ম্যানমাৰৰ পৰা ভাৰতলৈ অবৈধ নিচাজাতীয় দ্ৰব্য সৰবৰাহঃ দুজনক গ্ৰেপ্তাৰ... 
উত্তৰ-পূব

ম্যানমাৰৰ পৰা ভাৰতলৈ অবৈধ নিচাজাতীয় দ্ৰব্য সৰবৰাহঃ দুজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহ হৈ আহিছে ড্ৰাগছকে ধৰি বহু নিচা জাতীয় সামগ্ৰী। এই অভিযোগ বহু পুৰণি যদিও ইয়াৰ সত্যতা নথকা নহয়।

ম্যানমাৰৰ পৰাই যে উত্তৰ পূৰ্বাঞ্চল হৈ দেশৰ ভিন্ন প্ৰান্তলৈ নিচাজাতীয় দ্ৰব্যৰ অবাধ সৰবৰাহ অব্যাহত আছে সেই কথাক পুনৰ প্ৰমাণ কৰিলে মিজোৰাম আৰক্ষীয়ে। শেহতীয়াকৈ মিজো আৰক্ষীৰ জালত পৰিছে দুজন অবৈধ নিচাজাতীয় টেবলেট সৰবৰাহকাৰী।

মিজো আৰক্ষীয়ে এই দুই ব্যক্তিৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট। মিজো আৰক্ষী আৰু শুল্ক বিভাগৰ এক অভিযানত মুঠ ৪.৬৯৯ কেজি মেথাম ফেটামাইন টেবলেট জব্দ হৈছে।

ইয়াৰোপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ম্যানমাৰৰ দুই সৰবৰাহকাৰীক। জানিব পৰা মতে এই লোক দুজনে এই টেবেলটসমূহ ভাৰতলৈ সৰবৰাহ কৰিছিল।

জব্দকৃত এই টেবেলটখিনিৰ মূল্য অবৈধ বজাৰত আনুমানিক কেইবা কোটি টকা হব।ধৃত দুই সৰবৰাহকাৰীৰ নাম ললিয়ান থাংগা আৰু ডেভিড।