ছত্তিশগড় কাৰ? ৰাইজে দিলে জনাদেশঃ EVM ত আৱদ্ধ ১১৮১গৰাকী প্ৰাৰ্থিৰ ভৱিষ্যত... 
বিশেষ প্ৰতিবেদন

ছত্তিশগড় কাৰ? ৰাইজে দিলে জনাদেশঃ EVM ত আৱদ্ধ ১১৮১গৰাকী প্ৰাৰ্থিৰ ভৱিষ্যত...

Asomiya Pratidin
অন্ত পৰিল ছত্তিশগড়ৰ বিধানসভা নিৰ্বাচন। মূলতঃ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মূল যুঁজখন হোৱা এই নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি? সমীক্ষা অনুসৰিয়েই কংগ্ৰেছে পুনৰ দখল কৰিব নেকি ৰাজ্যখনৰ ক্ষমতা? নে বিজেপিয়ে পুনৰুদ্ধাৰ কৰিব ক্ষমতা? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

অন্ত পৰিল ছত্তিশগড়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৭ নৱেম্বৰত প্ৰথম পৰ্যায়ত ২০ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত ১৭ নৱেম্বৰ, শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৫ বজাত অন্ত পৰিছে।

এই দ্বিতীয় পৰ্যায়ত মুঠ ৭০ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। ইয়াৰে ৯ টা সমষ্টিত অৱশ্যে পুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহণ অনুষ্ঠিত হয় আৰু ৩ বজাত অন্ত পৰে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুমানিক তথ্য অনুসৰি এইবাৰ ৰাজ্যখনত মুঠ ৬৭.৪৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। ইয়াৰে সৰ্বাধিক ভোটদান হ'ল ধামতাৰিত। ইয়াত ৭৯.৮৯ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে।

সৰ্বাধিক ভোটাধিকাৰ সাব্যস্তৰ দ্বিতীয় স্থানত আছে বালোড। ইয়াত মুঠ ৭৭.৬৭ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ। আনহাতে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হ'ল ৰায়পুৰত। ইয়াত মাত্ৰ ৫৮.৮৩ শতাংশ ভোটাৰেহে ভোটাধিকাৰ সাব্যস্ত কৰিলে।

তাৎপৰ্যপূৰ্ণভাৱে বিগত দুটা নিৰ্বাচনতকৈ এইবাৰ ৰাজ্যখনত জনতাই পূৰ্বৰ দৰে ভোটদান কৰিবলৈ ওলাই নাহিল। ইয়াৰ পূৰ্বে ২০১৮ ৰ নিৰ্বাচনত ৰাজ্যখনত ৭৬.৪২ শতাংশ ভোটাৰে আৰু ২০১৩ চনত ৭৫.০৬ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

এইবাৰ ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ছোৱাত ব্যাপক হাৰত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। মাওবাদীয়ে বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণ কৰাৰ লগতে ভোটদানৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছিল।

তাৰ পাছতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৭৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৭০ টা বিধানসভা সমষ্টিৰ প্ৰায় গৰিষ্ঠ সংখ্যকেই মাওবাদীৰ প্ৰভাৱৰ পৰা মুক্ত। ইয়াৰোপৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াও আছিল যথেষ্ট শান্তিপূৰ্ণ। তথাপিও এই সমষ্টি কেইটাত ভোটদানৰ হাৰ নিম্নগামি হোৱা বিষয়টো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

এইবাৰ ৰাজ্যখনত ৭০ খন আসনত মুঠ ১১৮১ গৰকী প্ৰাৰ্থিয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে ২২৩ গৰাকী প্ৰাৰ্থিয়ে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হোৱা ২০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৯৫৮ গৰাকী প্ৰাৰ্থিয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰ ভিতৰত পুৰুষ প্ৰাৰ্থি আছে ৮২৭ গৰাকী আৰু মহিলা প্ৰাৰ্থি আছে১৩০ গৰাকী। ইয়াৰোপৰি প্ৰতিদ্বন্দিতা কৰিছে এগৰাকী তৃতীয় লীংগৰ প্ৰাৰ্থিয়ে।

ছত্তিশগড়ত দীৰ্ঘ সময় ধৰি ক্ষমতাত থকা বিজেপিক ২০১৮ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিছিল কংগ্ৰেছ। সেইবাৰ নিৰ্বাচনত কংগ্ৰেছে ৯০ খন আসনৰ ভিতৰত ৬৮ খন আসন দখল কৰিছিল।

বিজেপিয়ে সেইবাৰ লাভ কৰিছিল মাত্ৰ ১৫ খন আসন। ইয়াৰোপৰি জনতা কংগ্ৰেছ ছত্তিশগড়ে ৫ খন, বি এছ পিয়ে ২ খন আসন লাভ কৰিছিল। ডেৰ দশক ধৰি ক্ষমতাত থকা বিজেপিক পৰাভূত কৰি ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰা চৰকাৰখনে সফলতাৰে কাৰ্যকাল শেষ কৰিবলৈ সক্ষম হৈছে।

