তিনি বাংলাদেশীক গ্ৰেপ্তাৰ 
উত্তৰ-পূব

ত্ৰিপুৰাত তিনি বাংলাদেশীক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ:  চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত তিনিগৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে  ধৰ্মনগৰ আৰক্ষীয়ে। ছদ্মবেশ ধৰি দীৰ্ঘদিনৰ‌ পৰা ধৰ্ম নগৰৰ ভাড়াঘৰত আশ্ৰয় লৈ বিভিন্ন ব্যৱসায়ত জৰিত হৈ আছিল বাংলাদেশী কেইজন।

গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ধৰ্মনগৰৰ পূৰ্ববাজাৰ অঞ্চলৰ ভাড়াঘৰৰ পৰা তিনিজন বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত বাংলাদেশী কেইজন বাংলাদেশৰ মৌলৱী বজাৰ জিলাৰ মনছুৰ আলী, জুৰি বেলগাৰ মহম্মদ কাইম আৰু গোৱালবাৰীৰ ৰাছেল আহমেদ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বৰ্তমান তিনিওজন বাংলাদেশীকে ধৰ্মনগৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন স্থানত ছদ্মবেশ ধৰি বসবাস কৰা আৰু অসংখ্য বাংলাদেশীৰ তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।

আৰক্ষীৰ জেৰাত ধৃত বাংলাদেশী কেইজন দালালৰ জৰিয়তে অবৈধভাৱে ভাৰতত প্ৰবেশ কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। দালালক মোটা অংকৰ ধন আদায় দি ত্ৰিপুৰা - বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানৰে ভাৰতত প্ৰবেশ কৰিছিল বাংলাদেশী তিনিজনে।

ধৃত মনছুৰ আলীয়ে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা মতে, ত্ৰিপুৰাৰ‌ ইৰাণী সীমান্তৰে দালালক ১ হাজাৰ টকা আদায় দি তেওঁ ভাৰতত প্ৰবেশ কৰিছে। ধৰ্ম নগৰত ঘৰভাড়া লৈ‌ তেওঁ মাছৰ পোনাৰ ব্যৱসায় কৰি আহিছে।

সেইদৰে মহম্মদ কাইম আৰু ৰাছেল আহমেদেও দালালক ১ হাজাৰকৈ টকা দি অবৈধভাৱে ভাৰতত প্ৰবেশ কৰিছিল। মহম্মদ কাইমে কমলপুৰ সীমান্তৰে ত্ৰিপুৰাত প্ৰৱেশ কৰি ভঙা-ছিঙা লোহা টিনৰ ব্যৱসায় কৰি থকাৰ কথা ব্যক্ত কৰে। তৃতীয়জন বাংলাদেশী যুৱক ৰাছেল আহমেদে কৰ্পোৰ সীমান্তৰে অনুৰূপ পন্থাৰে ভাৰতত প্ৰৱেশ কৰিছিল। 

তেওঁ ধৰ্ম নগৰত ঘৰভাড়া লৈ‌ ব্যৱসায় কৰি আহিছে বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে। বাংলাদেশী তিনিজনৰ‌ পৰা ভাৰতীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ জেৰাত বাংলাদেশী কেইজনে এইধৰণে ক’লেও আৰক্ষীয়ে তেওঁলোকৰ কথা সম্পূৰ্ণ বিশ্বাসত লোৱা নাই। আচলতে পেটৰ তাড়নাত সীমান্ত পাৰ হৈ তেওঁলোক ভাৰতলৈ আহিছে নে ইয়াৰ আৰত অন্য ৰহস্য লুকাই আছে, এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছে ধৰ্মনগৰ আৰক্ষীয়ে।