বিশেষ প্ৰতিবেদন

বিজেপি-কংগ্ৰেছক চেৰাই চামগুৰিত প্ৰথম স্থানত আপ!

Asomiya Pratidin
ৰাজ্য়ত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। হাইপ্ৰফাইল সমষ্টিৰূপে চামগুৰিক লৈ দৃষ্টি নিৱদ্ধ আছে সকলোৰে। কিন্তু আপুনি জানেনে, চামগুৰিত কংগ্ৰেছ, বিজেপিৰ প্ৰাৰ্থীতকৈ আগত আছে আপৰ প্ৰাৰ্থীগৰাকী। কেনেকৈ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

ৰাজ্যত অনুষ্ঠিত হোৱা ৫সমষ্টিৰ উপ নিৰ্বাচনৰ ভিতৰত চামগুৰি সমষ্টিৰ নিৰ্বাচনক লৈ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে। নিৰ্বাচনী হিংসাত্মক ঘটনাত এজনে প্ৰাণ হেৰুওৱাৰ পাছতে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ আৰম্ভ কৰিছে বিজেপিয়ে। এনে ঘটনাৰ মাজতে শেহতীয়াকৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা সমষ্টিটোৰ সবাতোকৈ ধনী প্ৰাৰ্থী কোন, তাক লৈও চৰ্চা হৈছে।

মনোনয়ন পত্ৰত দাখিল কৰা প্ৰমাণ পত্ৰত উল্লেখ থকা অনুসৰি, চামগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সবাতোকৈ ধনী প্ৰাৰ্থীগৰাকী হৈছে আম আদমীৰ প্ৰাৰ্থী গৰাকী। আচৰিত যেন লাগিলেও সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়োৱা নুৰুল আমিন চৌধুৰী হৈছে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীতকৈ ধনী।

মনোনয়ম পত্ৰৰ সৈতে গাথিঁ দিয়া শপতনামাৰ তথ্য অনুসৰি, আম আদমী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩ লাখ ৭৫ হাজাৰ ৬৪৬ টকা ৷ তেওঁৰ প্ৰথমা পত্নী চেমিম আৰা আমিনৰ নামৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১ লাখ ২০৫ টকা, দ্বিতীয় পত্নী চেলিমা চৌধুৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫ লাখ ৫১ হাজাৰ ৪০২ টকা আৰু তৃতীয় পত্নী মমতাজ বেগমৰ নামত আছে ৩ লাখ ৮৪ হাজাৰ ১০০ টকা ।

ইফালে প্ৰাৰ্থীজনৰ সন্তানৰ নামত আছে ক্ৰমে ১ লাখ ৫ হাজাৰ ৪৯৭ টকা আৰু ২ লাখ ৫২ হাজাৰ ৮৫৮ টকা । আপৰ প্ৰাৰ্থী চৌধুৰীৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ২৯ লাখ ৯০ হাজাৰ টকা । প্ৰথম পত্নীৰ নামত থকা মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩১ লাখ ৭০ হাজাৰ টকা । দ্বিতীয় পত্নীৰ নামত থকা মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪০ লাখ ১০ হাজাৰ টকা ।

নুৰুল আমিন চৌধুৰীৰ আছে বহুকেইখন বাহন।  জে চি বি, দুখন ট্ৰেক্টৰ,টাটা ২০৭ ডি আই আৰু ইনভা আছে আপৰ প্ৰাৰ্থীগৰাকীৰ হাতত।  আম আদমী পাৰ্টীৰ প্ৰাৰ্থীজনৰ নামৰ বিপৰীতে থকা মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ৬৩ লাখ ৬৫ হাজাৰ ৬৪৬ টকা ।

আনফালে চামগুৰিত ধনী প্ৰাৰ্থীৰ তালিকাত দ্বিতীয় স্থানত আছে ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম। শপতনামাত দাখিল কৰা তথ্য অনুসৰি, তাঞ্জিলৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৯২ লাখ ৫৮ হাজাৰ ৩১৮ টকা । তেওঁৰ হাতে জমা আছে ৮ লাখ ৬২ হাজাৰ ৭০০ টকা।

আনহাতে তাঞ্জিলৰ আছে ১০লাখ টকা মূল্যৰ এখন হুণ্ডাই ভাৰ্ণাৰ বাহন। লগতে আছে ২৩লাখৰ এখন টাটা চাফাৰী বাহন। তাঞ্জিলৰ ওচৰত ৫.৫লাখ টকাৰ মূল্য সোণৰ অলংকাৰ আছে বুলিও শপতনামাত তথ্য দাখিল কৰা হৈছে। আবাসিক ঘৰকে ধৰি তাঞ্জিলৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২ কোটি ২০ লাখ টকা । উল্লেখ কৰা প্ৰয়োজন যে, তাঞ্জিলৰ নামত নাই কোনো কৃষিভূমি।

হাৰিয়ানাৰ গুৰুগ্ৰামতো মাতৃৰ সৈতে তাঞ্জিলৰ নামত আছে এটা ঘৰ। সকলোবোৰ মিলাই তেওঁৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩ কোটি ১২ লাখ ৫৮ হাজাৰ ৩১৮ টকা । বেংকতো তাঞ্জিলৰ নামত আছে ১ কোটি ৪১ লাখ ৯০ হাজাৰ ৪৯২ টকাৰ ঋণ।

কোটিপতি যদিও চামগুৰিত ধনী প্ৰাৰ্থীৰ তালিকাত তৃতীয় স্থানতহে আছে বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা। তেওঁৰ নিজৰ নামৰ বিপৰীতে থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১ কোটি ৯১ লাখ ২৪ হাজাৰ ২৪৬ টকা । শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১ কোটি ৩৭ লাখ ২৪ হাজাৰ ২৪৬ টকা । আনহাতে তেওঁৰ ৪ লাখ ৫০ হাজাৰ টকাৰ আ-অলংকাৰ থকাৰ বিপৰীতে পত্নীৰ নামত ১৪ লাখ ৬২ হাজাৰ ৫০০ টকাৰ অলংকাৰ আছে ।

বিজেপি প্ৰাৰ্থীগৰাকীৰ পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৫ লাখ ৭৩ হাজাৰ ৪৪৫ টকা । দিপ্লুৰঞ্জন শৰ্মাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫৪লাখ টকা। বিজেপি প্ৰাৰ্থীজনৰ ওচৰত আছে ৪০ হাজাৰ টকা মূল্যৰ এখন টাটা নেন', ১৪ লাখ টকা মূল্যৰ এখন টয়টা ইনভা আৰু ৫ হাজাৰ টকা মূল্যৰ এখন বাজাজ স্কুটাৰ ।৭২ লাখ ৫৪ হাজাৰ ৫০৮ টকাৰ ঋণ আছে দীপ্লুৰঞ্জন শৰ্মাৰ।

এনেকৈয়ে এতিয়া মাত্ৰ ডেৰ বছৰৰ বিধায়ক হোৱাৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামিছে কোটিপতি প্ৰাৰ্থী। এতিয়া জনতাই ভোটযুদ্ধত কাক জয়ী কৰায় সেয়া সময়েহে ক’ব।