এই নিৰ্বাচনত বিজেপিয়ে পুনৰ ক্ষমতা উদ্ধাৰৰ বাবে যুঁজ দিয়াৰ বিপৰীতে কংগ্ৰেছে ক্ষমতা ধৰি ৰখাৰ বাবে যুঁজ দিছে। বিজেপিয়ে ৰাজ্যখনত মহাদেৱ বেটিং এপ দুৰ্নীতিক নিৰ্বাচনী ইছ্যু কৰি লৈছিল। আনহাতে কংগ্ৰেছে শাসকীয় ইডিক ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ ৰোধৰ বাবে বিজেপি চৰকাৰে কৰি অহা ৰাজনীতিক নিৰ্বাচনী ইছ্যুলৈ পৰিণত কৰিছিস।

কিন্তু এই সকলোৰে উৰ্ধ্বত কংগ্ৰেছৰ কৃষকৰ ঋণ ৰেহাই, ২০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই, ধানৰ প্ৰতি কুইণ্টলৰ মূল্য ৩২০০ টকালৈ বৃদ্ধি কৰা, এজন কৃষকৰ পৰা ২০ কুইণ্টল পৰ্যন্ত ধান ক্ৰয় কৰা, গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০০ টকালৈ হ্ৰাস কৰাৰ দৰে জনমুখী প্ৰতিশ্ৰুতিয়েহে দলটোক জনতাৰ কাষ চপাই নিছে। অৱশ্যে মাওবাদী অধ্যুষিত অঞ্চলসমূহত এই প্ৰতিশ্ৰুতিয়ে বিশেষ প্ৰভাৱ পেলাব পাৰিব বুলি ধাৰণা কৰা নাই।

ইয়াৰ বিপৰীতে চৰকাৰী শিক্ষানুষ্ঠানত মহাবিদ্যালয় পৰ্যন্ত বিনামূলীয়া শিক্ষা, কেন্দু পাতৰ প্ৰতি বস্তাত চৰকাৰী মূল্য ৬ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কংগ্ৰেছৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিয়ে জনজাতি অধ্যুষিত অঞ্চলত দলটোক লাভাম্বিত কৰিব বুলি বিশেষজ্ঞই দাবী কৰিছে।

প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হোৱা ২০ খন আসনৰ অধিকাংশই জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান। ইয়াৰোপৰি এই ২০ টা সমষ্টিৰ ভিতৰত ১৯ টা সমষ্টিয়ে আছিল কংগ্ৰেছৰ দখলত। এই সমষ্টি কেইটাত এইবাৰো কংগ্ৰেছেই আগবাঢ়ি আছে বুলি ধাৰণা কৰা হৈছে।

ইফালে ৰাজ্যখনত প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক মহাদেৱ বেটিং দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেতবোৰ আঁচনিকে হাথিয়াৰ কৰি বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

প্ৰধানমন্ত্ৰাগীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কোভিডৰ সময়ত গ্ৰহণ কৰা আৰু এতিয়াও অব্যাহত থকা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন প্ৰকল্পৰ আধাৰত বিনামূলীয়া ৰেচন যোগানৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ বিৰুদ্ধে আকৌ নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ তুলি নিৰ্বাচন আয়োগত অভিযোগো দাখিল হৈছে।

এ বি পি চি ভোটাৰৰ প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি ছত্তিশগড়ত এইবাৰ পুনৰ বিজেপিয়েই ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে যদিও বিজেপিয়েও ২০২৮ ৰ তুলনাত অধিক উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি কোৱা হৈছিল। ২০১৮ ত কংগ্ৰেছে মুঠ ভোটৰ ৪৩.১ শতাংশ লাভ কৰিছিল। ২০২৩ ত দলটোৱে ৪৪.৮ শতাংশ ভোট লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।

সেইদৰে ২০১৮ বিজেপিয়ে লাভ কৰিছিল মুঠ ভোটৰ ৩৩ শতাংশ। কিন্তু এইবাৰ ৪২.৭ শতাংশ ভোট লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। অন্যহাতে অন্যান্যই ২০১৮ ত লাভ কৰিছিল ২৩.৯ শতাংশ ভোট। এইবাৰে এই সংখ্যা ১২.৫ লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এইবাৰো কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে। তেওঁৰ মতে এইবাৰ ৭৫ খনৰো অধিক আসন কংগ্ৰেছে লাভ কৰিব।

অৱশ্যে বিজেপিয়েও ৰাজ্যখনৰ ক্ষমতা দখল কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুতি কৰা নাই। সয়েহে সঠিক ফলাফলৰ বাবে আমি এতিয়া অপেক্ষা কৰিব লাগিব ৩ ডিচেম্বৰলৈ।