মধ্যপ্ৰদেশত ফুলিব 'কমল' নে 'পদুম'? 'মামা' আৰু 'জয়-বীৰু'ৰ ভৱিষ্যত লিখিলে ৭১ শতাংশ ভোটাৰে... 
বিশেষ প্ৰতিবেদন

মধ্যপ্ৰদেশত ফুলিব 'কমল' নে 'পদুম'? 'মামা' আৰু 'জয়-বীৰু'ৰ ভৱিষ্যত লিখিলে ৭১ শতাংশ ভোটাৰে...

Asomiya Pratidin
মধ্যপ্ৰদেশৰ ক্ষমতা যাব কাৰ হাতলৈ? শাসকীয় বিজেপি নে বিৰোধী কংগ্ৰেছে লাভ কৰিব শাসনৰ সুযোগ? কাৰ ওপৰত জনতাই ৰাখিলে বিশ্বাস? ৰাহুল নে মোডীৰ প্ৰচাৰত মুগ্ধ হ'ল জনতা? শিৱৰাজ সিং চৌহান নে কমল নাথ বহিব মুখ্যমন্ত্ৰীৰ আসনত? আজি ভোটগ্ৰহণ সমাপ্ত হোৱা মধ্যপ্ৰদেশৰ এনে দিশসমূহ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

'মামা' নে 'জয়-বীৰু'? কাৰ হাতত মধ্যপ্ৰদেশৰ জনতাই দিব ক্ষমতাৰ বাঘজৰী? ভোটগ্ৰহণৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ মাজেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে মধ্যপ্ৰদেশৰ ৫,৬০,৬,০৯২৫ গৰাকী ভোটাৰে। ৰাজ্যখনৰ মুঠ ২৩০ টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে সন্ধিয়া ৫ বজাত অন্ত পৰে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ ৰাজ্যখনত মুঠ ৭১.২৬ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক আগৰমালৱা জিলাত ৮২ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

ইয়াৰোপৰি সৰ্বাধিক নিমুচ জিলাত ৮১.১৯ শতাংশ, শ্বাজপুৰ জিলাত ৮০.৯৫ শতাংশ, ছিয়নি জিলাত ৮০.৩৯ শতাংশ, ৰাজগড় জিলাত ৮০.৩৪ শতাংশ আৰু ৰাতলাম জিলাত ৮০.০২ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ইয়াৰ বিপৰীতে আলিৰাজপুৰ জিলাত সৰ্বনিম্ন ৫৬.২৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। সমান্তৰালকৈ ভিন্দ জিলাত ৫৮.৪১ শতাংশ, ভূপালত ৫৯.১৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে ২০১৮ আৰু ২০১৩ বিধানসভা নিৰ্বাচনৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ হ্ৰাস পাইছে। ৰাজ্যখনত ২০১৮ ৰ নিৰ্বাচনত ৭৫.৬৩ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ইয়াৰ বিপৰীতে ২০১৩ ত ৭২.৬৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছিল।

২৩০ টা বিধানসভা সমষ্টিৰ আটাইকেইটা সমষ্টিতে শাসকীয় বিজেপি, বিৰোধী কংগ্ৰেছ আৰু বহুজন সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে। ইয়াৰোপৰি সমাজবাদী পাৰ্টিয়ে ৮০ খন, আপে ৬৯ খন, চি পি আইয়ে ৯ খন, চি পি এমে ৪ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

কিন্তু ৰাজ্যখনত মূল নিৰ্বাচনী যুঁজখন হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজতে। বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিশেষকৈ মহিলাসকলক আকৰ্ষণৰ বাবে চেষ্টা কৰিছে।

কংগ্ৰেছেয়েও গ্ৰহণ কৰিছে একেই নীতি। বিজেপিৰে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, জে পি নাড্ডা আদিয়ে যিদৰে প্ৰচাৰ চলাইছে ঠিক সেইদৰেই প্ৰচাৰ চলাইছে কংগ্ৰেছৰ ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ আদিয়ে। কোনো পিছ পৰি থকা নাই।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ মাজত 'মামা' হিচাপে জনপ্ৰিয়। এই 'মামা'কে বিজেপিয়ে প্ৰথম পৰ্যায়ত এলাগী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

