বিশেষ প্ৰতিবেদন

শংকৰজ্যোতি যাব! কাৰ কপাল ফুঁলিব...

Asomiya Pratidin
নাৰীকেন্দ্ৰিক বিৰ্তকৰ বাবে এটা বছৰ নহওঁতেই সাধাৰণ সম্পাদকৰ পদবী এৰিব লাগিব শংকৰজ্যোতি বৰুৱাই। ইতিমধ্যে পদবী এৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে শংকৰজ্যোতিক। যদিহে সাধাৰণ সম্পাদকৰ পদ শংকৰে এৰি দিয়ে, তেন্তে কোন হব পাৰে আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক। অসমীয়া প্ৰতিদিনৰ এক প্ৰতিবেদন...

নাৰীকেন্দ্ৰিক বিৰ্তকৰ পাছত হয়তো অচিৰেই আছুৰ সাধাৰণ সম্পাদকৰ পদবী ত্যাগ কৰিব শংকৰজ্যোতি বৰুৱাই। নিজ মুখে যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ আৰু পিছৰ পৰ্যায়ত বিচ্ছেদ হোৱাৰ কথাও মানি লোৱাৰ পাছতে আছুৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে। যোৱা সোমবাৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ সৈতে বহা বৈঠকত এই পৰামৰ্শ প্ৰদান কৰা হয়।

আলোচনাৰ অন্তত কি ক’লে মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যইঃ-

শংকৰজ্যোতি বৰুৱা আৰু উৎপল শৰ্মাৰ সৈতে বৈঠকত বহাৰ অন্তত মুখ্য উপদেষ্টাগৰাকীয়ে সদৰি কৰে যে, আমি তিনিওগৰাকীয়ে আলোচনা কৰিলো যে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি ৰক্ষা কৰাৰ স্বাৰ্থত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সভাপতি উৎপল শৰ্মা আৰু মই তেখেতক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি আৰু ছুটী লবলৈ আমি পৰামৰ্শ আগবঢ়াইছো। আমি আশা কৰিছো তেখেতে গোটেই বিষয়টোত ইতিবাচক সহাঁৰি দিব। অতিশীঘ্ৰেই আছুৰ এখন সাধাৰণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হব।শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বিৰুদ্ধে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে, গতিকে আমি এই পৰামৰ্শ আমি তেখেতক প্ৰদান কৰিছো।

সাধাৰণ সম্পাদকলৈ কি আহ্বান জনালে সভাপতি উৎপল শৰ্মাইঃ-

সোমবাৰে কৰা আলোচনাৰ বিষয় মঙলবাৰে ৰাজহুৱা কৰি সভাপতি উৎপল শৰ্মাই সাধাৰণ সম্পাদক শংকৰজ্যোতিক অব্যাহতি লোৱাৰ পৰামৰ্শৰ কথা সদৰি কৰে। লগতে মুখ্য উপদেষ্টাগৰাকীৰ সুৰতে সুৰ মিলাই আছুৰ ভাৱমূৰ্তি ৰক্ষাৰ স্বাৰ্থত এই পৰামৰ্শলৈ শংকৰে ইতিবাচক সহাঁৰি জনাব বুলিও আশা প্ৰকাশ কৰে।

অভিযোগ উত্থাপিত কৰা যুৱতীগৰাকীও আছুৰে সক্ৰিয় সদস্য বুলি উল্লেখ কৰি সভাপতি উতপল শৰ্মাই কয় যে, বিষয়টোৰ সন্দৰ্ভত সাধাৰণ সম্পাদকগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল বাবে একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল। কিন্তু শংকৰজ্যোতি বৰুৱাই নিজৰ মত ব্যক্ত কৰাৰ পাছত আমি আলোচনাত মিলিত হও আৰু এই পৰামৰ্শ আমি তেওঁক প্ৰদান কৰো।

আদালততে নহয় এই বিষয়টো আছুৰ মজিয়াতো আলোচনা হব বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে। তেওঁ কয়- অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীও যিহেতু আছুৰ সদস্যা গতিকে এই বিষয়টো গুৰুত্বসহকাৰে লৈ আছুৰ মজিয়াতো আলোচনা হব।  কোনো অভিভাৱকে যাতে আছুৰ মজিয়াত ছাত্ৰী অসুৰক্ষিত বুলি অনুভৱ নকৰে তাৰবাবেও কৰণীয়খিনি ছাত্ৰ সন্থাই কৰিব বুলিও আশ্বাস প্ৰদান কৰে সভাপতিগৰাকীয়ে।

আগন্তুক সময়ত দুৰ্নীতি, নাৰী নিৰ্যাতনৰ দৰে বিষয়বোৰত ছাত্ৰ সন্থাই দৃঢ়তাৰে মাত মতাৰ স্বাৰ্থত শংকৰজ্যোতি বৰুৱাই এই পৰামৰ্শক আদৰেৰে গ্ৰহণ কৰিব বুলি ইচ্ছা প্ৰকাশ কৰে সদৌ অসম চাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে। অভিযোগকাৰী চাত্ৰীগৰাকীৰ সৈতে পৰৱৰ্তী সময়ত যোগাযোগ স্থাপন কৰাৰ লগতে সকলোখিনি কথা আলোচনা কৰা হব বুলি সংবাদমেলযোগে অৱগত কৰে উৎপল শৰ্মাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ লগতে আইন মহাবিদ্যালয় আছুৰ গোটৰ সক্ৰিয় সদস্য উক্ত অভিযোগকাৰী যুৱতীগৰাকী।

কোন হ’ব AASUৰ পৰৱৰ্তী সাধাৰণ সম্পাদক, কাৰ ফুঁলিব কপালঃ-

 মঙলবাৰৰ সংবাদমেলত এটা স্পষ্ট ৰূপত মুখ্য উপদেষ্টা আৰু সভাপতিয়ে সদৰি কৰিছে যে, অচিৰেই অনুষ্ঠিত হব আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। এই সভাতেই আছুৰ কেন্দ্ৰীয় সমিতিৰ পৰা এগৰাকীক প্ৰদান কৰা হব সাধাৰণ সম্পাদকৰ দায়িত্ব।

নিয়ম অনুসৰি, সাধাৰণ সম্পাদকগৰাকী কোনো কাৰনত অব্যাহতি ললে সেই দায়িত্ব প্ৰদান কৰা হয় সহকাৰী সাধাৰণ সম্পাদকক। আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিত আছে ৫গৰাকী সহকাৰী সাধাৰণ সম্পাদক।

আছুৰ ৫গৰাকী সহকাৰী সাধাৰণ সম্পাদক হৈছে- চৰ্জুন হান্সে, ৰাণা সোণাৰ, পিতুল বৰা, অভিজিত নাথ আৰু দীপক শৰ্মা। এই ৫গৰাকীৰ ভিতৰতে কোনোবা এগৰাকী আগন্তুক সময়ত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিব।

আছুৰ ভিতৰুৱা সূত্ৰৰ খবৰ অনুসৰি, শেহতীয়াকৈ শংকৰজ্যোতি বৰুৱাৰ কাৰ্যকলাপৰ বাবে আছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰায় ৮০শতাংশ বিষয়-ববীয়া অসন্তুষ্টিত আছে। তেওঁলোকে বিচাৰিছে যে, অচিৰেই শংকৰজ্যোতিক সাধাৰণ সম্পাদক পদৰ পদৰ অব্যাহতি দি নতুন সাধাৰণ সম্পাদক নিৰ্বাচন কৰিব লাগে।

 চৰ্চা হৈছে যে, আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰত সবাতোকৈ আগত আছে ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰা দীপক শৰ্মাৰ নাম। ইতিপূৰ্বে ধেমাজি জিলাক নেতৃত্ব দিয়া দীপক শৰ্মা কেন্দ্ৰীয় নেতৃত্বই গুৱাহাটীলৈ তলব কৰিছে বুলিও এক সূত্ৰই সদৰি কৰিছে।

ইফালে চৰ্জুন হান্সে আৰু অভিজিত নাথৰ নামো এই দৌৰত আছে। অভিজিত নাথৰ ওপৰত শীৰ্ষ নেতৃত্বৰ বিশেষভাৱে বিশ্বাস আছে বুলিও এক চৰ্চা ইতিমধ্যে হৈছে। ডুমডুমাক নেতৃত্ব দিয়া ৰাণা সোণাৰৰ নামো এই দৌৰত পিছ পৰি ৰোৱা নাই। কিন্তু এটা কথা ঠিক যে, আছুৰ সভাপতি-সম্পাদক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত উজনি-নামনি প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰে। কেন্দ্ৰীয় সমিতিৰ সদস্যৰ ক্ষেত্ৰতো এই প্ৰসংগই বিশেষ ভূমিকা পালন কৰে।

যিহেতু বৰ্তমানৰ সভাপতি গৰাকী মধ্য অসমৰ, গতিকে সাধাৰণ সম্পাদকগৰাকীৰ ক্ষেত্ৰত উজনিক বিশেষভাৱে প্ৰাধান্য দিয়াৰ সম্ভাৱনা আছে। যদিহে সেয়াই হয় তেন্তে ধেমাজিৰ দীপক শৰ্মাৰ কপাল ফুলাঁটো একপ্ৰকাৰৰ নিশ্চিত বুলি কলেও ভুল কোৱা নহ’ব। ইফালে ডুমডুমাৰ ৰাণা সোণাৰৰ কপালো ফুলিব পাৰে এই সুযোগতে।

এতিয়াহে সময়েহে ক’ব কাৰ কপাঁল ফুলেঁ। শংকৰজ্যোতি বৰুৱাই কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ ইতিবাচক হিচাপে গ্ৰহণ কৰেনে নকৰে সেয়াও এতিয়া সময়েহে উত্তৰ দিব...