চন্দ্ৰতেই হ'ব গৱেষণাগাৰঃ চীন, ৰাছিয়াৰ প্ৰস্তুতি, সাজু হৈছে ভাৰতো...  
বিশেষ প্ৰতিবেদন

চন্দ্ৰতেই হ'ব গৱেষণাগাৰঃ চীন, ৰাছিয়াৰ প্ৰস্তুতি, সাজু হৈছে ভাৰতো...

Asomiya Pratidin
সাধু কথা অথবা কল্প কাহিনীয়েই হ'ব সত্য ! চন্দ্ৰত সাজিব ঘৰ। চন্দ্ৰত অধিক গৱেষণা চলাবলৈ বিজ্ঞানীসকলে আৰম্ভ কৰিছে ন উদ্যমেৰে প্ৰস্তুতি। ছুপাৰ পাৱাৰ চীন আৰু ৰাছিয়াৰ মাজত হৈছে চুক্তি। ভাৰতেও আগবঢ়াব সহযোগিতা। শীঘ্ৰেই চন্দ্ৰত স্থাপন হ'ব মহাকাশ গৱেষণাগাৰ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

এসময়ত সাধু কথাৰ বিষয় আছিল নিশাৰ আকাশত জিলিকি থকা জোন। কল্প কাহিনীৰো পটভূমি হৈ পৰিছিল সকলোৰে চিনাকী জোনবাই। এই জোনবাইতে এসময়ত ঘৰ সজাৰ সপোন দেখিছিল কল্পনাপিয়াসী কোনো কবি, গীতিকাৰে।

চোতালত ঢাৰি-পাটী পাৰি এই কাহিনী শুনা প্ৰজন্মৰ বাবে জোনবাই এক আৱেগ, জোনবাই শৈশৱৰ সতীৰ্থ। ককা, আইতাৰ সাধু কথাৰ জোনবাই মোমাইৰ ঘৰলৈ গ'লে নিজৰ লগত লৈ যোৱাৰ ভেম ধৰা প্ৰজন্মৰ সেই আৱেগক বিজ্ঞানে স্পৰ্শ কৰিব নোৱাৰে। বৈজ্ঞানীক চিন্তাৰ পৰিধীৰ বাহিৰত জোনবাই।

পিছে এই আৱেগ, এই প্ৰেমকো নেওচি এই সত্যক এতিয়া সকলোৱে স্বীকাৰ কৰি লৈছে চিনাকী সেই জোনবাই এতিয়া মহাকাশ বিজ্ঞানীসকলৰ বাবে গৱেষণাৰ এক সমল। সেইদৰেই মহাকাশ গৱেষণাক লৈ নিত্য নতুন নতুন চিন্তাৰ বিকাশ ঘটিছে।

মহাকাশক লৈ বিজ্ঞানী মহলে চলাই থকা এনে গৱেষণাৰ মাজতে বিগত বছৰৰ আগষ্ট মাহত ভাৰতে সফল চন্দ্ৰ অভিযান চলালে। ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এনে সফলতাৰ পাছত এইবাৰ বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে আন এক বৃহৎ প্ৰকল্পৰ বাবে সাজু হৈছে।

ইমানদিনে পৃথিৱীৰ ভূপৃষ্ঠৰ গৱেষণা কেন্দ্ৰৰ পৰাই মহাকাশ জানেৰে চন্দ্ৰত অভিযান চলাই আহিছিল যদিও শীঘ্ৰেই চন্দ্ৰতে গৱেষণা কেন্দ্ৰ গঢ়ি তুলিব বিজ্ঞানীসকলে। অহা এক দশকৰ ভিতৰত এয়া সম্ভৱ হৈ পৰিব।

এই পৰিকল্পনা হাতত লৈছে ৰাছিয়া আৰু চীনৰ মহাকাশ বিজ্ঞানীসকলে। এই দুয়োখন দেশৰ মহাকাশ বিজ্ঞানীৰ এনে প্ৰস্তুতিৰ সৈতে সংযুক্ত হ’বলৈ সাজু হৈছে ভাৰতৰ মহাকাশ বিজ্ঞানীসকলো।

