বিশেষ প্ৰতিবেদন

লোকসভাৰ প্ৰথম অধিবেশনতে ৬ জনগোষ্ঠীকলৈ সক্ৰিয় ফণীভূষণ : কেন্দ্ৰীয় মন্ত্ৰীৰ কৌশলপূৰ্ণ উত্তৰ

Asomiya Pratidin
অসমৰ ৰাজনীতিত এক ডাঙৰ প্ৰশ্ন- ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ’ব? নিৰ্বাচন আহিলেই ৬ জনগোষ্ঠীৰ প্ৰসংগ প্ৰাসংগিক হয় ৰাজনৈতিক দলৰ মাজত। তাৰ পাছত এই প্ৰসংগত মৌন হৈ ৰয় নেতা-মন্ত্ৰী। শেহতীয়াকৈ লোকসভাত কিন্তু এই প্ৰসংগ উত্থাপন কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। অসমৰ সাংসদ দুগৰাকীয়ে সোধা ৬ জনজাতিকৰণ কেতিয়া প্ৰশ্নৰ উত্তৰত নিম্ন সদনত কি উত্তৰ দিলে জনজাতিকৰণ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন-

অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগই পুনৰ স্থান পালে লোকসভাত। সদনত ৰাজ্যৰ দুই সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰকিবুল হুছেইনে কেন্দ্ৰীয় চৰকাৰক সুধিছিল- এই বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি ? কেতিয়ালৈ ৰাজ্যৰ এই ৬ জনগোষ্ঠীয়ে সংবিধান প্ৰদত্ত জনজাতিৰ মৰ্যাদা লাভ কৰিব ?

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যাণালয়ৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাসে অসমৰ সাংসদ দুজনৰ প্ৰশ্নৰ উত্তৰত কয় যে এই প্ৰক্ৰিয়া চলি আছে আৰু এই সন্দৰ্ভত মডেলিটি ইতিমধ্যে গ্ৰহণ কৰা হৈছে। সেই মেডেলিটিকলৈ আলোচনা আৰু ইয়াৰ ওজৰ-আপত্তিসমূহ পৰীক্ষা কৰি পৰ্যায়ক্ৰমে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে সাংসদত দেশৰ ৪১টা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে চিদল্ ট্ৰাইবছ (সংশোধিত) বিধেয়ক ২০১৯ উত্থাপন কৰা হৈছিল। ৰাজ্যসভাতো অসমৰ এই ৬জনগোষ্ঠীক জনজাতিকৰণকলৈ ৯ জানুৱাৰী ২০১৯ত এই বিধেয়ক উত্থাপন কৰা হৈছিল।

বিধেয়কক দেশৰ ৪১টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই জনগোষ্ঠীসমূহৰ ভিতৰত অসমৰ মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, টাই-আহোম আৰু চাহ জনগোষ্ঠীও আছে। ২০২২ৰ ১৪ চেপ্তেম্বৰত ইয়াৰ মেডেলিটিও গ্ৰহণ কৰা হৈছে।

এই মডেলিটি অনুসৰি এথেন’গ্ৰাফিক চৰ্ত পূৰণ কৰিব পৰা জনগোষ্ঠীসমূহক জনজাতিকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ পৰা সবিশেষ বিচৰা হৈছে। ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া, নেচনেল কমিছন ফৰ চিদল্ ট্ৰাইবছৰ পৰীক্ষাৰ অন্তত এই মডেলিটি অনুসৰি সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণকলৈ ৰাজ্যখনত দীৰ্ঘদিন ধৰি আন্দোলন চলি আছে, কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাত বিলম্ব কৰাৰ বাবে ৰাজ্যজুৰি এই জনগোষ্ঠীসমূহৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে।