বিশেষ প্ৰতিবেদন

IIT ৰ প্ৰফেচাৰ আলোক সাগৰে কিয় বাচি ল'লে সন্নাসীৰ জীৱন...

Asomiya Pratidin
এগৰাকী বিশেষ লোক। তেওঁ দেশৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনকো শিক্ষাদান কৰিছিল। আই আই টি দিল্লীৰ তেওঁৰ আছিল প্ৰফেচাৰ। কিন্তু হঠাতে তেওঁ গ্ৰহণ কৰিলে এটা ডাঙৰ সিদ্ধান্ত। চাকৰি, বিলাসী জীৱন সকলো এৰি গুচি আহিল মৰুভূমিৰে ভৰা এখন গাঁৱলৈ। আৰম্ভ কৰিলে এক আন্দোলন। সেই বিশেষ ব্যক্তিজনক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

আপুনি জাননে বাৰু, পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি মানুহৰ বায়ু প্রদূষণৰ ফলত মৃত্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নাপাই আৰু মৃত্যুবৰণ কৰে। কিন্ত আমি বাৰু আজিৰ সমাজ-পৰিৱেশক লৈ কিমান সচেতন। আমি সচেতন নহলেওঁ পৰিৱেশৰ বাবে সকলোখিনি কৰিব পৰা বা পৰিৱেশ ৰক্ষাৰ বাবে সদায়ে যুজ দি আহিছে বহুজনে। তাৰে ভিতৰৰ এগৰাকী লোক হৈছে আলোক সাগৰ।

দিল্লীৰ আই আই টিৰ পৰা ইলেক্টনিকেল ইঞ্জিনিয়াৰিং বিভাগত স্নাতক লৈ আমেৰিকাৰ হিউষ্টন ইউনিৰ্ভাৰচিটিৰ পৰা আলোক সাগৰে পি এইচ ডি উপাধি লাভ কৰিছিল। ইয়াৰ পাছতে তেওঁ দিল্লীৰ আই আই টিত শিক্ষক হিচাপে যোগদান কৰিছিল আলোক সাগৰে। মাহিলী লাখ টকাৰ দৰমহা পোৱা আলোকে এটা বিলাসী জীৱন কটাব পাৰিলেহেতেন, কিন্তু এনে নহ'ল।

আলোক সাগৰে আই আই টিৰ চাকৰি এৰি গুছি গৈছিল মধ্যপ্ৰদেশ বেতুল জিলাৰ মৰুভূমি সদৃশ আদিবাসীলোকৰ বাসস্থান কৌছামাও গাঁৱলৈ। নিজৰ শৈক্ষিক সকলো ডিগ্ৰী গোপনে ৰাখি তেওঁ তাতে থাকিবলৈ ল'লে এটা জুপুৰীত। উচিত শিক্ষাৰ পৰা বঞ্চিত গাঁৱৰ ছাত্ৰ-ছাত্ৰীক আলোকে বিজ্ঞান পঢ়াবলৈ ল'লে আৰু লগতে আৰম্ভ কৰিলে গছ ৰোৱাৰ এক আন্দোলন।

আলোকে গাঁৱখনৰ বিভিন্ন স্থানত ৰোপন কৰিলে বহু প্ৰজাতিৰ গছ। ১৯৯০চনৰে পৰা সেই গাঁৱখনত আলোকে ৰুইছে প্ৰায় লক্ষাধিক ভিন্ন প্ৰজাতিৰ গছ। তেওঁ ৰুৱা ফলমূলৰ গছবোৰত এতিয়া ডাল ভৰি ফল ধৰে। উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনকো শিক্ষাদান কৰিছিল এই আলোক সাগৰে।

৯০ দশকত মৰুভূমিসদৃশ গাঁৱখন এতিয়া সকলোফালে সেউজীয়া। এই কৃতিত্ব নিশ্চিতভাৱে আলোক সাগৰেই পাব। কিন্তু কোনোদিন নিজৰ পৰিচয় নিদি কেৱল সমাজ আৰু পৰিৱেশৰ বাবে কাম কৰি যোৱা আলোকক এবাৰ ধৰি নিছিল আৰক্ষীয়ে। অভিযোগ আছিল তেওঁ নক্সালবাদীৰ সৈতে সম্পৰ্ক আছে।

কিন্তু তেওঁৰ সকলো চাৰ্টিফিকেট দেখি তবধ মানিলে আৰক্ষীয়েও। লাখটকাৰ চাকৰি এৰি অহা আলোকৰ সম্পত্তি বুলিবলৈ আছে দুটা কুকুৰ, এখন চাইকেল আৰু এটা ভঙা জুপুৰী। আলোক সাগৰে বিগত ৩০বছৰে মানুহক বুজাই দিলে যে, পৰিৱেশৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা থাকিলে কিদৰে মৰুভূমিতো গঢ় দিব পাৰি সেউজীয়া অৰণ্যৰ।

