মোডীৰ মন্ত্ৰীসভাত ৫ হাজাৰ কোটি টকীয়া সাংসদঃ পবিত্ৰ মাৰ্ঘেৰিটা দৰিদ্ৰৰ তালিকাত... 
বিশেষ প্ৰতিবেদন

মোডীৰ মন্ত্ৰীসভাত ৫ হাজাৰ কোটি টকীয়া সাংসদঃ পবিত্ৰ মাৰ্ঘেৰিটা দৰিদ্ৰৰ তালিকাত...

Asomiya Pratidin
গঠন হ'ল মোডীৰ মন্ত্ৰীসভা। ৩০ জন কেবিনেট মন্ত্ৰী, ৫ জন স্বতন্ত্ৰ মন্ত্ৰী আৰু ৩৬ জন ৰাজ্যমন্ত্ৰীৰে গঠিত এই মন্ত্ৰীসভাত সৰ্বাধিক শিক্ষিত মন্ত্ৰী কোন? কোনগৰাকী মন্ত্ৰী আটাইতকৈ ধনী আৰু কোনগৰাকী দৰিদ্ৰ? এই মন্ত্ৰীসভাত স্থান লাভ কৰা আটাইতকৈ জ্যষ্ঠ আৰু কনিষ্ঠ মন্ত্ৰী কোন? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত সোমবাৰে বিতৰণ কৰা হয় বিভাগসমূহ। মুঠ ৭২ জন সদস্যৰে গঠিত মোডী মন্ত্ৰীসভাৰ ৩০ জন কেবিনেট মন্ত্ৰীৰ বিপৰীতে ৫ জন স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু ৩৬ জন ৰাজ্য মন্ত্ৰী।

মোডী মন্ত্ৰীসভাৰ এইসকল মন্ত্ৰীৰ ভিতৰত আছে মাত্ৰ ৭ গৰাকীহে মহিলা। আনহাতে ৰাজ্যসভাৰ পৰা এই মন্ত্ৰীসভাত স্থান লাভ কৰিছে ১২ জন সাংসদে। যাৰ মাজত আছে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাও।

মোডী মন্ত্ৰীসভাৰ আটাইতকৈ জ্যেষ্ঠ মন্ত্ৰী

প্ৰধানমন্ত্ৰী মোডীৰ মন্ত্ৰীসভাত আটাইতকৈ জ্যেষ্ঠ মন্ত্ৰী হিচাপে স্থান লাভ কৰিছে জিতন ৰাম মাঝিয়ে। বিহাৰৰ এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ সংসদলৈ নিৰ্বাচিত হৈ গৈছে। ২০১৪ ৰ পৰা ২০১৫ লৈ বিহাৰৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা মাঝি হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি।

দলটোৰ একমাত্ৰ সাংসদ হিচাপে সংসদলৈ নিৰ্বাচিত হোৱা জিতন ৰাম মাঝিয়ে মোডী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ কৰি লাভ কৰিছে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিভাগ। ১৯৪৪ চনত জন্মগ্ৰহণ কৰা মাঝিয়েই এইবাৰ মোডী মন্ত্ৰীসভাৰ আটাইতকৈ বৰ্ষীয়ান মন্ত্ৰী। বৰ্তমান তেওঁৰ বয়স ৭৯ যদিও মাত্ৰ ৩ মাহৰ পাছতে তেওঁ ৮০ বছৰত ভৰি দিব।

মোডী মন্ত্ৰীসভাৰ আটাইতকৈ কনিষ্ঠ মন্ত্ৰী

প্ৰধানমন্ত্ৰী মোডীৰ মন্ত্ৰীসভাত এইবাৰ কেইবাজনো ৪০ বছৰৰ তলৰ সাংসদে স্থান লাভ কৰিছে। সেই অনুসৰি আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে স্থান লাভ কৰিছে নাইডু কিঞ্জাৰাপু ৰামমোহনে। ৩৬ বছৰীয়া নাইডু অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টিৰ সাংসদ। তেওঁ এইবাৰ মোডী মন্ত্ৰীসভাত অসামৰিক বিমান পৰিবহণ বিভাগৰ কেবিনেট মন্ত্ৰীত্বৰ পদ লাভ কৰিছে।

মোডী মন্ত্ৰীসভাত স্থান লাভ কৰা কনিষ্ঠ মন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে ৩৭ বছৰীয়া ৰক্ষা খড়সে। মহাৰাষ্ট্ৰৰ এইগৰাকী যুৱ সাংসদে লাভ কৰিছে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব।

