বিশেষ প্ৰতিবেদন

দুবাৰকৈ ডিব্ৰুগড় আৰক্ষীয়ে খবৰ দিয়াৰ পাছতো চুমিক বিচাৰি অভিযান চলোৱা নাছিল মহানগৰ আৰক্ষীয়ে

Asomiya Pratidin
ক’ত লুকাই আছে চুমি ? এতিয়াও সন্ধান পোৱা নাই আৰক্ষীয়ে। নুনমাটিত আত্মগোপন কৰি থকাৰ খবৰ ডিব্ৰুগড় আৰক্ষীয়ে দিছিল মহানগৰ আৰক্ষীক। দুবাৰকৈ এই খবৰ দিয়াৰ পাছতো মহানগৰ আৰক্ষীয়ে সময়ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন-

অনলাইন ট্ৰেডিঙৰযোগে হাজাৰ-হাজাৰ লোকৰ সঞ্চিত ধন আত্মসাৎ কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে যদিও ৭হাজাৰ কোটি টকা লুণ্ঠন কৰা ডি বি ব্ৰকিং ষ্টকৰ দীপাংকাৰ বৰ্মনৰ সন্ধান নাই। ডিব্ৰুগড়ত এই অনলাইন ট্ৰেডিঙৰ অন্যতম মাষ্টাৰ মাইণ্ড বিশাল ফুকনক আৰক্ষীয়ে দুই ছেপ্তেম্বৰত গ্ৰেপ্তাৰ কৰাৰ পাছত আত্মগোপন কৰি আছে বিশালৰ অন্যতম সহযোগী চুমি বৰাই।

ডিব্ৰুগড় আৰক্ষীয়ে বিতৰ্কিত চুমি বৰা আৰু তেঁওৰ স্বামী তাৰ্কিক বৰাই আত্মগোপন কৰি থকা স্থানৰ ঠিকেই সন্ধান পাইছে। নুনমাটিত দুয়ো থকাৰ খবৰ এবাৰ নহয় দুবাৰকৈ মহানগৰ আৰক্ষীক দিছিল ডিব্ৰুগড় আৰক্ষীয়ে।

মোবাইল বন্ধ কৰি ৰাখিলেও মোবাইল টাৱাৰৰ শেষ লোকেশ্বন উলিয়াই নুনমাটিত দুয়ো আত্মগোপন কৰি থাকিব পৰা সাম্ভাৱ্য স্থানত অভিযান চলোৱা হ’লে আটক কৰিব পৰা গ’ল হয় চুমি আৰু তেঁওৰ স্বামীক। ডিব্ৰুগড় আৰক্ষীৰ পৰা এই খবৰ পোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে ৪৮ ঘণ্টা ধৰি কোনো অভিযান নচলালে।

উল্লেখযোগ্য যে নুনমাটিত থকা কণ্ঠশিল্পী দীক্ষুৰ ফ্লেটতেই আত্মগোপন কৰি আছিল চুমি আৰু তেঁওৰ স্বামী তাৰ্কিক। খবৰ অনুসৰি উক্ত ফ্লেটৰ পৰাই অসম আৰক্ষীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ পৰামৰ্শ আৰু পৃষ্ঠপোষকতাত দুয়োৱে পৰৱৰ্তী সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়লৈ গুচি গৈছিল।

তাৰ পাছতে চুমি আৰু তেঁওৰ স্বামীক বিচাৰি দীক্ষুৰ বাসগৃহলৈ মহানগৰ আৰক্ষীৰ এটা দল গৈছিল। নিয়ম মাফিক সোধা-পোচাৰে সেই দলটো ঘূৰি আহিছিল। চুমিৰ ফ্লেটতো এইধৰণেই আৰক্ষীয়ে দেখুৱাবলৈকে বিচাৰি যোৱাৰ নাটক ৰচনা কৰিছিল।

চোৰাংচোৱাইও আৰক্ষীক চুমি লুকাই থকা স্থানৰ তথ্য মহানগৰ আৰক্ষীক প্ৰদান কৰাৰ খবৰো পোহৰলৈ আহিছে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়াৰ পাছত মহানগৰ আৰক্ষীৰ এই ভূমিকাই বিষয়টো ৰহস্যজনক কৰি তুলিছে।

এই সময়ছোৱাতে লক্ষ্যণীয়ভাৱে একাংশ সাংবাদিকেও আৰক্ষীৰ শ্ৰুতলিপি মানি চুমি বৰা নেপাললৈ পলাই যোৱাৰ সম্ভাৱনাৰে বাতৰি পৰিৱেশন কৰিছে। আৰক্ষী-সাংবাদিক আৰু এক শক্তিশালী চক্ৰই চুমি বৰাক ৰক্ষাণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে।

মেঘালয়ত আত্মগোপন কৰি থকা অৱস্থাতে চুমি আৰু তেঁওৰ স্বামী তাৰ্কিকে অগ্ৰিম জামিনৰ বাবেও আবেদন জনাইছে। এতিয়া লক্ষ্যণীয় হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দিশত কি ভূমিকা গ্ৰহণ কৰে।