ইতিমধ্যে চীন আৰু ৰাছিয়াই এই সন্দৰ্ভত যৌথ অভিযান চলাবলৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতেও এই দুই দেশৰ সৈতে এই অভিযানৰ অংশ হ’বলৈ সাজু হোৱাত এতিয়া বিশ্বজুৰি এই বিষয়টোক লৈ উৎসাহ বৃদ্ধি হৈছে।

প্ৰকাশিত খবৰ মতে ৰাছিয়া আৰু চীনে চন্দ্ৰ পৃষ্ঠত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ চিন্তা মনত ৰাখিয়েই ২০৩৫ চনৰ ভিতৰত চন্দ্ৰত এক Nuclear Reactors নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ভাৰত আৰু চীনৰ মহাকাশ বিজ্ঞানীসকলে এই ক্ষেত্ৰত ৰাছিয়াৰ সৈতে হাত মিলাইছে।

ৰাছিয়াৰ সংবাদ মাধ্যম 'টি এ এ এছ এছ'ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা 'Roscosmos' আৰু চীনৰ মহাকাশ গৱেষণা সংস্থা 'চি এন এছ এ' চন্দ্ৰত যৌথ গৱেষণা কেন্দ্ৰ গঢ়ি তুলিবলৈ আগ্ৰহী। এই অভিযানত ভাৰত ৰাছিয়া আৰু চীনৰ সৈতে থাকিব।

ৰাছিয়াই ২০৪০ চনৰ ভিতৰত চন্দ্ৰত গৱেষণা আৰু অন্বেষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গঢ়ি তুলিবলৈ পৃথিৱীৰ পৰা মহাকাশচাৰী প্ৰেৰণ কৰিবলৈ সাজু হৈছে। চন্দ্ৰত এই গৱেষণা কেন্দ্ৰ এটা চলাবলৈ প্ৰথমেই প্ৰয়োজন হ’ব  বিদ্যুৎ যোগান।

সেয়ে এই বিদ্যুৎ ব্যৱস্থাৰ বাবে চন্দ্ৰত মহাকাশ বিজ্ঞানীসকলে Nuclear Reactors স্থাপন কৰাৰ বাহিৰে বেলেগ বিকল্প নাই। কিয়নো পৃথিৱীৰ সময় অনুসৰি চন্দ্ৰৰ এটা ৰাতি আৰু এটা দিনৰ সময়সীমা ১৪ টা দিন। অৰ্থাৎ চন্দ্ৰত একেৰাহে ১৪ দিনকৈ দিন-ৰাতি হয়।

সেয়েহে চন্দ্ৰত সৌৰ প্ৰকল্প স্থাপন কৰি নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ব্যৱস্থা গঢ়ি তোলা সম্ভৱ নহয়। ইয়াৰ বিকল্প হিচাপে বিজ্ঞানীসকলে Nuclear Reactors স্থাপন কৰাৰ সিদ্ধান্তত উপনীত হৈছে।

এই পাৰমাণৱিক কেন্দ্ৰৰ জৰিয়তে ৫০০ কিলোৱাট পৰ্যন্ত বিদ্যুৎ উৎপাদন সম্ভৱ হৈ পৰিব বুলি জনাইছে ৰাছিয়াৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰধানগৰাকীয়ে। অৱশ্যে চন্দ্ৰপৃষ্ঠত Nuclear Reactors স্থাপন কৰা কাৰ্য ভবাৰ দৰে সহজ নহয়।

তথাপিও তেওঁলোকে স্বয়ংক্ৰিয় ব্যৱস্থাৰে এই প্ৰকল্প গঢ়ি তুলিবলৈ চেষ্টা কৰিব। এই নিৰ্মাণ কাৰ্যত মানুহৰ প্ৰয়োজন নহ’ব। ইয়াৰ পূৰ্বে নাছায়েও চন্দ্ৰত পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জনাইছিল।