সৰ্বাধিক শিক্ষিত মন্ত্ৰী

ভাৰতৰ ৰাজনীতিত অংশগ্ৰহণৰ বাবে যদিও শিক্ষাগত অৰ্হতকাক প্ৰাধান্য দিয়া নহয় তথাপিও ভাৰতীয় ৰাজনীতিত শিক্ষিত ৰাজনৈতিক নেতাৰ কদৰ নথকা নহয়। যিদৰে সংসদলৈ দেশৰ জনসাধাৰণে স্বাক্ষৰ কৰিবলৈ নজনা সংসদো নিৰ্বাচিত কৰি পঠিয়াইছে সেইদৰেই শিক্ষিত ৰাজনৈতিক নেতাকো নিজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিবলৈ পাহৰা নাই।

অৱশ্যে ভাৰতীয় ৰাজনীতিত শিক্ষাগত অৰ্হতাক প্ৰাধান্য নিদিয়া বিষয়টোক লৈ নানান সময়ত নানান চৰ্চা অব্যাহত আছে। তাৰ মাজতো ভাল খবৰ এয়াই যে, মোডী মন্ত্ৰীসভাত স্থান লাভ কৰা কেইবাজনো গুৰুত্বপূৰ্ণ পদবীৰ মন্ত্ৰীৰ শিক্ষাগত অৰ্হতা চকুতলগাকৈ চহকী।

এই তালিকাত শীৰ্ষ স্থানত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰা ড০ সুব্ৰমন্যম জয়শংকৰ। এছ জয়শংকৰ হিচাপে পৰিচিত এইগৰাকী ৰাজনৈতিক নেতাই যোৱা সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে সফলতাৰে তেওঁৰ দায়িত্ব সম্পন্ন কৰিলে।

এইবাৰো প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ওপৰত সেই দায়িত্বই প্ৰদান কৰিছে। জয়শংকৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি জে এন ইউৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও এম ফিল আৰু ইণ্টাৰনেচনেল ৰিলেচনশ্বিপক বিষয় হিচাপে লৈ পি এইছ ডি সম্পন্ন কৰিছে।

এগৰাকী কূটনীতিবিদ হিচাপে তেওঁ মস্কো, কলম্বো, বুদাপেষ্ট, টকিঅ’স্থিত ভাৰতীয় দূতাবাসৰ দায়িত্ব পালন কৰাৰ উপৰিও বৈদেশিক মন্ত্ৰণালয়, ৰাষ্ট্ৰপতি সচিবালয়ৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে।

জয়শংকৰৰ পাছতে এই তালিকাত আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। মোডীৰ নেতৃত্বাধীন বিজেপিৰ দ্বিতীয়খন চৰকাৰত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা নিৰ্মলা সীতাৰমণক এইবাৰো পুনৰ সেই দায়িত্ব দিয়া হৈছে।

তেওঁ তিৰুচিৰাপল্লীৰ চিথাইক্ষ্মী ৰামাস্বামী মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও জে এন ইউৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে।ইয়াৰ পিছত তেওঁ পেছাদাৰীভাৱে লণ্ডনৰ কৃষি সংস্থাত অৰ্থনীতিবিদৰ সহায়ক হিচাপে আৰু পাছত লণ্ডনতেই প্ৰাইচ ৱাটাৰ হাউচৰ জ্যেষ্ঠ প্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পিছত আছে পীযুষ গোৱেল। বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা গোৱেলে ১৯৮৪ চনতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যৰ স্নাতক ডিগ্ৰী আহৰণ কৰে। ইয়াৰ পিছত ১৯৮৭ ত মুম্বাই বিশ্ববিদ্যালয়ৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী আহৰণ কৰে। একে বছৰতে তেওঁ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টচ অফ ইণ্ডিয়াৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপেও যোগ্যতা অৰ্জন কৰে।

ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক-তথ্যপ্ৰযুক্তি বিভাগৰ মন্ত্ৰীত্ব লাভ কৰা অশ্বিনী বৈষ্ণৱো অন্যতম এজন শিক্ষিত মন্ত্ৰী। ১৯৯১ চনত যোধপুৰৰ এম বি এম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ পৰা সোণৰ পদক লাভ কৰা এইগৰাকী ৰাজনৈতিক নেতাই ১৯৯৪ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ২৭ নং স্থান দখল কৰিছিল। ২০০৮ চনত তেওঁ আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীও আহৰণ কৰিছে।

সেইদৰেই জীতেন্দ্ৰ সিঙো এগৰাকী শিক্ষিত ৰাজনৈতিক নেতা। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ জীতেন্দ্ৰ সিং মেডিচিনৰ এম বি বি এছ আৰু এম ডি। তেওঁ লাভ কৰিছিল ডায়েবেটিচ আৰু এণ্ডোক্ৰিনোলজীৰ ফেলোশ্বিপ।

ইয়াৰোপৰি তেওঁ চেন্নাইৰ ষ্টেনলী মেডিকেল কলেজ, নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্স, জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু নয়ডাৰ এম টি বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে সন্মানীয় পি এইছ ডি ডিগ্ৰী।