কিন্তু 'মামা'ৰ জনপ্ৰিয়তাৰ বাবেই শেষ মুহূৰ্তত বিজেপিয়ে উচিত সন্মানেৰে জনতাৰ মুখলৈ লৈ আহিবলৈ বাধ্য হ'ল। মোডী, শ্বাহৰ চমকলগা নিৰ্বাচনী প্ৰচাৰৰ মাজতো একক আৰু অনন্য হৈ ৰ'ল 'মামা'ৰ নিৰ্বাচনী প্ৰচাৰ। শেষ মুহূৰ্তত মামাই দলটোক এক মাইলেজ দিবলৈ সক্ষম হ'ল।

মধ্যপ্ৰদেশ বিধানসভা দখলৰ বাবে মেজিক নম্বৰ ১১৬। এই ১১৬ খন আসন যিটো দলেই দখল কৰিব পাৰিব তেওঁলোকেই লাভ কৰিব ৰাজ্যখনৰ ক্ষমতা। কিন্তু প্ৰাক নিৰ্বাচনী সমীক্ষাত কোৱা হৈছিল মধ্যপ্ৰদেশত এইবাৰ কোনো এটা দলেই ১১৬ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিব।

কিন্তু এই সমীক্ষা অসত্য প্ৰমাণিত হোৱাটো প্ৰায় নিশ্চিত। হয়তো কাণে-কাণ মাৰি ওলাই যাব 'জয়-বীৰু'ৰ হিচাপে পৰিচিতি লাভ কৰা দিগ্বিজয় সিং আৰু কমল নাথৰ নেতৃত্বত শক্তিশালী হৈ উঠা কংগ্ৰেছ।

এ বি পি-চি ভোটাৰেও প্ৰাক নিৰ্বাচনী সমীক্ষাত সেই কথাই কৈছিল। ৰাহুল গান্ধীয়েও নিৰ্বাচনৰ পূৰ্বৰে পৰা ৰাজ্যখনৰ ক্ষমতা কংগ্ৰেছৰ দখললৈ যাব বুলিয়েই কৈ আহিছে। চি ভোটাৰৰ সমীক্ষা অনুসৰি কংগ্ৰেছে এইবাৰ দখল কৰিব ১১৮ ৰ পৰা ১৩০ খন আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে দখল কৰিব ৯৯ খনৰ পৰা ১১১ খন আসন।

ৰাজ্যখনত শাসকীয় বিজেপিয়ে নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰা সময়ৰে পৰা যথেষ্ট চিন্তাত আছিল। যিকোনো প্ৰকাৰে ক্ষমতা দখলৰ অংক কৰি দলটোৰ শীৰ্ষ নেতৃত্ব যথেষ্ট নাৰ্ভাছ হৈছিল। সেয়ে কেন্দ্ৰীয় মন্ত্ৰী, লোকসভা আৰু ৰাজ্যসভাৰ সাংসদকো বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে।

ৰাজ্যখনত দলটোৰ হেভিৱেইট প্ৰাৰ্থীৰ তালিকাত আছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গী, তিনি কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে নৰেন্দ্ৰ সিং তোমাৰ, প্ৰহ্লাদ পেটেল, ফগ্গন সিং কুলস্তে আদি। আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, দিগ্বিজয় সিং, অজয় সিং আদি শক্তিশালী প্ৰাৰ্থী।

২০১৩ চনৰ নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে মুঠ ৪৫ শতাংশ ভোট লাভেৰে দখল কৰিছিল ১৬৫ খন আসন। কংগ্ৰেছে সেইবাৰ ৩৬ শতাংশ ভোট লাভেৰে পাইছিল মাত্ৰ ৫৮ খন আসন।

কিন্তু ২০১৮ ত কংগ্ৰেছে ৪১ শতাংশ ভোট লাভেৰে ১১৪ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। বিজেপিয়ে ৪০.৮ শতাংশ ভোট লাভেৰে ১০৯ খন আসন লাভ কৰিছিল। ইয়াৰোপৰি বি এছ পিয়ে ২ খন আৰু অন্যান্যই ৫ খন আসন দখল কৰিছিল।

সেইবাৰ বি এছ পি আৰু নিৰ্দলীয়ৰ সমৰ্থনত কমল নাথ মুখ্যমন্ত্ৰী হৈছিল যদিও কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত ২০২০ ৰ মাৰ্চত কংগ্ৰেছৰ একাংশ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। ফলত কমল নাথৰ চৰকাৰৰ পতন হয় আৰু শিৱৰাজ সিং চৌহানৰ নেতৃত্বত ৰাজ্যখনত পুনৰ বিজেপিৰ চৰকাৰ গঠন হয়।

ৰাজনৈতিক পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশক মুঠ ৮ টা ভাগত ভাগ কৰি ৰাজনৈতিক বিশ্লেষণ কৰা হৈছে। এই ৮ টা ভাগৰ ৪টা কংগ্ৰেছে আৰু ৪টা বিজেপিয়ে দখল কৰিছিল। ৰাজ্যখনৰ এই ৮ টা ভাগ হৈছে ক্ৰমে বাঘেলখণ্ড, ভূপাল, বুন্দেলখণ্ড, গিৰ্ড (চম্বল-গোৱালিয়ৰ), মহাকুশল, মালৱা, নৰ্মদাপুৰম, আৰু বিন্ধ্য (নিমাৰ)।

ইয়াৰে বাঘলখণ্ড, ভূপাল, বুন্দেলখণ্ড আৰু নৰ্মদাপুৰমত বিজেপি আগবাঢ়ি আছিল। বাকী ৪ টা অঞ্চল কংগ্ৰেছে দখল কৰিছিল। সেইবাৰ চম্বল-গোৱালিয়ৰ অঞ্চলত ৩৪ খন আসনৰ ভিতৰত ২৬ খন আসনতে কংগ্ৰেছ বিজয়ী হৈছিল যদিও মাত্ৰ ডেৰ বছৰ পাছতে এই সংখ্যা সলনি হৈছিল।

জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত এই অঞ্চলটোৰ ২২ জনকৈ বিধায়কে বিজেপিত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত এই বিধায়কসকলৰ অধিকাংশই বিজেপিৰ টিকটত বিজয় সাব্যস্ত কৰি পুনৰ নিৰ্বাচিত হৈছিল।

কিন্তু এইবাৰ এই অঞ্চলটোৰ ৰাজনৈতিক বতাহ বলিল কংগ্ৰেছৰ সপক্ষে। ইয়াত ২০১৮ তকৈ অধিক ভাল ফলাফল কংগ্ৰেছে দেখুৱাব পাৰিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰোপৰি মহাকুশল, মালৱাতো কংগ্ৰেছ আগবাঢ়ি থাকিব বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ বিপৰীতে বিন্ধ্য অঞ্চলৰ জনজাতীয় এলেকাৰ কংগ্ৰেছৰ ভোটবেংক বিজেপিৰ হাতলৈ যাব। এনে পৰিস্থিতিত পঞ্চমবাৰৰ বাবে 'মামা' হিচাপে পৰিচিত শিৱৰাজ সিং চৌহান পুনৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই তাক লৈ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত গোৱালিয়ৰৰ মহাৰাজ জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতেই বহুখিনি নিৰ্ভৰ কৰিছে। কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত জ্যোতিৰাদিত্য সিন্ধিয়াই পূৰ্বৰ নিৰ্বাচনৰ দৰে প্ৰাণঢালি প্ৰচাৰ চলোৱা নাছিল।

প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে তেওঁ স্পষ্টকৈ ঘোষণা কৰিছে তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নহয়। জ্যোতিৰাদিত্যৰ এই মন্তব্যই শিৱৰাজ সিং চৌহানক বিপদত পেলাব বুলিহে ধাৰণা কৰা হৈছে।

ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনো তীক্ষ্ণ আৰু কটাক্ষ নকৰাকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা জ্যোতিৰাদিত্যই অৱশ্যে এয়া তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অগ্নিপৰীক্ষা বুলি স্পষ্টকৈ কৈছে। জ্যোতিৰাদিত্য সিন্ধিয়াৰ এনে কৌশলী নিৰ্বাচনী প্ৰচাৰৰ ওপৰত নজৰ ৰাখিছিল মোডী-শ্বাহে।

যাৰ বাবে তেওঁলোকে এই অঞ্চলটোৰ দায়িত্ব কেৱল জ্যোতিৰাদিত্যৰ কান্ধতে এৰি নিদি নিজেও ভ্ৰমণ কৰিলে। তাৰোপৰি বিজেপিয়ে বুথসমূহো শক্তিশালী কৰাত গুৰুত্ব দিছিল। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ পুত্ৰৰ অবৈধ ধনৰ লেনদেনৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত দলটো বিপদত পৰিছে। এই ভিডিঅ'য়ে আজিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত যথেষ্ট প্ৰভাৱ পেলাইছে।

বিজেপিৰ এনে পৰিস্থিতিৰ বিপৰীতে কংগ্ৰেছৰ শক্তি হিচাপে থিয় দিছে ৰাজ্যখনৰ দুই স্থানীয় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু দিগ্বিজয় সিং। ইতিমধ্যে ৰাজ্যখনৰ নিৰ্বাচনত এই দুই যুটিক 'শ্বোলে' ছবিখনৰ 'জয়-বীৰু' হিচাপে তুলি ধৰি প্ৰচাৰ চলোৱা হৈছে। এই যুটী মধ্যপ্ৰদেশত 'জয়-বীৰু' হিচাপেই জনপ্ৰিয় হৈ পৰিছে।  

ৰাজ্যখনৰ নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে কংগ্ৰেছ আৰু বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহে। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনত শিৱৰাজ সিং চৌহানৰ 'লাডলি বেহেন আঁচনি'ৰ ধন ১০০০ ৰ পৰা ৩০০০ লৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি গৌৰৱেৰে দিছে।

ইয়াৰোপৰি দলটোৱে নিৰ্বাচনী ইস্তাহাৰত কন্যা সন্তানক ২ লাখ টকাৰ আৰ্থিক সাহায্য, ৪৫০ টকাত গেছ চিলিণ্ডাৰ, দৰিদ্ৰ পৰিয়ালক অহা ৫বছৰলৈ বিনামূলীয়া ৰেচন, কৃষকলৈ ১২ হাজাৰ টকাৰ সাহায্যৰ কথা উল্লেখ কৰিছে।

কংগ্ৰেছে আকৌ ৫০০ টকাত গেছ চিলিণ্ডাৰ, মহিলাক প্ৰতিমাহে ১৫০০ টকাৰ সাহায্য, বিনামূলীয়া শিক্ষা, নিবনুৱা ভাট্টা আদি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই সকলো পৰিস্থিতি, পৰিৱেশ আৰু প্ৰতিশ্ৰুতিৰ মাজতে মধ্যপ্ৰদেশৰ ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে।

ইয়াৰ পাছতে এতিয়া বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব পাৰিব বুলি দাবী কৰিছে। সমান্তৰালকৈ কংগ্ৰছেও অন্তত ১৬০ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী কৰিছে।

এই সকলোৰে অংকত যে আপ, সমাজবাদী পাৰ্টি, বহুজন সমাজবাদী পাৰ্টিয়ে খেলিমেলি নলগাব তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে সঠিত ফলাফলৰ বাবে আমি এতিয়া অপেক্ষা কৰিব লাগিব ৩ ডিচেম্বৰলৈ। নিৰ্ধাৰিত এই দিনতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব ৰাজ্যখনৰ ভোটগ্ৰহণৰ ফলাফল।