BJP ক লাগে একে সময়তে বিধানসভা, লোকসভাৰ নিৰ্বাচন... 
বিশেষ প্ৰতিবেদন

BJP ক লাগে একে সময়তে বিধানসভা, লোকসভাৰ নিৰ্বাচন...

Asomiya Pratidin
দেশত 'এক দেশ, এক নিৰ্বাচন'ৰ পোষকতা কৰা বিজেপিয়ে এই ক্ষেত্ৰত দিলে প্ৰথম খোজ। কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰিলে ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদন। সাজু হৈছে সংসদত এই সংক্ৰান্তিয় বিল উত্থাপনলৈ। কিন্তু বিজেপিয়ে কোৱাৰ দৰেই সহজ নে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী কৰা? এই ক্ষেত্ৰত প্ৰত্যাহ্বান কি হ'ব? বিৰোধীয়ে কি কয়? গণতান্ত্ৰিক ব্যৱস্থালৈ আহিব নেকি ভাবুকি? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বিজেপিয়ে পূৰ্বৰে পৰা 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাৰ পোষকতা কৰি আহিছে। এই ব্যৱস্থা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত এক পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন কৰিছিল এক উচ্চস্তৰীয় কমিটী।

এই কমিটীয়ে 'এক দেশ, এক নিৰ্বাচন'ৰ পক্ষত প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদন আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে আৰু অহা শীতকালীন সংসদৰ অধিবেশনৰ সময়তে এই সংক্ৰান্তিয় এখন বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে।

কিন্তু এইখিনিতে প্ৰশ্ন হয়, বিজেপিয়ে বিচৰা মতেই দেশত 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী সম্ভৱ নে? কেন্দ্ৰত শাসনত থকা বিজেপিয়ে এই বিল সংসদত সহজেই পাছ কৰিব পাৰিবনে? এক দেশ এক নিৰ্বাচন ব্যৱস্থা আজিৰ সময়ত ভাৰতৰ দৰে এখন বিশাল দেশত সম্ভৱ নে? বিজেপিয়ে ভবাৰ দৰেই সহজ হ'ব নে এই প্ৰক্ৰিয়া? এনে ব্যৱস্থাৰ আঁৰত আছে নেকি বিজেপিৰ আন কিবা উদ্দেশ্য? এনেবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে। বিৰোধীয়ে ইতিমধ্যে এই ব্যৱস্থাৰ বিৰোধিতা কৰিছে।

'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী হ'লে সমগ্ৰ দেশতে একেসময়তে একেলগে বিধানসভাসমূহৰ লগতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়াৰ দৰে পৃথকে লোকভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত নহ'ব। প্ৰাৰম্ভিক দৃষ্টিত এনে এক ব্যৱস্থা নিশ্চিতভাৱে ভাৰতৰ দৰে এখন দেশৰ বাবে ভালেই যেন লাগে।

কিয়নো একোটা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়। ইয়াৰ ফলত ৰাজকোষত প্ৰভাৱ পৰে। তাৰোপৰি পৃথকে পৃথকে নিৰ্বাচন অনুষ্ঠিত নহৈ একেলগে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'লে প্ৰশাসনকে ধৰি সকলো লোকৰে যথেষ্ট সুবিধা হয়।

'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাৰ এনেবোৰ যোগাত্মক দিশৰ কথা ইতিমধ্যে প্ৰধানমন্ত্ৰীয়েও উল্লেখ কৰিছে। কিন্তু কোৱাৰ দৰেই বা ভবাৰ দৰেই এই ব্যৱস্থা সম্ভৱ নে? বহুতেই ক'ব বিচাৰে দেশত পূৰ্বে এইদৰেই নিৰ্বাচনত অনুষ্ঠিত হৈছিল। কিন্তু এই কথা পাহৰি গ'লেও নহ'ব তেতিয়াৰ আৰু এতিয়াৰ পৰিবেশ, পৰিস্থিতি, দেশৰ জনসংখ্যা, ৰাজনৈতিক দল আদি সকলো ক্ষেত্ৰতে আহিছে পৰিবৰ্তন।

