হিমন্ত চৰকাৰৰ দুবছৰত বিজেপিতো সৃষ্টি হৈছে নেকি দুই শিবিৰ... 
বিশেষ প্ৰতিবেদন

হিমন্ত চৰকাৰৰ দুবছৰত বিজেপিতো সৃষ্টি হৈছে নেকি দুই শিবিৰ...

Asomiya Pratidin
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২ বছৰ সম্পূৰ্ণ হ'ল। এই ২ বছৰীয়া কাৰ্যকালত ৰাজ্যৰ ৰাজনৈতিক জগতখনত সংঘটিত হৈছে বহু উত্থান-পতন। ব্যতিক্ৰম নহয় বিজেপি দলটোও। বিজেপিৰ দ্বিতীয়টো কাৰ্যাকালৰ এই দুটা বছৰত দলটোত সাক্ষী হৈছে বিভিন্ন ঘটনাৰ। চৰ্চা চলিছে দলটোত সৃষ্টি হৈছে দুটা শিবিৰ। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুটা বছৰ সম্পূৰ্ণ হ'ল। ২০২১ ৰ ১০ মে'ত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছৰ পৰা আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল।

ইফালে কংগ্ৰেছক পৰাস্ত কৰি ৰাজ্যৰ শাসনভাৰ বিজেপিয়ে নিজৰ হাতলৈ নিয়াৰ লগতে অসমত এই পৰ্যন্ত মুঠ ৭ বছৰ শাসন কৰিছে। এই ৭ বছৰত দলটোৱে অসমত নিজৰ স্থিতি পূৰ্বৰ তুলনাত অধিক শক্তিশালী কৰাৰ লগতে দলটোৱে নিজৰ বাবে বহু কিবাকিবি কৰিলে।

পঞ্চ তাৰকা যুক্ত হোটেলৰ দৰে নিৰ্মাণ কৰি তুলিলে ৰাজ্যিক কাৰ্যালয়। প্ৰতিখন জিলা কমিটীৰ বাবে দলৰ পৰা একোখনকৈ বলেৰ' বাহন যোগাৰ কৰিলে। ইয়াৰোপৰি প্ৰতিখন জিলাত বিজিপিৰ কাৰ্যালয় নিৰ্মাণৰ লগতে উজনি অসমৰ ডিব্ৰুগড়ত আন এটা বৃহৎ কাৰ্যালয় নিৰ্মাণৰল কাম আৰম্ভ কৰিছে।

বাহিৰৰ পৰা চালে দলটোৰ এই কাৰ্যাৱলীসমূহে দলটোক পূৰ্বতকৈ অধিক গতিশীল কৰি তুলিছে বুলি ধাৰণা হয় যদিও দলটোৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা কিছু কাম-কাজে অৱশ্যে আন এক ইংগিতহে প্ৰদান কৰে।

সুদীৰ্ঘকাল বিজেপি কৰ্মী হিচাপে সাংগঠনিক ভেটি শক্তিশালী কৰাত মনোনিৱেশ কৰি ২০১৬ চনত নলবাৰীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অশোক শৰ্মাৰ দৰে নেতাই এতিয়া মুকলিকৈ ক'বলৈ বাধ্য হৈছে দলটোক 'অপাত্ৰ'ৰ হাতত গতাই দিয়া বুলি। কাৰ্বিপাহাৰত পদুম ফুলাত মুখ্য ভূমিকা লোৱা প্ৰাক্তন বিধায়ক তথা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী জয়ৰাম ইংলেঙৰ দৰে নেতাই দলটোৰ পৰা পদত্যাগ কৰিছে।

জয়ৰাম ইংলেঙৰ মতে বিজেপিয়ে যি ৰাজনীতি কৰিছে সেই ৰাজনীতি তেওঁ কৰিব নোৱাৰে। জাতি, ধৰ্ম, বৰ্ণ লৈ তেওঁ ৰাজনীতি কৰিব নোৱাৰে বুলি উল্লেখ কৰি কৈছিল, এই ৰাজনীতি মোৰ বাবে তিক্ততাপূৰ্ণ হৈ পৰিছিল।

নিৰাপত্তা, শান্তি, উন্নয়নক গুৰুত্ব নিদি ধৰ্মৰ ৰাজনীতি কৰাতহে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব নিমজ্জিত হৈছে। তাৎপৰ্যপূৰ্ণ ভাৱে যিগৰাকী জয়ৰাম ইংলেঙৰ বাবেই কাৰ্বি পাহাৰত বিজেপিয়ে খোপনি পুতিবলৈ সক্ষম হৈছিল সেই জয়ৰাম ইংলেঙকে চিনি নাপাওঁ বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীৰ এই তাৎচ্ছিল্য সূচক মন্তব্যৰো প্ৰত্যুত্তৰ দিলে জয়ৰামে। বৰ্তমানৰ নেতৃত্বৰ প্ৰতি বিজেপিৰ ভিতৰচৰাত বৃদ্ধি পোৱা অসন্তুষ্টিৰ মুকলি প্ৰকাশ ঘটিছিল যোৱা ৬ এপ্ৰিলত নৱ নিৰ্মিত সুবিশাল ৰাজ্যিক কাৰ্যালয়ত। কেন্দ্ৰীয় ভাৱে ৰাজ্যিক কাৰ্যালয়ত সেই দিনা অনুষ্ঠিত হৈছিল দলটোৰ প্ৰতিষ্ঠা দিৱস।

এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণীধৰ শৰ্মা আৰু মন্ত্ৰী ৰঞ্জিত দাস। আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল একালৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য আদি। উপস্থিত আছিল গুৱাহাটীৰ সাংসদ কুইন ওজা, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা।

কিন্তু দৃষ্টিকটু ভাৱে এই অনুষ্ঠানত উপস্থিত নাছিল মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী পৰিষদৰ বাকীসকল সদস্য। দলীয় কৰ্মীৰো অংশগ্ৰহণ আছিল অতি সীমিত। যাৰ বাবে তিনিওগৰাকী প্ৰাক্তন সভাপতিয়ে বৰ্তমানৰ সভাপতি, সাংগঠনিক সম্পাদকক সন্মুখত ৰাখিয়েই ক'বলৈ বাধ্য হ'ল দলটোৰ অনুশাসন বজাই ৰখাৰ কথা।

সোঁৱৰাই দিবলৈ বাধ্য হ'ল দলটোৰ নীতি, আদৰ্শৰ কথা। মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰি কেন্দ্ৰিয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে সৰ্বানন্দ সোণোৱালে বাৰে বাৰে দোহাৰি অহা 'প্ৰথমে দেশ তাৰ পাছত দল আৰু শেষত ব্যক্তি' নীতিৰ কথা পুনৰবাৰ দোহাৰে। বিজেপিৰ এই প্ৰতিষ্ঠা দিৱসেও দলটোৰ ভিতৰ চৰাৰ বহু কথাৰে ইংগিত দিলে।

যোৱা প্ৰায় ডেৰটা বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰিয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ সৃষ্টি হৈছে দুটা শিবিৰ। এই দুই নেতাৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ শৰ্মা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ।

আনহাতে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি প্ৰিয় হোৱাৰ লগতে দলটোৰ সৰ্বোচ্ছ নীতি-নিৰ্ধাৰক কমিটীৰো সদস্য। সেয়ে এই দুই নেতাক লৈ অসম বিজেপি এতিয়া দুটা শিবিৰত বিভক্ত হৈছে নেকি? এমে প্ৰশ্নও দলটোৰ কৰ্মীসকলৰ লগতে সচেতন মহলটো চলিছে চৰ্চা।

এনে প্ৰেক্ষাপটতে যেন দলটোৰ মাজত একত্ৰিত হৈছে আন এটা শিবিৰ। এই শিবিৰৰ নেতৃত্ব লৈছে পুৰণি বিজেপিৰ এচাম নেতাই। এই নেতাৰ মাজত আছে প্ৰাক্তন ৰাজ্যিক সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আদি।

মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ শিবিৰৰ সদস্যসকলৰ অনুপস্থিতি, সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শিবিৰৰ সদস্যৰ অনুপস্থিতি এতিয়া তেনেই সাধাৰণ কথা।

মাহটোৰ প্ৰায় ৩০ দিনেই দিছপুৰ অথবা আন আন সমষ্টিত বিভিন্ন কামত ব্যস্ত থাকে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ আটাইকেইজন মন্ত্ৰী। বিভাগীয় কামত অথবা বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মাহটোৰ অধিকাংশ সময় বিভিন্ন জিলা পৰিদৰ্শন কৰে।

কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটীলৈ অহাৰ সময়ছোৱাতেই এই মন্ত্ৰীসকল নিজা সমষ্টিলৈ গৈ সমষ্টিৰ ৰাইজৰ কাষত থিয় হোৱাৰ লগতে বিভিন্ন অভাৱ-অভিযোগ গ্ৰহণ কৰে। কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীত সাক্ষাৎ কৰাটো এইসকল মন্ত্ৰীৰ বাবে কাৎচিত হে পৰিলক্ষিত হয়।

মন কৰিবলগীয়া যে, কেন্দ্ৰীয়মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰি ৰাজ্যলৈ ঘূৰি অহাৰ পাছত সৰ্বানন্দ সোণোৱালক গুৱাহাটীত আদৰণি জনোৱাৰ এক অনুষ্ঠান অনুষ্ঠিত কৰিছিল ৰাজ্যিক বিজেপিয়ে। এই অনুষ্ঠান অৱশ্যে উল্লাসহীন আছিল।

যাৰ বাবে পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালৰ একাংশ অনুগামী নেতা, কৰ্মীয়ে উজনি অসমৰ ডিব্ৰুগড়ত পুনৰ তেওঁক আদৰণি জনোৱাৰ আন এক অনুষ্ঠান আয়োজন কৰা বিষয়টোৱেও কিন্তু সামাজিক মাধ্যমত তথা দলীয়, কৰ্মীৰ মাজত বিশেষ চৰ্চা লাভ কৰিলে। অৱশ্যে নকলেও হয় যে, এই চৰ্চাও যে দলটোৰ বাবে যোগাত্মক নাছিল।

বিজেপিৰ ভিতৰচৰাত চলি থকা এনে পৰিস্থিতিৰ। মাজতেই শেহতীয়াকৈ বঙাইগাঁৱত ইয়াৰ বৰ্হিপ্ৰকাশ ঘটিল। বঙাইগাওঁ বিজেপিৰ প্ৰায় ১৮ জন মণ্ডল সভাপতিকে ধৰি আন আন নেতা কৰ্মীয়ে ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ।

জিলাখনৰ সভানেত্ৰী হিমানী অধিকাৰীৰ বিৰুদ্ধে আৰু তেওঁৰ স্বামী ডেনিয়েল দাসে দালালৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ভৱেশ দাসে বৈঠক অনুষ্ঠিত কৰিছিল যদিও অসন্তুষ্টি দূৰ হোৱা নাই জিলা বিজেপিৰ পৰা।

যাৰ বাবে জিলাখনৰ যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে লিখিলে, ''কাম-কাজৰ ক্ষেত্ৰত অলপ যুৱমৰ্চাৰ সভাপতিক অৱগত কৰালে ভাল হয়। কাৰোবাৰ দোকানত, কাৰোবাৰ ঘৰত কামৰ লিষ্ট বনোৱাটো কংগ্ৰেছৰ পৰম্পৰা।''

এইদৰেই এতিয়া বিজেপিৰ ভিতৰচৰাত চলি আছে বিসম্বাদ কিম্বা শীতল যুদ্ধ। মাজে মাজে দৃষ্টিকটু ভাৱে এই যুঁজখনে ধৰা দিছে যদিও অৱশ্যে এই সন্দৰ্ভত কোনেও মুকলিকৈ ক'বলৈও সাহস কৰাৰ পৰিস্থিতি আজিৰ তাৰিখত দলটোৰ ভিতৰচৰাত নাই।

শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলন, বিহুৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আদি অনুষ্ঠানৰ কিছুমান ঘটনায়ো স্বাভাৱিকতে প্ৰশ্নৰ সৃষ্টি কৰিছে, সঁচাকৈয়ে এই দুই নেতাৰ মাচজ চলিছে নেকি শীতল যুদ্ধ? কাৰণ এই দুই অনুষ্ঠানৰ মাজতে সংঘটিত হোৱা কিছু কথাই এই বিষয়টোক অধিক চৰ্চিত কৰি তুলিছে।

গুৱাহাটীৰ হোটেল ৰেজিশ্যন ব্লুত জি-২০ গোটৰ গুৰুত্বপূৰ্ণ বৈঠক চলি থকাৰ মাজতে হঠাৎ অসমত চলিছিল বাল্য বিবাহ বিৰোধী অভিযান। নিশাটোৰ ভিতৰতে কেইবাহাজাৰ লোকক আটক আৰু গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা এনে লোকসকলৰ মাজত এনে লোকো আছিল যাৰ সন্তান ডাঙৰ হৈ স্কুললৈ গৈছে।

নিশাটোৰ ভিতৰতে এইদৰে হঠাৎ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা খবৰে স্বাভাৱিকতে ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিৰ সৃষ্টি হৈছিল। অসমৰ সংবাদ মাধ্যমো এই খবৰক লৈ ব্যস্ত হৈ পৰিছিল।

এনে পৰিস্থিতিত গুৱাহাটীত অনুস্থিত হোৱা জি-২০ গোটৰ বৈঠকৰ বিষয়টো তল পৰিল। এই বৈঠকত কি আলোচনা হ'ল, তাৰ পৰা অসম তথা ভাৰতে কি পালে সেই বিষয়ে ক'তো চৰ্চা নহ'ল। চৰ্চা নাপালে সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণৰ খবৰে।

১৩ এপ্ৰিলত সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত অসমীয়াৰ প্ৰাণ বিহুৱে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল। ১৪ এপ্ৰিলত গীনিজ বুক কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে অসম চৰকাৰলৈ আগবঢ়াইছিল এই স্বীকৃতিপত্ৰ।

১৪ এপ্ৰিলত আছিল গৰু বিহু। ৰঙালী বিহুৰ প্ৰথমটো দিন। বিহুত জাতীয় সাজপাৰ পৰিধান কৰাটো অসমীয়াৰ নিয়ম। এইবাৰৰ বিহু আছিল পূৰ্বৰ তুলনাত বহু ব্যতিক্ৰম। এইবাৰ বিহুৱে ৰাজ্যৰ পৰিসীমা ভেদ কৰি বিশ্ব দৰবাৰলৈ গৈছিল। এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰৈছিল হাজাৰ হাজাৰ লোক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই ঘোষণা কৰিছিল এই অনুষ্ঠান উপভোগ কৰিবলৈ যিসকল লোক আহিব তেওঁলোকে যাতে জাতীয় সাজপাৰ পৰিধান কৰি আহে। কোনো কাৰণ যদি নোৱাৰে তেন্তে অন্ততঃ ফুলাম বিহুৱানখন লগত লৈ আনে।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনায়, মন্ত্ৰীসভাৰ প্ৰতিজন সদস্য, ৰাজ্যিক বিজেপিৰ নেতা, কৰ্মী, সৰ্বসাধাৰণ আনকি সংবাদ মাধ্যমৰ ব্যক্তিসকলেও পৰিধান কৰি গ'ল জাতীয় সাজপাৰ। কিন্তু দৃষ্টি কটু ভাৱে দেখা গ'ল এই অনুষ্ঠানত জাতীয় সাজপাৰ পৰিধানৰ পৰা বিৰত থাকিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

প্ৰতি দিনেই কপালত ফোঁট লৈ ফুৰা, সামাজিক, সাংস্কৃতিক ভাৱে সচেতনতাৰ কথা কোৱা সোণোৱালে বিহুৰ এই অনুষ্ঠানত পৰিধান নকৰিলে জাতীয়-সাজপাৰ। তেওঁক দেখি এনে লাগিছিল যেন আহিব লাগে বাবেহে এই অনুষ্ঠানলৈ আহিছিল। প্ৰধানমন্ত্ৰী মোডীক এষাৰ মাত দিবলৈ, তেওঁৰ কাষত থিয় দিবলৈকে তেওঁ অনিশ্চা স্বত্বেই যেন ক'ৰবাৰ পৰা হঠাৎ আহি উলাইছিলহি এই অনুষ্ঠানত।

তেওঁৰ এই ৰূপ দেখি সকলোৰে মাজত চৰ্চা হৈছিল। মানুহো কৈছিল, কৃষ্ণ গুৰুৰ ভক্ত, ধাৰ্মিক, জাতীয় চেতনা সম্পন্ন, দায়িত্ববোধৰ কথা কৈ অহা সোণোৱালে এই কাম কিয় কৰিলে?

সেয়ে এনেবোৰ ঘটনাৰাজিয়ে এতিয়া বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে, সঁচাই দুভাগত বিভক্ত হৈছেনেকি বিজেপি? ৰাজনৈতিক বিশেষজ্ঞসকলে কোৱাৰ দৰেই বিজেপিত আছে নেকি তিনিটা শিবিৰ?

সন্মুখত লোকসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলটোত দেখা দিয়া এনে পৰিস্থিতিয়ে এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটাইছে, তিনিটা শিবিৰত বিভিক্ত বিজেপিয়ে ইতিপূৰ্বে কৈ অহাৰ দৰে ১৪ টা সমষ্টিয়েই দখল কৰিব পাৰিবনে? পাৰিবনে নিৰ্বাচনৰ পূৰ্বে দুই শক্তিশালী নেতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই কথাবোৰ নস্যাৎ কৰিবলৈ?

পাৰিবনে এই দুই নেতাই তেওঁলোকৰ মাজত কোনো বিভেদ নাই বুলি স্পষ্ট কৰি দলীয় কৰ্মীক পতিয়ন নিয়াবলৈ? নে নিৰ্বাচনৰ সময়লৈকে দুই নেতাৰ, দুই শিবিৰৰ মাজত শীতল যুঁজ চলা বুলি যি চৰ্চা চলিছে সেই চৰ্চাক অধিক পৰিস্ফুট কৰি তুলিব? এই সকলো জানিবলৈ, বুজিবলৈ আমি সময়লৈ অপেক্ষা কৰিব লাগিব।