ছত্তিশগড়ৰ ২০ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ অভেদ্য দুৰ্গলৈ পৰিণত ৰাজ্য... 
বিশেষ প্ৰতিবেদন

ছত্তিশগড়ৰ ২০ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ অভেদ্য দুৰ্গলৈ পৰিণত ৰাজ্য...

Asomiya Pratidin
৭ নৱেম্বৰ, মঙ্গলবাৰে ছত্তিশগড় ২০ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মাওবাদী অধ্যুষিত অঞ্চলৰ এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাত কিদৰে সম্পন্ন হ'ব ভোটগ্ৰহণ? কাৰ দখললৈ যাব এই সমষ্টি কেইটা? এই প্ৰসংগতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ছত্তিশগড়। ৯০ খন আসনৰ ছত্তিশগড় বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ৭ নৱেম্বৰ মঙ্গলবাৰে ৰাজ্যখনৰ মুঠ ২০ টা বিধানসভা সমষ্টিত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ।

দেওবাৰে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ২০ টা সমষ্টিৰ প্ৰচাৰ সমাপ্ত হোৱাৰ পাছত এতিয়া এই সমষ্টি কেইটাত ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈছে।

এই ২০ টা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ নিৰ্বাচন আয়োগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। কিয়নো ইয়াৰে অধিকাংশ সমষ্টিয়েই মাওবাদী অধ্যুষিত অঞ্চলৰ।

এক কথাত ক'বলগৈ গ'লে ৰাজ্যখনৰ এই সমষ্টি কেইটাত হ'ব গণতন্ত্ৰৰ পৰীক্ষা।  ইয়াৰোপৰি স্বাভাৱিকতে প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যখনত ভোট বৰ্জনৰ আহ্বান দিছে মাওবাদী সংগঠন চি পি আইয়ে।

ভোটগ্ৰহণৰ মাত্ৰ ৭২ ঘণ্টা পূৰ্বে মাওবাদীয়ে নাৰায়ণপুৰৰ শক্তিশালী বিজেপি নেতা ৰতন ডুবেক হত্যা কৰি অশান্তিৰ পৰিৱেশৰ সূচনা কৰিছে। আনহাতে বি এছ এফৰ গুলীত নিহত হৈছে মাওবাদীৰ গেৰিলা বাহিনী পি এল জিৰ দুই সদস্য।

সেয়েহে ৰাজ্যখনৰ ভোটগ্ৰহণৰ সময়খিনিক শান্ত কৰি ৰখাটো সুৰক্ষা বাহিনীৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনসমূহত ভোটগ্ৰহণৰ সময়ত মাওবাদীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বহু উদাহৰণ আছে।

ৰাজ্যখনৰ পাণ্ডাৰিয়া, কাৱৰাধা, খাইৰাগড়, ডাংগাৰগড় (এছ চি), ৰাজনন্দগাওঁ, ডংগৰগাওঁ, খুজ্জি, মহলা-মানপুৰ (এছ টি) এণ্টাগড় (এছ টি)ভানুপ্ৰতাপুৰ (এছ টি),কংকেৰ (এছ টি), কেছকল (এছ টি), কন্দেগাওঁ (এছ টি), নাৰায়ণপুৰ (এছ টি), বস্তাৰ (এছ টি), জগদলপুৰ, চিত্ৰকোট(এছ টি), দান্তেৱাড়া (এছ টি), বিজাপুৰ (এছ টি) আৰু কণ্টা (এছ টি) এই ২০ টা সমষ্টিত বুধবাৰে অনুষ্ঠিত হব ভোটগ্ৰহণ।

এই ২০ টা সমষ্টিৰ ভিতৰত ৭ খন জিলাৰ মুঠ ১২ টা সমষ্টি বস্তাৰ ডিভিজনৰ অন্তৰ্ভুক্ত। যি মাওবাদী অধ্যুষিত অতি সংবেদশীল অঞ্চল হিচাপে পৰিচিত। আনহাতে বাকী ৮ টা সমষ্টি লাগোৱা দুৰ্গ ডিভিজনৰ অন্তৰ্গত।

সেয়েহে এই ২০ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু সফলতাৰে সম্পন্ন কৰিবলৈ প্ৰায় ৬০ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰে ৪০ হাজাৰ নিৰাপত্তাৰক্ষীয়ে কেন্দ্ৰীয় শসস্ত্ৰ বাহিনীৰ।

বাকী ২০ হাজাৰ সুৰক্ষী কৰ্মী ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ। এই ২০ হাজাৰ আৰক্ষীৰ ভিতৰত আছে এণ্টি নক্সাল কোব্ৰা ইউনিট আৰু মহিলা কেডাৰো। মাওবাদী অধ্যুষিত অত্যাধিক সংবেদনশীল অঞ্চলত থকাৰ বাবেই ৫টাকৈ বিধানসভা সমষ্টিৰ মুঠ ১৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থানীয় আৰক্ষী থানালৈ স্থানান্তৰ কৰা হৈছে।

মঙ্গলবাৰে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ২০ টা সমষ্টিতে সুৰক্ষা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছে। আকাশমাৰ্গৰ পৰা প্ৰতি মুহূৰ্ততে দ্ৰোণ আৰু হেলিকপ্টাৰেৰে সকলো পৰ্যবেক্ষণ কৰি থকা হ'ব।

বিশেষকৈ বস্তাৰ ডিভিজৰ ১২ টা বিধানসভা সমষ্টিক লৈ কঠোৰতকৈ কঠোৰ কৰা হৈছে সুৰক্ষা ব্যৱস্থা। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা অনুসৰি বস্তাৰ ডিভিজনৰ ১২ টা সমষ্টিৰ ভিতৰত ৯ টা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা দিনৰ ৩ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

