বিশেষ প্ৰতিবেদন

কি পৰ্যায়ত আছে অসম মিলেট মিছন...

Asomiya Pratidin

ৰাজ্যৰ কৃষিখণ্ডৰ সম্ভাৱণাময় ক্ষেত্ৰসমূহত হবলগা বিকাশ ৰহস্যজনক কাৰণত সম্ভৱ হৈ উঠা নাই। শেহতীয়াকৈ ৰাজ্যত আৰম্ভ কৰা হৈছিল অসম মিলেট মিছন। কৃষি খণ্ডৰ এই বিকাশ আঁচনি ঘোষণাৰ জৰিয়তে সম্ভৱ কেতিয়াও নহয়। মিলেট মিছনৰ ক্ষেত্ৰটো সেয়াই হৈছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ধাৰাবাহিক প্ৰতিবেদনৰ চতুৰ্থখন প্ৰতিবেদন-

শ্ৰী অন্ন হিচাপে অভিহিত এই সৰ্বোত্তম শস্য বিধৰ খেতিৰ জৰিয়তে কৃষকক লাভান্বিত কৰিবলৈ আৰম্ভ কৰা হৈছিল অসম মিলেট মিছন। ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপনা কেন্দ্ৰ তদাৰকিক কৃষি সঞ্চালকালয়ে ৰূপায়ন কৰা এই আঁচনিৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ ১৫ খন জিলাত আৰম্ভ কৰা এই মিলেট মিছনৰ লক্ষ্য আছিল ৬৫,০০০ হেক্টৰ মাটিত মিলেট খেতি কৰা। প্ৰতি হেক্টৰত ৬০০ কেজিৰ পৰা ১২০০ কেজিলৈকে মিলেট উৎপাদন কৰাৰ লক্ষ্যৰে চৰকাৰে এই আঁচনি সন্দৰ্ভত বহু কথাই ঘোষণা কৰিছিল।

বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, কাৰ্বিআংলং, নগাঁও, বাক্সা, ওদালগুৰি, গোলাঘাট, যোৰহাট, কামৰূপ আদি জিলাত আৰম্ভ কৰা মিলেট মিছনৰ ফলাফল এতিয়াও কৃষকে লাভ কৰা নাই।

অতি পুষ্টিকৰ এই খাদ্যসমূহ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰাৰ কথাও কোৱা হৈছিল এই মিছনত। আঁচনি অনুসৰি কৃষকসকলক একগোট হৈ মিলেট খেতি কৰিবলৈ আগ্ৰহী হোৱাসকলৰ জৰিয়তে কৃষক উৎপাদক গোট চমুকৈ এফপিচি গঠনৰ প্ৰস্তাৱ ৰখা হৈছিল।

উল্লেখযোগ্য যে, চৰকাৰে ৩০০টা এনে এফপিঅৰ জৰিয়তে ৬০,০০০ কৃষকক এই আঁচনিৰ অধীনত সামৰি ল'বলৈ লক্ষ্য ঠিৰাং কৰিছিল। ২৮০০ সজাগতা অভিযানেৰে, ১০০ টা ক্ৰেতা-বিক্ৰেতা মিলন সমাৰোহ অনুষ্ঠিত কৰাৰ লক্ষ্য লৈছিল।

প্ৰণিধানযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৃষ্ঠপোষকতাত অসমত এই অভিযান দেশৰ অন্য প্ৰান্তৰ লগতে আৰম্ভ কৰিছিল কৃষি বিভাগে। এই ক্ষেত্ৰত ৰাজ্যৰ কামৰূপ জিলাৰ বাদে বাকী জিলাসমূহত ইয়াৰ বিশেষ ফলাফল লক্ষ্য কৰা নাযায়।

মিলেটৰ সংশাধন, ইয়াৰ বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী প্ৰস্তুতকৰণ, চৰকাৰৰ ওচৰত উৎপাদিত সামগ্ৰী, বিক্ৰীৰ বাবেও এই আঁচনিয়ে পদক্ষেপ গ্ৰহণ কৰাৰ কথা আছিল। অসম কৃষি বিপনন পৰিষদৰ দ্বাৰাই ন্যুনতম সমৰ্থন মূল্যত ইয়াক চৰকাৰীভাৱে ক্ৰয় কৰিব লগা আছিল যদিও সেই দিশতো সফলতা লাভ নকৰাৰ অভিযোগ উঠিছে।

২০২৩ বৰ্ষৰ মাজভাগৰ পৰাই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা শস্য চপোৱাৰ ব্যৱস্থাপনা সম্বন্ধীয় সহায়, খেতি চপোৱা পৰৱৰ্তী যন্ত্ৰপাতিৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা আছিল কৃষকক।

ৰাজ্যৰ কৃষিখণ্ডত এনেকৈয়ে বহু আঁচনি ঘোষণা কৰা হয় যদিও সেই আঁচনিয়ে কৃষি বিভাগৰ বিকাশৰ ধাৰা আগুৱাই নিব পৰা নাই। ২০০৪-০৫ বৰ্ষত কৃষি খণ্ডৰ জৰিয়তে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ অৱদান আছিল ২১.০৭ শতাংশ। ২০১৯-২০ বৰ্ষত সেই হাৰ ১৫.০৮ শতাংশলৈ হ্ৰাস পায়।

ৰাজ্য চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ তথ্যতেই এনেবোৰ তথ্য প্ৰকাশ পাইছে। এইখিনিতে মন কৰিবলগীয়া যে ৰাজ্যত হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ।

২০১৪-১৫ বৰ্ষত ৰাজ্য়খনত মুঠ ৩১,৪৪,০৩২১ হেক্টৰ কৃষিভূমিহে উপযোগী হৈ আছে। একেদৰে হ্ৰাস পাইছে কৃষকৰো সংখ্যা। ইয়াৰ পৰিণতিতেই কৃষি উৎপাদনৰ সামগ্ৰীক পৰিসংখ্যা হ্ৰাস পাব ধৰিছে।

এইবোৰ তথ্যৰ আধাৰতেই এই কথা অনুমান কৰিব পাৰি যে বৰঢোল কোবাই ৰাজ্য়ৰ কৃষি বিভাগে কোটি টকা ব্যয়ৰে বিভিন্ন আঁচনি ঘোষণা কৰিলেও কাৰ্যত সেইবোৰৰ কোনো প্ৰভাৱ কৃষিখণ্ডত পৰা নাই।