য যে, বিগত দুমাহ দিন ধৰি ৰাজ্য খনত দুটা জনগোষ্ঠীৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰি আছিল চুবুৰীয়া ৰাজ্যখনত । যাৰ ফলত মণিপুৰত স্থবিৰ হৈ পৰিছিল স্বাভাবিক জীৱন যাত্ৰা । বহু নাগৰিকে আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছিল ।তদুপৰি বন্ধ হৈ পৰিছিল শিক্ষানুষ্ঠানসমূহ । সোমবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ।