নেহৰুৰ ঐতিহাসিক সিদ্ধান্তক অনুসৰণ মোডীৰ ! 
বিশেষ প্ৰতিবেদন

নেহৰুৰ ঐতিহাসিক সিদ্ধান্তক অনুসৰণ মোডীৰ !

Asomiya Pratidin
দুদিনীয়া পোলেণ্ড ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱাই উপস্থিত হৈছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত। বহু কেইটা দিশৰ পৰা এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। বিশ্ব ৰাজনীতিত সবাটোকৈ চৰ্চিত মোডীৰ এই ভ্ৰমণ। এই ভ্ৰমণৰ অন্ততে ওলাব নেকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান সূত্ৰ? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটাবলৈ ভাৰতেই মধ্যস্থতা কৰিব নেকি? এই উদ্দেশ্যৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউক্ৰেইন ভ্ৰমণ কৰিছে নেকি? এই প্ৰশ্ন এতিয়া ভিন্নজনৰ মনত উদয় হৈছে।

লোকসভা নিৰ্বাচনৰ সময়ত দেশজুৰি বিজেপিয়ে প্ৰচাৰৰ বাবে যিবোৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল সেই বিজ্ঞাপনসমূহৰ ভিতৰত আটাইকতকৈ সমালোচিত, হাস্যকৰ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চতো চৰ্চিত হোৱা বিজ্ঞাপন আছিল, উক্ৰেইনত অধ্যয়নৰত শিক্ষাৰ্থীক স্বদেশলৈ ঘূৰাই অনাৰ দিশটোক লৈ নিৰ্মাণ কৰা বিজ্ঞাপন।

এই বিজ্ঞাপনত এগৰাকী যুৱতীয়ে দেউতাকক উদ্দেশ্যি কৈছিল-''পাপা মোডীজীনে ৱাৰ ৰোকৱাদিয়া'' (দেউতা মোডীজীয়ে যুদ্ধ ৰখাই দিলে)। অৰ্থাৎ বিজ্ঞাপনটোৰে বুজাব বিচৰা হৈছিল নৰেন্দ্ৰ মোডীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৰখাই ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিছিল। অৱশ্যে এয়া সম্পূৰ্ণ সত্য নাছিল। এয়া আছিল ভোটাৰৰ মন জয় কৰাৰ এক কৌশল। এয়া আছিল এক 'প্ৰপাগণ্ডা'।

পিছে এতিয়া সেই একেগৰাকী মোডীয়েই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ শেষ কৰাৰ ক্ষেত্ৰত ল'বলৈ ওলাইছে মধ্যস্থতাকাৰীৰৰ ভূমিকা। অৱশ্যে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ঘোষণা হোৱা নাই।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ আৰম্ভণিৰ পৰাই ভাৰতে দুয়োখন ৰাষ্ট্ৰকে শান্তি স্থাপন কৰি আলোচনাৰে সমস্যা সমাধানৰ বাবে আহ্বান জনাই আহিছে। প্ৰত্যক্ষভাৱে কোনো এখন দেশকে সমৰ্থন অথবা বিৰোধিতাও কৰা নাই।

ৰাষ্ট্ৰসংঘত যুদ্ধবাজ ৰাছিয়াৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণৰ সময়ত ভাৰত ভোট দিয়াৰ পৰা বিৰত আছিল। সেইদৰেই ইউক্ৰেইনলৈ ভাৰতে প্ৰেৰণ কৰিছিল মানৱীয় সাহায্য। ভাৰতৰ এই ভূমিকা দুমখীয়া স্থিতিৰ বুলি সৰ্বত্ৰে সমালোচিত হৈছে। আন্তঃৰাষ্ট্ৰীয় কূটনীতিত ভাৰতৰ এই স্থিতিয়ে বহুতকেই আচৰিতো কৰিছিল।

ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ। ইউক্ৰেইনৰ সৈতে ঘনিষ্ঠ নহ'লেও শত্ৰুতামূলকো নহয়। ভাৰতে এই দুয়ো ৰাষ্ট্ৰৰ সৈতেই বন্ধুত্বমূলক সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে।

যিসময়ত ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে আমেৰিকাকে ধৰি নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে ৰাছিয়াক বৰ্জন কৰাৰ লগতে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছিল, সেই সময়তেই ইউক্ৰেইনকো সকলোধৰণৰ সহায়ৰ আশ্বাসেৰে আনকি যুদ্ধত জপিয়াই পৰাৰো হুংকাৰ দি এই ৰাষ্ট্ৰসমূহেই উচটনি দিছিল। কিন্তু ভাৰতে আৰম্ভণিৰে পৰা দুয়োখন ৰাষ্ট্ৰক আলোচনাৰ বাবে আহ্বান কৰি আহিছিল।

যুদ্ধৰ আৰম্ভণিৰ পৰা এই পৰ্যন্ত ভাৰতৰ সেই স্থিতি অটুট আছে। ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে সেই কথাই দোহাৰিছে। ৰাছিয়া ভ্ৰমণৰ সময়তো একে কথাই  দোহাৰিছিল।

ভাৰতৰ এই যুদ্ধ নিৰপেক্ষ নীতি নতুন নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ১৯৪৭ ত ভাৰতে স্বাধীনতা অৰ্জন কৰাৰ পিছৰে পৰা জৱহৰলাল নেহৰুৰ দূৰদৰ্শি চিন্তাৰ ফচল হিচাপে ভাৰতে আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠাৰ বাবে যুদ্ধ নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।

নাটো অথবা ছোভিয়েট ইউনিয়ন কোনে এটা গোটৰে অংশ নাছিল ভাৰত। ভাৰতৰ এই স্থিতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচিত হৈছিল যদিও ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশৰ বাবে এই স্থিতি আছিল যুক্তিসংগত।

ভাৰতে গ্ৰহণ কৰা সেই নীতি এতিয়াও অব্যাহত আছে।ৰাছিয়া-ইউক্ৰেইনৰ ক্ষেত্ৰতে হওক অথবা ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘৰ্ষই হওক ভাৰতে কেৱল আলোচনাক প্ৰাধান্য দি আহিছে। যুদ্ধ বিধ্বস্ত পেলেষ্টাইনলৈ ভাৰতে প্ৰেৰণ কৰিছে মানৱীয় সাহায্য।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতেই নৰেন্দ্ৰ মোডীয়ে ৰাছিয়া ভ্ৰমণ কৰিলে। এই দুদিনীয়া ভ্ৰমণৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনৰ সৈতে ব্যক্তিগত আৰু প্ৰতিনিধি পৰ্যায়ৰো আলোচনাত বহিছিল।

দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্কৰ উপৰিও গোলকীয় বিষয়ৰ ওপৰত হোৱা আলোচনাত স্বাভাৱিকতে আহিছিল ইউক্ৰেইনৰ সৈতে অব্যাহত থকা যুদ্ধৰ প্ৰসংগও।সেই সময়ত মোডীৰ এই ৰাছিয়া ভ্ৰমণৰ স্পষ্ট বিৰোধিতা কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

কিন্তু সেই জলেনস্কিয়েই নৰেন্দ্ৰ মোডীক দেশখনৰ নেচনেল ফ্লেগ ডে’ৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনালে। মোডীয়েও সেই আমন্ত্ৰণ ৰক্ষা কৰি দুদিনীয় পোলেণ্ড ভ্ৰমণ সামৰি আজি পুৱাই কিভত গৈ উপস্থিত হৈছে।

এই ভ্ৰমণৰ অন্যান্য দিশসমূহ আমাৰ আলোচনাৰ বিষয় নহয়। আমাৰ আলোচনাৰ বিষয়ে আৰম্ভণিতে উল্লেখ কৰা প্ৰশ্ন কেইটাক সামৰিহে। ৰাছিয়া ভ্ৰমণ সামৰিয়েই মোডীয়ে ইউক্ৰেইন ভ্ৰমণ কৰা বিষয়টো এতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ সৰ্বাধিক চৰ্চিত বিষয়।

ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বমূলক সম্পৰ্ক ঐতিহাসিক। ভাৰতৰ যুদ্ধ নিৰপেক্ষ নীতিও বহু ৰাষ্ট্ৰই গ্ৰহণ কৰিছে। যুদ্ধৰ সম্পৰ্কত বাৰে বাৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি আহিছে।সেই স্থিতিয়েই এতিয়া নৰেন্দ্ৰ মোডীৰ কান্ধত আঁৰি দিছে এক গধুৰ দায়িত্ব।

চৰ্চা অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাৰ্তা লৈ ইউক্ৰেইনত উপস্থিত হৈছে নৰেন্দ্ৰ মোডী। এই বাৰ্তা হ'ব পাৰে যুদ্ধ বিৰতিৰ। ৰাছিয়া, ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰথম পৰ্ব আৰু এতিয়াৰ স্থিতিৰ ওপৰত যিসকলে দৃষ্টি ৰাখিছে তেওঁলোকে ভালকৈয়ে বুজি পাইছে এই যুদ্ধখন এতিয়া কেৱল চলিব লাগে বাবেই চলি আছে।

যুদ্ধৰ আৰম্ভণিতে ইউক্ৰেইনক মানচিত্ৰৰ পৰা নোহোৱা কৰি দিয়াৰ হুংকাৰ দিয়া ৰাছিয়াৰ এতিয়া সেই শক্তি নাই। ইউক্ৰেইনীয়ান সেনাৰ মানসিক শক্তি আছে যদিও তেওঁলোকো ভাগৰি পৰিছে।

এই যুদ্ধত এতিয়া নাই উন্মাদনা। এতিয়া যুদ্ধ এতিয়া কেৱল সন্মান ৰক্ষাৰহে। ইতিমধ্যে ৰাছিয়াৰ বহু ক্ষতি হ’ল। যুদ্ধৰ আৰম্ভণিতে যিদৰে ৰাছিয়াই ইউক্ৰেইনৰ এখনৰ পিছত সিখন চহৰ দখল কৰিছিল এতিয়া ইউক্ৰেইনে ৰাছিয়াৰ এটা অঞ্চল দখল কৰিছে।

এনে পৰিস্থিতিত এতিয়া বিশ্বৰ আগত মূৰ তুলি থিয় হৈ থাকিবলৈ ৰাছিয়াৰ হাতত এটাই পন্থা বাকী আছে। যুদ্ধ বিৰতি। ইউক্ৰেইনেও সেয়াই বিচাৰিছে। ইয়াৰ বাবে দুয়োখন ৰাষ্ট্ৰকে প্ৰয়োজন এতিয়া এক মধ্যস্থতাকাৰীৰ।

এই মধ্যস্থতাকাৰী হ’ব লাগে নিৰপেক্ষ। ইয়াৰ বাবে ভাৰতৰ বিকল্প আৰু কোন হ'ব পাৰে? ৰাছিয়াৰ পুৰণি বন্ধু ভাৰত। ইউক্ৰেইনৰেও ভাৰতে ৰাখিছে বন্ধুত্বমূলক সম্পৰ্ক। এই দুয়োখন দেশৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় সমুদায়ে ৰাছিয়াৰ ওপৰত বহু প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

এই প্ৰতিবন্ধকতাক নেওচি ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল ৰপ্তানিৰ বাবে এক প্ৰধান বজাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাছিয়াই খাৰুৱা তেলৰ ক্ষেত্ৰত ইউৰোপৰ বজাৰ হেৰুওৱাত ভাৰতে সেই বজাৰখন দিলে ৰাছিয়াক। ভাৰতো ইয়াৰ দ্বাৰা লাভাম্বিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰতকৈ ভাৰতে ৰাছিয়াৰ পৰা কম মূল্যত তেল আমদানি কৰিছে।

ৰাছিয়া ভ্ৰমণৰ সময়ত মোডী আৰু পুটিনৰ মাজত হোৱা আলোচনাৰ পিছত দুয়োখন দেশৰ যি যৌথ বিবৃতি প্ৰকাশ পাইছিল সেই বিবৃতিত ইউক্ৰেনৰ প্ৰসংগ স্পষ্টভাৱে উল্লেখ কৰিছিল।

বিবৃতিত ইউক্ৰেইন আৰু গাজাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি কৈছিল এই যুদ্ধৰ তীব্ৰতা বৃদ্ধি পালে ইয়াৰ পৰিণতি প্ৰত্যকখন ৰাষ্ট্ৰৰ বাবে বিপৰ্যয়জনক হ’ব। সেয়ে দুয়োপক্ষৰ মাজত যোগাযোগকে ধৰি আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইউক্ৰেইনৰ চাৰিওফালে সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰয়োজনীয়তাক আলোচনা কৰা হৈছিল। স্বাভাৱিকতে এই বাৰ্তাত আছিল ভাৰতৰ প্ৰভাৱ।

সেয়ে এতিয়া মোডীৰ এই ভ্ৰমণৰ মাজতেই হওক বা পাছতেই হওক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতিৰ সন্দৰ্ভত আলোচনা আগবাঢ়িলে আচৰিত হ'বলগীয়া একো নাথাকিব। যদি চৰ্চা হোৱাৰ দৰেই মোডীয়ে পুটিনৰ বাৰ্তা লৈ জেলনস্কিৰ কাষলৈ গৈছে আৰু দুয়ো নেতাক যুদ্ধ বিৰতিৰ বাবে পতিয়ন নিয়াব পাৰে তেন্তে এয়া কেৱল বাবে মোডীৰ বাবেই নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতৰ বাবে হ'ব এক বৃহৎ সাফল্য।