এয়াই আলোক সাগৰ। যি সময়ত আমি এজোপা গছ বিনাদ্বিধাই কাটি পেলাও, তেনেসময়ত আলোক সাগৰৰ দৰে মানুহেই পৰিৱেশ ৰক্ষাৰ বাবে অহৰহ কাম কৰি আহিছে। পৰিৱেশ সংৰক্ষণৰ বাবে ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৪ জুনলৈ চুইডেন দেশৰ ৰাজধানী ষ্টকহ'মত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন পতা হৈছিল। ঠিক সেইদৰে আফ্ৰিকাৰ কেনিয়া দেশৰ ৰাজধানী নাইৰোবিত ১৯৮২ চনত 'বিশ্ব পৰিৱেশ সন্মিলন', দক্ষিণ আমেৰিকাৰ ব্ৰাজিল দেশৰ ৰাজধানী ৰিঅ'ডি জেনেৰ'ত ১৯৯২ চনত ৩ জুনৰ পৰা ১৪ জুনলৈ 'বসুধা সন্মিলন' আৰু জাপানৰ কিয়'ট মহানগৰীত ১৯৯৭ চনত 'পৰিৱেশ সন্মিলন' অনুষ্ঠিত হৈছিল।

২০০২ চনৰ ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ জোহাণ্সবাৰ্গত 'ৱৰ্ল্ড চামিট অন ছাষ্টেইনেইবেল ডেভেল'পমেম্ট' শীৰ্ষক এখন ডাঙৰ সন্মিলন হৈছিল। এইধৰণে পাতি অহা বিশ্ব সন্মিলনবোৰৰ উল্লিখিত উদ্দেশ্য বেলেগ বেলেগ হ'লেও মূলতঃ প্ৰতিখন সন্মিলনতে পৃথিৱীৰ পৰিৱেশজনিত সমস্যাবোৰ আলোচনা কৰা হৈছে আৰু সেইবোৰ সমাধান কৰাৰ বিভিন্ন কাৰ্য্য ব্যৱস্থাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে।

পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন পৰিৱেশত মানুহে বাস কৰে। যিয়ে যি ঠাইত বাস কৰে, সেই ঠাইৰ পৰিৱেশৰ সৈতে নিজকে অভ্যস্ত কৰি লয়। গতিকে এটা পৰিৱেশৰ মানুহৰ জীৱন ধাৰণ পদ্ধতি আন এটা পৰিৱেশৰ মানুহৰ সৈতে নিমিলে। উদাহৰণস্বৰূপে, মৰুভূমি অঞ্চলত থকা লোকৰ সাজ-পোছাক বৰফাবৃত মেৰু অঞ্চলত থকা এস্কিম' সকলতকৈ বেলেগ, থকা ঘৰ, খোৱা পদ্ধতি আদিও বেলেগ। এনেকুৱা বহুত উদাহৰণ দিব পৰা যায়।

কিন্তু পৰিৱেশ বিজ্ঞানৰ আনুষ্ঠানিক জ্ঞান নথকা সময়তো পৰম্পৰাগত কৃষিজীৱি সমাজত পৰিৱেশ মিত্ৰ বহুতো কাম-কাজ মানুহে কৰি গৈছিল। তেতিয়া সাধাৰণ মানুহবোৰ অশিক্ষিত আছিল যদিও পৰম্পৰাগত বিধি-বিধান তেওঁলোকে সসম্ভ্ৰমে পালন কৰিছিল, শাস্ত্ৰ পঢ়িব নাজানিলেও শাস্ত্ৰৰ আজ্ঞা বা গুৰুৰ আজ্ঞা পালন কৰিছিল। আমাৰ সমাজত চলা এনে কামৰ মাত্ৰ কেইটামান উদাহৰণ ইয়াত দিয়া হ'ল, আমাৰ সমাজতে এনে উদাহৰণ কিন্তু আৰু বহুত আছে।

পৰিৱেশ মিত্ৰ কিছুমান লোক বিশ্বাস

  • এতিয়াও চলি থকা কিছুমান লোকবিশ্বাস-

  • বেলগছৰ তলত চাকি জ্বলাই পূজা কৰা হয়।

  • তুলসীৰ আগত চাকি জ্বলোৱা হয়।

  • আঁহত গছ, বৰগছ আদি কাটিব নাপায়।

  • সিজু গছৰ গুৰিত পূজা কৰা হয়।

  • সাপ মাৰিব নাপায়।

  • বহাগ বিহুত গৰু ধুওৱা হয় আৰু পূজা কৰা হয়।

  • মেকুৰী মাৰিব নাপায়।

এনেধৰণৰ লোকবিশ্বাস অসমৰ অঞ্চলে অঞ্চলে বহুত আছে আৰু এইবোৰৰ ভিত্তিত কৰা বহুতো কাম-কাজে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে পৰিৱেশ সংৰক্ষণ কৰি ৰখাত সহায় কৰে। বিয়া-সবাহ, পূজা-পাৰ্বণ, বিহু উত্সৱে আৰু বিভিন্ন লোক উৎসৱত নানা প্ৰকাৰৰ ফুল, তুলসী, উদ্ভিদ, জীৱ-জন্তু আদি ওতঃপ্ৰোতভাৱে জড়িত। এইবোৰ কাৰ্য্যৰ দ্বাৰা প্ৰমাণ হয় যে মানুহৰ জীৱনৰ সৈতে প্ৰাণী তথা উদ্ভিদৰ গভীৰ সম্পৰ্ক আছে। এইবোৰ কাৰ্য্যৰদ্বাৰা মানুহৰ অজানিতে পৰিৱেশ সুৰক্ষিত হয়, প্ৰাণী আৰু উদ্ভিদৰ যথাযথ আদৰ কৰাৰ প্ৰৱণতাও মানুহৰ মাজত স্বাভাৱিকতে আহি যায়…