'এক দেশ, এক নিৰ্বাচন' এই সংক্ৰান্তিয় বিল সংসদত গৃহীত হ'লেও ইয়াক কাৰ্যকৰী কৰিবলৈ প্ৰয়োজন হ'ব সংবিধান সংশোধনৰ। মুঠ পাঁচটাকৈ সংবিধানৰ ধাৰা সলনি কৰিব লাগিব। এনে সংবিধান সংশোধনৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নিজা শক্তি আজিৰ তাৰিখত সংসদত নাই।

এন ডি এ মিত্ৰজোটৰ উপৰিও তেওঁলোকক প্ৰয়োজন হ'ব আন বিৰোধী ৰাজনৈতিক দলৰ সমৰ্থন। ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলসমূহে এই ব্যৱস্থাৰ বিৰোধিতা কৰিছে। গতিকে এই সমৰ্থন যে পাব তাত সন্দেহ আছে। এই ব্যৱস্থাক সমৰ্থন কৰিলেও সেই ৰাজনৈতিক দলসমূহে হাতৰ কুঠাৰ নিজৰ ভৰিত মাৰি লোৱাৰ লেখিয়াই হ'ব।

১৯৫২ চনত দেশত প্ৰথম সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছিল। সেই সময়ত দেশত আজিৰ দৰে ইমান বিপুল সংখ্যক ৰাষ্ট্ৰীয়, আঞ্চলিক ৰাজনৈতিক দল নাছিল। বৰ্তমান ২৯ খন ৰাজ্য, ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল মিলাই দেশত মুঠ ৰাজনৈতিক দল আছে ২৮২৭ টা।

ইয়াৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৬ টা, স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল ৫৭ টা আৰু অস্বীকৃত ৰাজনৈতিক দলৰ সংখ্যা হৈছে ২৭৬৪ টা। আজিৰ তাৰিখত ভাৰতৰ মুঠ জনসংখ্যাৰ পৰিমাণ ১৪০ কোটি। ইমান এখন বিশাল দেশত একেলগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন সম্ভৱ নে?

এতিয়া প্ৰতি বছৰেই কোনোবা নহয় কোনোবা ৰাজ্যত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়েই। প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ ম্যাদো পৃথক। গতিকে এই ৰাজ্যসমূহত কিদৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব?

ম্যাদ অন্ত পৰাৰ পূৰ্বেই আধাতেই তেনে বিধানসভা ভংগ কৰা ইমান সহজ হ'বনে? যদি এইদৰে আধাতেই বিধানসভা ভংগ কৰা হয় তেন্তে সেই ৰাজ্যসমূহত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব লাগিব। জনতাৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰক এইদৰে ভংগ কৰি দিয়া কাৰ্যক মানি ল'বনে? নিশ্চয়কৈ এনেবোৰ ৰাজ্যই ইয়াৰ বিৰোধিতা কৰিব।

'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দেশৰ প্ৰশাসন যন্ত্ৰৰ হাতত সিমান ক্ষমতা আজিৰ তাৰিখত আছেনে? এতিয়াৰ নিৰ্বাচনী ব্যৱস্থাতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সুৰক্ষা কৰ্মীৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী কাৰ্যব্যৱস্থা পৰিচালনা কৰা চৰকাৰী কৰ্মচাৰীৰ নাটনি হয়।

তেনে ক্ষেত্ৰত 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাত সেই সুৰক্ষা কৰ্মী, চৰকাৰী কৰ্মচাৰীৰ সংখ্যাৰ নাটনি কিদৰে দূৰ কৰিব? বিৰোধী ৰাজনৈতিক দলসমূহে অভিযোগ কৰিছে এনে ব্যৱস্থাই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যি পৰিকাঠামো আছে তাত ক্ষতি কৰিব। নিৰ্বাচনী বৈচিত্ৰতা নোহোৱা হ'ব।

বিৰোধীৰ আশংকা দেশত বিজেপিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে এক ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। এয়া ভাৰতীয় গণতন্ত্ৰৰ পৰিপন্থী।