সেইদৰেই মহাৰাষ্ট্ৰৰ যুৱ ৰাজনৈতিক নেতা উত্তৰ পূব উন্নয়ন আৰু টেলিকম বিভাগৰ কেবিনেট মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আকৌ দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন কলেজৰ ছাত্ৰ।

ইয়াৰ পিছত তেওঁ ১৯৯৩ চনত হাভাৰ্ড কলেজৰ পৰা কলা শাসাত স্নাতক ডিগ্ৰী আহৰণ কৰিছে। ২০০১ ত তেওঁ ষ্টেণফৰ্ড গ্ৰেজুৱেট স্কুল অফ বিজনেছ এডমিনিষ্ট্ৰেচনৰ পৰা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন ডিগ্ৰী লাভ কৰিছে।

সৰ্বাধিক ধনী মন্ত্ৰী

অষ্টাদশ লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছতে এই কথা নিশ্চিত হৈছিল যে এইবাৰ লোকসভা কোটিপতি সাংসদৰে ভৰি পৰিছে। এইবাৰ মুঠ সাংসদৰ ৯৩ শতাংশ সাংসদেই কোটিপতি। ইয়াৰ পূৰ্বে ২০১৯ ত ৮৮ শতাংশ আৰু ২০১৪ ত ৮২ শতাংশ সাংসদ আছিল কোটিপতি।

দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ উপৰিও আন ৭১ জন সাংসদে ক্ৰমে কেবিনেট মন্ত্ৰী, স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু ৰাজ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে এই কথা নিশ্চিত হয় যে, এইবাৰ মোডী মন্ত্ৰীসভাত আটাইতকৈ ধনী মন্ত্ৰী হিচাপে পৰিগণিত হৈছে ড০ পেম্মাচানী চন্দ্ৰশেখৰ।

গ্ৰাম্য উন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা চন্দ্ৰশেখৰ অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টিৰ সাংসদ।নিৰ্বাচন আয়োগক দাখিল কৰা তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,৭০৫ কোটি টকা।

তেওঁৰ পাছতে আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম। মোডী মন্ত্ৰীসভাৰ ধনী মন্ত্ৰীৰ তালিকাত সিন্ধিয়াৰ স্থান দ্বিতীয়। তেওঁ ৪২৫ কোটিৰো অধিক সম্পত্তিৰ গৰাকী। এই তালিকাত ইয়াৰ পিছতে আছে ক্ৰমে ২১৭ কোটিৰো অধিক সম্পত্তিৰে গুৰু উদ্যোগ, তীখা বিভাগৰ কেবিনেট মন্ত্ৰী এইছ ডি কুমাৰ স্বামী, ১৪৪ কোটিৰো অধিক সম্পত্তিৰে ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ১২১ কোটিৰো অধিক সম্পত্তিৰে পৰিসংখ্যা-আঁচনি ৰূপায়ণ, পৰিকল্পনা, সংস্কৃতি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্ৰজীত সিং আৰু ১১০ কোটিৰো অধিক সম্পত্তিৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল।

মোডী মন্ত্ৰীসভাৰ দৰিদ্ৰ মন্ত্ৰী

মোডী মন্ত্ৰীসভাৰ আটাইতকৈ দৰিদ্ৰ মন্ত্ৰী হিচাপে চিহ্নীত হৈছে বিহাৰৰ জিতন ৰাম মাঝি। হিন্তুস্তান আৱাম মৰ্চাৰ প্ৰতিষ্ঠাপক তথা, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝি সংসদলৈ নিৰ্বাচিত হোৱা তেওঁৰ দলৰ একমাত্ৰ সাংসদ।

তাৰ পাছতো তেওঁক মোডী মন্ত্ৰীসভাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ কেবিনেট মন্ত্ৰীত্বৰ দায়িত্ব দিয়া হৈছে। এইগৰাকী মন্ত্ৰীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা তথ্য অনুসৰি তেওঁৰ সম্পত্তি মাত্ৰ ৩০ লাখ টকা।

এই তালিকাৰ দ্বিতীয় স্থানত আছে বিজেপিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা বান্দী সঞ্জয় কুমাৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.১২ কোটি টকা।

তৃতীয় স্থানত আছে অজয় টামটা।উত্তৰাখণ্ডৰ পৰা নিৰ্বাচিত হৈ অহা বিজেপিৰ এইগৰাকী সাংসদে লাভ কৰিছে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ ৰাজ্য মন্ত্ৰী। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.২৩ কোটি টকা।

সেইদৰেই এই তালিকাত চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে সুকান্ত মজুমদাৰ আৰু পবিত্ৰ মাৰ্ঘেৰিটা। শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সুকান্ত মজুমদাৰৰ সম্পত্তিৰ পৰিমাণ ১.২৪ কোটি টকা।

অসমৰ ৰাজ্যসভাৰ সাংসদ তথা মোডী মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা মাৰ্ঘেৰিটাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১.৩ কোটি টকা।