উত্তৰ-পূব

বিজেপি চৰকাৰত অন্তৰ্ভুক্ত হোৱাৰ দিশে ত্ৰিপুৰাৰ মুখ্য বিৰোধী দল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰায় প্ৰতিটো ছেকেণ্ডতে ৰাজনীতিত পৰিবৰ্তন ঘটিছে। বহু নেতাই দল এৰি অন্য দলত যোগদান কৰিছে। ক্ষমতা লাভৰ আশাত একাংশই কৰিছে মিত্ৰজোঁট।

ত্ৰিপুৰাৰ মুখ্য বিৰোধী দল টিপ্ৰা মোথাই লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰত অন্তৰ্ভুক্ত হ'ব বুলি জানিব পৰা গৈছে। বিজেপিৰ এক সূত্ৰই সদৰি কৰিছে এই কথা।

৬০ জনীয়া বিধানসভাত টিপ্ৰা মোথাৰ ১৩ জন বিধায়ক আছে। ইয়াৰে দুজনে মন্ত্ৰী পদ লাভ কৰাৰ সম্ভাৱণা আছে।

ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ সকলো সমস্যা সমাধানৰ বাবে টিপ্ৰা মোথা, ত্ৰিপুৰা চৰকাৰ আৰু কেন্দ্ৰৰ মাজত নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ কেইদিনমান পিছত এই খবৰ আহে।

ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজীব ভট্টাচাৰ্যই কয় যে, "টিপ্ৰা মোথাই সংসদীয় নিৰ্বাচনৰ পূৰ্বে বিজেপি-আইপিএফটি মিত্ৰজোঁটৰ চৰকাৰত যোগদান কৰিবলৈ সাজু হৈছে। মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।

বৰ্তমান ত্ৰিপুৰা চৰকাৰত মুখ্যমন্ত্ৰী মানিক সাহাকে ধৰি ৯ জন মন্ত্ৰী আছে। নিয়ম অনুসৰি ৰাজ্যখনত মুখ্যমন্ত্ৰীকে ধৰি ১২ জন মন্ত্ৰী থাকিব পাৰে।

অৱশ্যে এই খবৰৰ এতিয়ালৈকে আনুষ্ঠানিকতা হোৱা নাই। জানিব পৰা মতে তিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত দেববৰ্মা বৰ্তমান দিল্লীত আছে। বৃহস্পতিবাৰে তেওঁ দিল্লীৰ পৰা উভতি অহাৰ পাছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব।