উত্তৰ-পূব

ৰাহুল গান্ধী উপস্থিত হোৱাৰ পূৰ্বে মণিপুৰত উত্তপ্ত পৰিস্থিতি

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধী মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে সংঘটিত হৈছে অনাকাঙ্খিত ঘটনা। সোমবাৰে পুৱতি নিশা জিৰিবাম জিলাত মণিপুৰ আৰক্ষী আৰু কুকিৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

পুৱতি নিশা প্ৰায় ৩-০০ বজাৰ পৰা ৭-০০ বজালৈ এই গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়। লগতে জ্বলাই দিয়া হৈছে কেইবাটাও ঘৰ। ঘটনাক কেন্দ্ৰ কৰি মণিপুৰৰ জিৰিবাম জিলাত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখযোগ্য যে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰাৰ বাবে ইতিমধ্যে বিমান বন্দৰত উপস্থিত হৈছে ৰাহুল গান্ধী। কাৰ্যসূচী অনুসৰি আজি তেঁও জিৰিবামত উপস্থিত হৈ পৰিৱেশ পৰিস্থিতিৰ বুজ লোৱাৰ কথা। ইয়াৰোপৰি জিৰিবাম জিলাৰ আশ্ৰয় শিবিৰসমূহো পৰিদৰ্শন কৰাৰ কথা।

কিন্তু এতিয়া এনে পৰিস্থিতিত ৰাহুল গান্ধীয়ে মণিপুৰলৈ যাব নে নাযায় সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক খবৰ আহি পৰা নাই। অৱশ্যে ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অৱ্যাহত ৰাখিছে।

ইফালে ৰাহুল গান্ধীৰে এক বাৰ্তালাপত মিলিত হয় অসমৰ প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰা। সভাপতি বৰাই অসমৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাহুল গান্ধীৰে কেতবোৰ আলোচনা কৰা বুলি জানিব পৰা গৈছে।