তাৰোপৰি এই কথা সকলোৰে জ্ঞাত যে, অৰ্থনৈতিকভাৱে আজিৰ তাৰিখত বিজেপি দলটো যিমান শক্তিশালী সিমান শক্তিশালী আন কোনো দল নহয়। বিজেপিৰ পুঁজিৰ ক্ষেত্ৰত ফেৰ মাৰিব পৰা ৰাজনৈতিক দল কোনো নাই।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ কথা বাদেই, ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে এই ব্যৱস্থা কাৰ্যকৰী হ'লে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।প্ৰচাৰৰ ক্ষেত্ৰত বিজেপিয়ে যিদৰে ধন খৰচ কৰিব সেইদৰে এই ৰাজনৈতিক দলসমূহে যে খৰচ কৰিব নোৱাৰে সেয়া স্পষ্ট। স্বাভাৱিকতে চমক সৃষ্টিৰে প্ৰচাৰ কৰি বিজেপিয়ে এনে ব্যৱস্থাত অধিক লাভাম্বিত হ'ব।

তৃণমূল কংগ্ৰেছে এই ব্যৱস্থাৰ বিৰোধিতা কৰি কয়, 'এক দেশ, এক নিৰ্বাচন' গণতন্ত্ৰৰ বিৰোধী আৰু বিজেপিৰ এক সস্তীয়া কৌশল। কিয় জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ লগত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ দিন একেলগে ঘোষণা নকৰিলে? একে সময়তে এই তিনিখন ৰাজ্যৰে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা নিৰ্বাচন আয়োগে কিদৰে একেলগে সমগ্ৰ দেশত 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী কৰিব বুলিও প্ৰশ্ন কৰিছে।

কংগ্ৰেছেও পূৰ্বৰ পৰা এই ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। মল্লিকাৰ্জুন খাৰ্গেয়ে এই সন্দৰ্ভত এক্সৰ জৰিয়তে কয়, 'এক দেশ, এক নিৰ্বাচন' মানুহক ভুল পথেৰে পৰিচালিত কৰাৰ বিজেপিৰ এক কৌশল। এয়া সংবিধান, গণতন্ত্ৰ, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী। দেশে এতিয়া এই নীতিক গ্ৰহণ নকৰে।

এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীলৈ ইয়াৰ বিৰোধিতা কৰি যোৱা জানুৱাৰীতেই কংগ্ৰেছে পত্ৰ প্ৰেৰণ কৰিছিল। ইফালে মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰি কয়, লোকসভা নিৰ্বাচনৰ সৈতে কিদৰে সকলো ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰিব? ১৯৫২ চনৰ প্ৰথম নিৰ্বাচনৰ সময়ত তেনেকুৱা হৈছিল। কিন্তু ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা বিভিন্ন পৰিৱৰ্তনৰ ফলত সেই ব্যৱস্থাৰ অন্ত পৰিছে।

তেওঁ পুনৰ কয় যে, এই ব্যৱস্থাই আমাৰ দেশক স্বৈৰতন্ত্ৰৰ দিশে লৈ যাব। গণতন্ত্ৰক কুক্ষিগত কৰিবলৈ এই স্বৈৰতান্ত্ৰিক ব্যৱস্থা কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে। এতিয়া লক্ষ্যণীয় হ'ব এনেবোৰ প্ৰত্যাহ্বান নেওচি কেন্দ্ৰীয় চৰকাৰে কিদৰে এই ব্যৱস্থাক কাৰ্যকৰী কৰিব?

সংসদত তেওঁলোকক কোনে কোনে সমৰ্থন দিব সেয়াও হ'ব লক্ষ্যণীয়। খবৰ অনুসৰি এই ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ সাজু এন ডি এৰ অংশীদাৰ কেইবাটাও ৰাজনৈতিক দল। যদি সেয়াই হয় তেন্তে কিয় বিজেপিয়ে সকলো জানি বুজিও এই পদক্ষেপ ল'বলৈ আগবাঢ়িছে সেয়াও এক ডাঙৰ প্ৰশ্ন।