এই অঞ্চলৰ বাকী ৩ টা সমষ্টিত পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইয়াৰোপৰি ৰাজ্যখনৰ সীমান্তৰ সুৰক্ষাৰ দিশটোত নজৰ ৰাখিব তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উৰিষ্যাৰ আৰক্ষীকে ধৰি ৰাজ্য কেইখনত নিয়োজিত সুৰক্ষা কৰ্মীয়ে।

ৰাজ্যখনত দীৰ্ঘ সময় ধৰি ক্ষমতাত থকা বিজেপিক ২০১৮ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিছিল কংগ্ৰেছ। সেই বাৰ নিৰ্বাচনত কংগ্ৰেছে ৯০ খন আসনৰ ভিতৰত ৬৮ খন আসন দখল কৰিছিল।

বিজেপিয়ে সেইবাৰ লাভ কৰিছিল মাত্ৰ ১৫ খন আসন। ইয়াৰোপৰি জনতা কংগ্ৰেছ ছত্তিশগড়ে ৫ খন, বি এছ পিয়ে ২ খন আসন লাভ কৰিছিল। ডেৰ দশক ধৰি ক্ষমতাত থকা বিজেপিক পৰাভূত কৰি ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰা চৰকাৰখনে সফলতাৰে কাৰ্যকাল শেষ কৰিবলৈ সক্ষম হৈছে।

এই নিৰ্বাচনত বিজেপিয়ে পুনৰ ক্ষমতা উদ্ধাৰৰ বাবে যুঁজ দিয়াৰ বিপৰীতে কংগ্ৰেছে ক্ষমতা ধৰি ৰখাৰ বাবে যুঁজ দিছে। বিজেপিয়ে ৰাজ্যখনত মহাদেৱ বেটিং এপ দুৰ্নীতিক নিৰ্বাচনী ইছ্যু কৰি লৈছে। আনহাতে কংগ্ৰেছে শাসকীয় ইডিক ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ ৰোধৰ বাবে বিজেপি চৰকাৰে কৰি অহা ৰাজনীতিক নিৰ্বাচনী ইছ্যুলৈ পৰিণত কৰিছে।

কিন্তু এই সকলোৰে উৰ্ধ্বত কংগ্ৰেছৰ কৃষকৰ ঋণ ৰেহাই, ২০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই, ধানৰ প্ৰতি কুইণ্টলৰ মূল্য ৩২০০ টকালৈ বৃদ্ধি কৰা, এজন কৃষকৰ পৰা ২০ কুইণ্টল পৰ্যন্ত ধান ক্ৰয় কৰা, গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০০ টকালৈ হ্ৰাস কৰাৰ দৰে জনমুখী প্ৰতিশ্ৰুতিয়েহে দলটোক জনতাৰ কাষ চপাই নিছে। অৱশ্যে মাওবাদী অধ্যুষিত অঞ্চলসমূহত এই প্ৰতিশ্ৰুতিয়ে বিশেষ প্ৰভাৱ পেলাব পাৰিব বুলি ধাৰণা কৰা নাই।

ইয়াৰ বিপৰীতে চৰকাৰী শিক্ষানুষ্ঠানত মহাবিদ্যালয় পৰ্যন্ত বিনামূলীয়া শিক্ষা, কেন্দু পাতৰ প্ৰতি বস্তাত চৰকাৰী মূল্য ৬ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কংগ্ৰেছৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিয়ে জনজাতি অধ্যুষিত অঞ্চলত দলটোক লাভাম্বিত কৰিব বুলি বিশেষজ্ঞই দাবী কৰিছে।

প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ২০ খন আসনৰ অধিকাংশই জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান। ইয়াৰোপৰি এই ২০ টা সমষ্টিৰ ভিতৰত ১৯ টা সমষ্টিয়ে আছে কংগ্ৰেছৰ দখলত। সেই অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কংগ্ৰেছেই আগবাঢ়ি আছে।

ইফালে ৰাজ্যখনত প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক মহাদেৱ বেটিং দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেতবোৰ আঁচনিকে হাথিয়াৰ কৰি বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছে।শেহতীয়াকৈ প্ৰধানমন্ত্ৰাগীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কোভিডৰ সময়ত গ্ৰহণ কৰা আৰু এতিয়াও অব্যাহত থকা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন প্ৰকল্পৰ আধাৰত বিনামূলীয়া ৰেচন যোগানৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ বিৰুদ্ধে আকৌ নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ তুলি নিৰ্বাচন আয়োগত অভিযোগো দাখিল হৈছে।

এ বি পি চি ভোটাৰৰ সমীক্ষা অনুসৰি ছত্তিশগড়ত এইবাৰ পুনৰ বিজেপিয়েই ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে যদিও বিজেপিয়েও ২০২৮ ৰ তুলনাত অধিক উন্নত প্ৰদৰ্শন কৰিব পাৰিব। ২০১৮ ত কংগ্ৰেছে মুঠ ভোটৰ ৪৩.১ শতাংশ লাভ কৰিছিল। ২০২৩ ত দলটোৱে ৪৪.৮ শতাংশ ভোট লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।

সেইদৰে ২০১৮ বিজেপিয়ে লাভ কৰিছিল মুঠ ভোটৰ ৩৩ শতাংশ। কিন্তু এইবাৰ ৪২.৭ শতাংশ ভোট লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। অন্যহাতে অন্যান্যই ২০১৮ ত লাভ কৰিছিল ২৩.৯ শতাংশ ভোট। এইবাৰে এই সংখ্যা ১২.৫ লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।