খবৰ অনুসৰি নাছাই ২০২৫ চনৰ ভিতৰত চন্দ্ৰত আৰ্টেমিছ-২ মিছনৰ বাবে সাজু হৈছে। নাছাই প্ৰায় ৪১ কোটি টকা ব্যয়ৰে সাম্ভাব্য পাৰমাণৱিক কেন্দ্ৰৰ গঢ়ি তুলিবলৈ সাজু হৈছে।

ইয়াৰ পিছত ২০২৬ ত নাছাই প্ৰেৰণ কৰিব আৰ্টিমিছ-৩। এই অভিযান ২০২৬ ৰ ছেপ্টেম্বৰত আৰম্ভ কৰাৰ কথা। এই অভিযানৰ জৰিয়তে তেওঁলোকে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। তাৰ পিছত ২০২৮ ত তেওঁলোকে আৰ্টেমিছ-৪ অভিযান চলাব।

যোৱা ২০২১ ত চীন আৰু ৰাছিয়া মহাকাশ গৱেষণা সন্দৰ্ভত এক চুক্তিত উপনীত হৈছিল। সেই চুক্তিতেই দুয়ো ছুপাৰ পাৱাৰ ৰাষ্ট্ৰই পাৰস্পৰিক সহযোগিতাৰে মহাকাশ গৱেষণাৰ বাবে সাজু হৈছিল।

কেৱল নিজৰ বাবেই নহয়, মহাকাশ গৱেষণাৰ বাবে আগ্ৰহী বিশ্বৰ আন দেশও বিচাৰিলে তেওঁলোকৰ সৈতে সংযুক্ত হোৱাৰ বাট মুকলি ৰখা হৈছিল এই চুক্তিত। যিহেতু ভাৰতেও মহাকাশ গৱেষণাত যথেষ্ট বিনিয়োগ কৰিছে, ইছৰোৱে ধাৰাবাহিক গৱেষণা চলাইছে সেয়ে ভাৰতো ইয়াৰ অংশীদাৰ হ'ব বুলি বাতৰি প্ৰকাশ পাইছে। অৱশ্যে ইছৰোৱে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক কথা প্ৰকাশ কৰা নাই।

ইফালে ৰাছিয়াৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ চিৰ প্ৰতিদ্বন্দী নাছায়ো চীন আৰু ৰাছিয়াৰ এনে যৌথ প্ৰচেষ্টাৰ পাছতেই চন্দ্ৰ গৱেষণাক লৈ এই তৎপৰতা দেখুৱাইছে। ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ পিছতে বিশ্ব সমুদায়ৰ সৈতে ক্ৰমান্বয়ে দূৰত্ব বাঢ়ি অহা ৰাছিয়াই ২০২৫ ত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰও ত্যাগ কৰিব।

ইয়াৰ পৰা এটা আন এক কথাও স্পষ্ট হৈছে যে, ৰাছিয়া, চীনৰ এই যৌথ প্ৰকল্পত নাছাৰ স্থান নিশ্চিতভাৱে নাথাকিব। উল্লেখ্য যে, ইতিমধ্যে চন্দ্ৰত আমেৰিকা, চীন, ৰাছিয়াৰ উপৰিও ভাৰতে সফলতাৰে মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিমধ্যে ইতিহাস সৃষ্টি কৰিছে। এই অভিযানত ভাৰতৰ ব্যয় আমেৰিকা, ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ তুলনাত আছিল বহু কম। ইছৰোৱে প্ৰকাশ কৰা মতে ভাৰতৰ এই অভিযানৰ মুঠ ব্যয় আছিল ৬১৫ কোটি টকা।

ভাৰতৰ চন্দ্ৰযান-৩ যোৱা বছৰৰ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ লগে লগে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰা চতুৰ্থ খন দেশ হিচাপে পৰিগণিত হৈছিল। তাৰ পিছত জাপানেও চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণ কৰে।